কৰবীয়ে ঘৰত যোৰ দি আছে তাই গুৱাহাটীত আহে । বাবু দা- মোনা বৌৱেকৰ কেচুৱা হোৱাৰ সময় হৈছে আৰু এইখিনি সময়ত তাই সিহঁতৰ ওচৰত থাকিব বিচাৰে। যোৰহাটীয়া ছোৱালী কৰবীয়ে ফেচবুকতে চিনাকি ধ্রুৱজ্যোতি বড়ো ওর্ফ বাবুক ককায়েক বনাইছে । ইমান দিনে ককায়েকৰ মৰম নোপোৱা কৰবীয়ে বাবুদাৰ পৰা পাইছে মৰম, প্রেৰণা, এক নির্ভৰতা । আৰু কিমান ফুর্টিৰ কথা যে ককায়েকৰ লগত মৰমীয়াল বৌৱেক এজনী পাইছে আৰু ভতিজাও পাব ।
ফেচবুকত এইবোৰ কথাকলৈ বিভিন্ন পোষ্ট দি বাবু দাৰ লগত ধেমালি কৰি থাকে তাই । কেচুৱা হোৱাৰ এক সপ্তাহৰ আগতেই বাবুদায়ে তাইক গুৱাহাটীলৈ অহাৰ কথা ক’লে । তাইৰও যাব মন । পিছে কি হ’ব, ঘৰৰ মানুহেই নুশুনেই তাইৰ কথা । যোৱাৰ কোনো আশা নেদেখি কৰবীয়ে এখন টাৱেল কুৰিয়াৰ কৰি বাবুদালৈ পঠাই দিলে । আৰু ক’লে যে তাইৰ ভতিজাক প্রথম এই টাৱেলখনেৰেহে কোচত লয় । লগতে টেৱেলখনত তাইৰ নামটো লিখি দিব নাপাহৰিলে
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
Also Read
তাই গুৱাহাটী নোযোৱা বাবে বাবুদাই খং কৰিলে । ইফালে তাইও ঘৰত খং কৰি ৰাতি ভাত নাখাই এনেই টিভিৰ সন্মুখত বহি কথাবোৰ ভাবিব ধৰিলে । এটাৰ পিছত এটা টিভিৰ চেনেল চেঞ্জ কৰি যাওঁতেই তাই NEWS LIVE অত দি থকা BREKING NEWSঅত ৰৈ দিলে ।
ডাঙৰ ডাঙৰ আখৰেৰে টিভিৰ পর্দাত লিখি দি আছে “গুৱাহাটীত নাৰীদেহ সৰবাহীক আটক” “ফেচবুকৰ জড়িয়তে যুৱতীক প্রলোভন” … । মুখত টাৱেলেৰ ঢাকি ৰখা এই আটক হোৱা ব্যক্তিজনক যেতিয়া টিভিৰ পর্দাত দেখালে , তেতিয়া কৰবীয়ে চকু ডাঙৰ কৰি দিলে । এই টাৱেলখন তাই বাবু দাদাকলৈ পঠাইছিল, য’ত লিখাই আছে তাইৰ নামটোও…..! তাইৰ যেন সকলোবোৰ ওলট পালট লাগি গ’ল । মোবাইলটো চুব মন নহোৱা হৈ গ’ল । মনৰ ভিতৰতে মাক দেউতাকক ধন্যবাদ দিলে, গুৱাহাটীলৈ যাব যে নিদিলে তাইক….
(আপোনাৰ ফ্রণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ‘বাবু দা’ । সাৱধান । )
-B.n.Rupam
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋