Assamese Vutor Short Story | Story In Assamese Language
পৰীক্ষা দিবলৈ প্ৰথমবাৰ গুৱাহাটিলৈ আহিছো তাকো অকলে ।বন্ধু অৰুপলৈ ফোন কৰিবলৈ বিচাৰোতে দেখিলো ফোনটোৰচাৰ্জ শেষ । তাৰ ঘৰ কোনখিনিত নাজানো । অৱশেষতঠিৰাং কৰিলো যে আজি ৰাতিটো কোনোবা হোটেল এখনতথাকি পুৱা পৰীক্ষা দি বন্ধুৰ ঘৰ বিচাৰিম । এইবুলি ভাবি প্ৰায় পাঁচখনমান হোটেললৈ গ’লো । নাই, কতো খালী ৰূম নাই ।যি দেখিছো ৰাতিটো ফুটপাথতে কটাব লাগিব ভাবি ভাবি খোজকাঢ়ি গৈ আছিলো । তেনেতে এজন ৰিক্সাচালকে মোক ক’ত যায় সুধিলে । মই সকলো কথা বিৱৰি কলো । সি ক’লে যে সি মোক এখন হোটেললৈ লৈ যাব য’ত ভাৰাও কম আৰু নিৰাপদো । পানীত ডুবিবলৈ ধৰা মানুহে খেৰ কুটা এডালকে সাৰথী হিচাপে লোৱাৰ দৰে মইও বিনা দ্বিধাই সন্মত হ’লো । সি মোক এটা নিজান গলিয়েদি লৈ গৈ আছে । কিন্তু কিয় জানো এক অজান আশংকাত মোৰ বুকু কপি উঠিছিল । কোনোবাই যেন মোক কাণে কাণে কৈছে- তই মৃত্যুৰ মুখলৈ গৈ আছ । সোনকালে ৰিক্সাৰ পৰা নামি যা নামি যা….।
-: আৰু কিমান দূৰ আছে হে– মই সুধিলো ।
-: এই পালোহিয়েই দাদা,–
এইবুলি সি ৰিক্সাখন ৰখাই এখন হোটেল দেখুৱালে । দেখিলো এখন দুমহলীয়া হোটেল । লিখা আছে ‘হোটেল
মনালিচা’ । ৰিক্সাখনৰ পৰা নামি অলপ হোটেলখন লক্ষ্য কৰিলো । পিছত মানিবেগৰ পৰা বিশ টকা এটা উলিয়াই ৰিক্সাচালকজনক দিবলৈ লৈ দেখো যে ৰিক্সাখন নাই । হয়টো ৰিক্সাচালকজনৰ দেৰি হোৱা বাবে নাইবা মোৰ অৱস্থালৈ দয়া ওপজা বাবে টকা নোলোৱাকৈ গুচি গ’ল । বিশেষ একো নাভাবি মই হোটেলখনলৈ গ’লো । গম পালো খালী ৰূম এটা আছে ওপৰ মহলাত । ৰূম নম্বৰ ১৩ । ভাৰা দুশ টকা । ধুনীয়া ৰিচেপচনিষ্ট গৰাকীয়েই মোক ৰূমটোলৈ লৈ গ’ল ।
ৰুমটোত সোমায়েই দেখিলো এখন বিচনা বগা বিচনা চাদৰেৰে পাৰি থোৱা । দিনটোৰ ভাগৰবোৰে যেন মোক এতিয়াহে হেচা মাৰি ধৰিলে । বিচনাখনত অলপ সময় বাগৰ দিলো । খন্তেকতে টোপনি গলো । কিমান সময় শুই আছিলো নাজানো, হঠাৎ কিছুমান শব্দত সাৰ পাই উঠিলো । ঘড়ীটোলৈ চাই দেখিলো সময় তেতিয়া ২ বাজি ৩০ মিনিট হৈছেহি । শব্দবোৰ কাষৰ ৰূমটোৰ পৰা অহা যেন
লাগিছে । অলপ সময় কাণপাতি শুনিলো । অনুমান হ’ল পতি-পত্নীৰ কাজিয়া । কিবা কথাত তেওঁলোকৰ মাজত কাজিয়া হৈছে ।অলপ পাছত বন্দুকৰ গুলিৰ শব্দৰ লগতে নাৰীকন্ঠৰ মৰণ কাতৰ চিঞৰ শুনা পালো । মোৰ সৰ্বশৰীৰ জ্বৰে ঘমা দি ঘামিব ধৰিলে । ওহো এনেকৈ থাকিলে নহ’ব । কথাটো তলত জনাব লাগিব বুলি ভাবি ৰূমৰ দুৱাৰ খুলি বাহিৰলৈ ওলালো । কৰিডৰ (Corridor) টোত কম ভল্টেজৰ নীলা বাল্ব দুটামান জ্বলি আছিল । দেখিলো এজন মানুহে উন্মাদৰ দৰে আন ৰূমবিলাকৰ দুৱাৰত গুৰিয়াই ভাঙি বন্দুকেৰে গুলিয়াই গৈছে । লগে লগে মৰণ কাতৰ চিঞৰ শুনা গৈছে । মই ভগৱানৰ নাম লৈ ফুলদানিটোৰ আৰঁত লুকালো । মানুহজনে মোক নেদেখিলে । মোৰ ৰুমটো সোমাই মানুহজনে সম্ভৱতঃ মোক বিচাৰিছিল । মোক বিচাৰি নাপাই খঙত ওলাই গৈ আনটো ৰুম গুৰিয়াই সোমাই গ’ল । কোনোবাই যেন মোৰ কাণে কাণে ক’লে- “পলা পলা যদি বাচি থাকিবলৈ মন আছে” । মই মাত্ৰ চেকুৰিছো চিৰিখনৰ ফালে । বাটতে আগতে লগ পোৱা ৰিচেপচনিষ্ট গৰাকীক লগ পালো । তাইৰ দেহো তেজেৰে ৰাঙলী । সেহাই সেহাই তাইক পুলিচক খবৰ
দিবলৈ ক’লো । কিন্তু মোক আচৰিত কৰি তাই এটা প্ৰকাণ্ড অট্টহাস্য কৰি ক’লে –
-: চাৰ, পুলিচক খবৰ দি কি লাভ হ’ব ? সি মোকো গুলিয়ালে ।
এইয়া চাওঁক মোৰ হাওঁফাওঁৰ মাজেৰে গুলি পাৰ হৈ গৈছে – এইবুলি তাই হাতেৰে বুকুত সুমুৱাই হাওঁফাওঁটো টানি উলিয়াই আনিলে । দেখিলো সেইটো এতিয়াও ঢিপ ঢিপ কৰি আছে । বুজি পালো মই এটা অভিশপ্ত ঘৰত আহি বন্দী হলোহি । মই মাত্ৰ চেকুৰিছো চিৰিখনৰ ফালে । অৱশেষত চিৰিখন পালোহি । তললৈ নামিবলৈ লৈ দেখো যে চিৰিখন তলৰ পৰা ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে । পিছলৈ ঘুৰি চাই দেখিলো ৰিচেপচনিষ্ট গৰাকী আৰু বন্দুক লোৱা মানুহজন ক্ৰমান্বয়ে মোৰ ফালে আগুবাই আহি আছে । দুয়োৰে ভয়ংকৰ (কৃন্তক) দাঁতবোৰ বাহিৰলৈ ওলাই আহিছে । কোনো চিন্তা নকৰি চিৰিখনৰ ফালে জাপ মাৰি দিলো, তাৰ পাছত মোৰ একো মনত নাই । কাৰোবাৰ গুণগুণনি শুনি চকু মেলি চাই দেখিলো মোক আৱৰি মোৰ বন্ধু অৰূপ, তাৰ পৰিবাৰ, এজন তান্ত্ৰিক আদি কৰি প্ৰায় ১০ জনমান মানুহে উৎকন্ঠাৰে চাই আছে । গম পালো মই হেনো সম্পূৰ্ণ ২৪ ঘন্টাৰ পাছতহে জ্ঞান ঘুৰাই পাইছো । সকলোৱে মোৰ কি হৈছিল জানিব বিচাৰিলে । সকলো বিৱৰি কলো । তেওঁলোকে কলে অৰূপে হেনো মোক আনিবলৈ ৫.৩০ ৰ পৰা ৰৈ ৰৈ মই নহা দেখি গুচি আহিছিল । মোলৈ ফোন কৰি Switch Off পালে । অলপ বজাৰ সমাৰ কৰি ঘুৰি আহোতে হেনো ৰাতি প্ৰায় ১১ মান বাজিছিল । নিজৰ বাইক আছিল বাবে চিন্তা নাছিল । আহোতে কিছুমান মানুহৰ জুম দেখি সোমাই যাওতে মোক সেই অভিশপ্ত হোটেলখনৰ আগৰ ৰাস্তাত পৰি থকা দেখি ৰূমলৈ লৈ আনি তান্ত্ৰিকৰ হতুৱাই জৰা ফুকা কৰাই মোক ভাল কৰালে । সেই হোটেলখনত হেনো প্ৰায় এবছৰমান আগতে এটা ৰূম এহাল দম্পতীয়ে ভাৰালৈ লৈছিল এৰাতিৰ বাবে । কিন্তু কিবা কথাত দম্পতীহালৰ মাজত কাজিয়া হোৱাত স্বামীজনে পত্নীক তেওঁৰ পিষ্টলেৰে গুলিয়াই হত্যা কৰিলে । শব্দ
শুনি ৰিচেপচনিষ্টকে আদি কৰি কাষৰ ভাৰাতীয়া সকলে তেওঁক বাধা দিবলৈ যাওঁতে তেওঁলোককো গুলিয়াই হত্যা কৰি অৱশেষত নিজেও মূৰত গুলিয়াই আত্মহত্যা কৰিলে । তেতিয়াৰ পৰাই সেই হোটেলখন বন্ধ হৈ আছিল । সেইফালে মানুহ দিনতে যাবলৈ ভয় কৰে । ৰাতি হ’লে হেনু তাৰ পৰা নাৰীকন্ঠৰ চিঞৰৰ লগতে বন্দুকৰ শব্দ শুনা যায় । কাৰোবাৰ দিন বাৰ বেয়া হ’লে হেনো এজন ৰিক্সাচালকে তালৈ ফুচুলাই আনি শেষত হত্যা কৰে । এতিয়ালৈ মুঠতে হেনো তিনি জনক হত্যা কৰা হৈছে । মোৰ ইষ্ট দেৱতা ভাল থকা বাবেহে হেনু ৰক্ষা পৰিলো । কথাবোৰ শুনি পুনৰ মোৰ মূৰ ঘুৰাবলৈ ধৰিলে । পুনৰ মই অজ্ঞান হৈ পৰিলো ।-সঞ্জীব দাস
Join The Community
Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋