কৰবীয়ে ঘৰত যোৰ দি আছে তাই গুৱাহাটীত আহে । বাবু দা- মোনা বৌৱেকৰ কেচুৱা হোৱাৰ সময় হৈছে আৰু এইখিনি সময়ত তাই সিহঁতৰ ওচৰত থাকিব বিচাৰে। যোৰহাটীয়া ছোৱালী কৰবীয়ে ফেচবুকতে চিনাকি ধ্রুৱজ্যোতি বড়ো ওর্ফ বাবুক ককায়েক বনাইছে । ইমান দিনে ককায়েকৰ মৰম নোপোৱা কৰবীয়ে বাবুদাৰ পৰা পাইছে মৰম, প্রেৰণা, এক নির্ভৰতা । আৰু কিমান ফুর্টিৰ কথা যে ককায়েকৰ লগত মৰমীয়াল বৌৱেক এজনী পাইছে আৰু ভতিজাও পাব । 

ফেচবুকত এইবোৰ কথাকলৈ বিভিন্ন পোষ্ট দি বাবু দাৰ লগত ধেমালি কৰি থাকে তাই । কেচুৱা হোৱাৰ এক সপ্তাহৰ আগতেই বাবুদায়ে তাইক গুৱাহাটীলৈ অহাৰ কথা ক’লে । তাইৰও যাব মন । পিছে কি হ’ব, ঘৰৰ মানুহেই নুশুনেই তাইৰ কথা । যোৱাৰ কোনো আশা নেদেখি কৰবীয়ে এখন টাৱেল কুৰিয়াৰ কৰি বাবুদালৈ পঠাই দিলে । আৰু ক’লে যে তাইৰ ভতিজাক প্রথম এই টাৱেলখনেৰেহে কোচত লয় । লগতে টেৱেলখনত তাইৰ নামটো লিখি দিব নাপাহৰিলে

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

Also Read

তাই গুৱাহাটী নোযোৱা বাবে বাবুদাই খং কৰিলে । ইফালে তাইও ঘৰত খং কৰি ৰাতি ভাত নাখাই এনেই টিভিৰ সন্মুখত বহি কথাবোৰ ভাবিব ধৰিলে । এটাৰ পিছত এটা টিভিৰ চেনেল চেঞ্জ কৰি যাওঁতেই তাই NEWS LIVE অত দি থকা BREKING NEWSঅত ৰৈ দিলে ।

ডাঙৰ ডাঙৰ আখৰেৰে টিভিৰ পর্দাত লিখি দি আছে “গুৱাহাটীত নাৰীদেহ সৰবাহীক আটক” “ফেচবুকৰ জড়িয়তে যুৱতীক প্রলোভন” … । মুখত টাৱেলেৰ ঢাকি ৰখা এই আটক হোৱা ব্যক্তিজনক যেতিয়া টিভিৰ পর্দাত দেখালে , তেতিয়া কৰবীয়ে চকু ডাঙৰ কৰি দিলে । এই টাৱেলখন তাই বাবু দাদাকলৈ পঠাইছিল, য’ত লিখাই আছে তাইৰ নামটোও…..! তাইৰ যেন সকলোবোৰ ওলট পালট লাগি গ’ল । মোবাইলটো চুব মন নহোৱা হৈ গ’ল । মনৰ ভিতৰতে মাক দেউতাকক ধন্যবাদ দিলে, গুৱাহাটীলৈ যাব যে নিদিলে তাইক….

(আপোনাৰ ফ্রণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ‘বাবু দা’ । সাৱধান । )

-B.n.Rupam

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *