UFO দেখা অসমীয়া মহিলাগৰাকী UFO Sightings In Assam -The Story Of An
Assamese Lady
সৌৰজগতৰ অনেক ৰসহ্য আজিও মানুহে উদঘাটন কৰিবলৈ আছে ৷ অতীজৰেপৰা মানুহে সৌৰজগতৰ
বিষয়ে কিছুমান আলৌকিক কথা কৈ হাঁহিয়াতৰ পাত্ৰ হৈছিল কিন্তু সময়ৰ লগে
লগে তেনে বহু কথা বিজ্ঞানেে প্ৰমাণ কৰিছে ৷ কেৱল সেয়ে নহয় আমি সাধাৰণ
লোকে কোৱা কিছুমান এনে কথাত মানুহে হাঁহে অথচ তাকে যদি কোনো বিজ্ঞানী বা
ডাক্তৰে কয় সেই কথা মানি লয় আৰু প্ৰচাৰো কৰে ৷ যোৱা কেইমাহমানৰ আগত নিউজত এটা
বাতৰি প্ৰচাৰ হৈছিল যে উজনি অসমৰ কোনো ঠাইত এলিয়েন মানে বহিজগতৰ যান মানে
UFO দেখা গৈছে ( ufo sighting over assam ) ৷
যোৰহাটৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে এই কথা মিডিয়াক জানিব দিয়ে ৷
ঘটনাটো ঘটিছিল আমাৰ ঘৰৰ পাছফালে ৷ সেইদিনা ৰাতি প্ৰায় ১১ মান বজাত
মই সকলোৰে ভাত খোৱা হলত বাহিৰত থকা ডাষ্টবিনটোত জাবৰ পেলাব গৈছো ৷
ৰাষ্টাতে এডাল তাঁৰ থকাত অলপ হাউলি যাব লগা হল ৷ ওপৰলৈ উঠোতে আকাশৰ ফালে
কিবা জিলিকি থকা যেন পালো ৷মনযোগেৰে চাবলৈ ধৰিলো। প্ৰায়ে টিভিত মাজে মাজে
সম্প্ৰচাৰ কৰা ufo বিষক ডকুমেন্টেৰী বোৰত দেখুওৱা ধৰণ এটা বস্ত। মানে মোৰ মতে
এলিয়েন ষ্পেচচিপ ৷
মই লগে লগে চিঞৰি চিঞৰি মোৰ মানুহজনক মাতিলো ৷ তেখেতে মোক বিশ্বাস নকৰি
কলে এইবোৰ এনেই পোহৰ তুমি তিলকে তালটো দেখা ৷ একেঠাইতে ৰৈ লাইটোবোৰে জ্বলোৱা
নমোৱা হোৱাত মই যেতিয়া সকলোকে মাতিলো প্ৰায় ৫ মিনিট সময় সকলোৱে দেখিলে ৷
চিঞৰ বাখৰবেছি হোৱাত স্পেচচিপখনৰ লাইটবোৰ অফ হৈ গল ৷ সকলোৱে মোক বিশ্বাস কৰি শলাগিছে।
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
হঠাৎ তীব্ৰ বেগেৰে আকাশৰ ফালে একোৰা জুই গুচি যোৱা সকলোৱে দেখিলে
৷ মই লগে লগে মোৰ কেইজনমান মিডিয়াৰ লগত জড়িত দাদালৈ ফোন লগালো ৷ ৰাতি বহুত
হৈছিল কোনো ফোন ৰিচিভ নকৰিলে ৷আকৌ কাক জনাও কাক নজনাও ভাবি মোৰ ফেচবুক ফ্ৰেণ্ড
ড° প্ৰনবজ্যোতিলৈ মেচেজ কৰিলো ৷
তেখেত যোৰহাত বিজ্ঞানাগাাৰৰ বিজ্ঞানী ৷ মোৰ এক্সাইটমেন্টত ইয়াৰ ফটো লোৱা
নহল ৷ মানুহজনে বহু ৰাতিলৈকে মোবাইল লৈ বহি থাকিল ৷ ২য়বাৰলৈ একো দেখা নাপালো।
একো নেদেখি শেষত শুই পৰিলো। পিছদিনা ৰাতিপুৱা মেচেজত চাৰৰ নঃ টো দিলে ৷ লগালগ
মই ফোন কৰি সবিশেষ কলো ৷ চাৰে জানিব দিলে যে ৰাতি ১১:৪৫ মানত
তেওঁলোকৰ ঘৰৰ ওপৰেৰে কিবা বিকৎ শব্দ কৰি কিবা এটা পাৰ হোৱা গম পাই
বাহিৰলৈ আহিও একো দেখা নাপালে ৷ মই কলো যে আমি দেখোঁতে কোনো শব্দ শুনা
নাছিলো যিদও দুৰৈত যেন বিমান গৈ আছে তেনে শব্দ শুনিছিলো৷ ৰাতি দিয়া আপডেট আৰু
পুৱা সবিশেষ এফ বিত দিয়াত হাজাৰজনৰ হাজাৰটা কথা ৷
অৱশ্যে মোৰ দৰে আন বহুতে বিভিন্ন ঠাইত সেইদিনা আৰু দেখা পোৱা খবৰ পাওঁ৷ দুদিনমান পিছত নিউজত চাৰৰ আৰু আন
দুজন ব্যক্তিৰ সাক্ষাৎকাৰ লয় লগতে চাৰে মোৰ নাম উল্লেখ কৰি সকলো কয় ৷
মিডিয়াত চৰ্চাত আহিম বুলি বহুতে মন্তব্য কৰি মোক উপলুঙাও কৰিলে ৷
কিন্তু যিয়েই যি নকওঁঁক মই নিজকে ভাগ্যৱান বুলি ভাবো আৰু এলিয়েনক লৈ যি কথা
কোৱা হয় তাক মই বিশ্বাস কৰোঁ ৷ মোক মানুহে হাঁহে কিন্তু ষ্টিফেন হকিন্সৰ
থিঅ’ৰি মানুহে নুই কৰিব নিবিছাৰে৷ কোনো কোনোৱে কব খোজে সেইখন
এৰোপ্লেন বুলি ৷ কোনোবাই গছৰ গাতে লাগি যদি ৰৈ থকা এৰোপ্লেন দেখিছে তেন্তে
মোৰেই ভূল হল ৷ আনকি যোৱা সপ্তাহ সেই গছজোপা ক্ৰমে মৰিবলৈ ধৰাত কাটি পেলোৱা হল
৷ যদি মোৰ দৰে যোৱা এপ্ৰিল মাহত এই ঘটনা প্ৰত্যক্ষ কৰা কোনোবা আছে জনাব ৷
আন্জুম আৰা খাতুন
Join The Community
Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋
বিশ্বাস কৰিব পৰা নাই।
মই বিশ্বাস কৰো
Moiu dekhisu. Hosa hoi
Moi u dekhisu.. Hosa hoi..