:- কি কৰিছা?
:- হেডফোনত গান বজাই অকলে নাচি আছো ৷
:- এ কি কোৱা? ঘৰত অকলে আছা নেকি?
:- নাই মা-দেউতাহত আছে ৷
:- কৈ দিওঁ ৰ’বা মাক, তুমি নাচি থকা বুলি ৷
:- এ নক’বা নক’বা ৷
:- কিয় ? কিয়?
:- মাহতে নাচি থকা বুলি গম পালে মাহতকও শিকাব
লগা হ’ব ৷
:- হেঃ হেঃ কিছু জমনি আছা তুমি ৷
:- থেংকইউ ৷
:- ৱেলকাম ৷
:- নমস্তে লণ্ডণ ৷
:- মানে??
:- অক্ষয় কুমাৰৰ চিনেমাৰ নাম আকৌ…
:- হেঃ হেঃ পাগল হৈছা তুমি !
:- পাগল হ’ব লাগে নেকি? পাগলে হয় মই ৷
:- জানু ৷
:- আইজো ……… মোক জানু বুলি মাতিলা ৷
:- ধেই…
:- ধিক ধাক ধেই……
:- এ ফাল্টুমি এৰা ৷ কিবা লিখা না… মোক লৈ… ৷
:- ৰ’বা…………
‘মোৰ বুকুত
সোঁৱৰণিৰ শতখিলা সৰাপাত
ফাগুন হৈ
পচোৱা লৈ
পোনাবাচোন মোৰ বুকুলৈ বাট’
:- ৱাহঃ ৷ মই পিছে গল্পৰ দৰে হে লিখিবা বুনি ভাবিছিলো !
:- গল্প !! তোমাৰ-মোৰ কাহিনীটো লিখো দিয়া?
:- লিখা ৷
:- ক’ত শেষ হ’ব আমাৰ গল্পটো!!
:- ক’ত?
:- তুমি মোক মেচেজ দিবা–“মোৰ বিয়া ঠিক হ’ল……
দৰা……! আজিৰ পৰা আমাৰ সম্পৰ্ক শেষ ……… ৷ মনত
থাকিবা তুমি…… পাহৰিব নোৱাৰো ‘তুমি’
ভৰা দিনবোৰ………… ৷”
:- উম !!
:- তোমাৰ কইনাৰ ওৰণিৰ তলত মোৰ বাবে সৰিব
নে দুটোপাল চকুলো???
:- উম ৷
:- যেতিয়া তোমাক এক বাহু-বান্ধোনেৰে সাৱতি ধৰিব…
চকুত ভাহিবনে ‘অনুৰাধা’ৰ ‘এক ভিলেইন’ৰ ‘তু
মেৰা হামদৰদে হে…’ সেই ক্ষণটো??
:- উম… উম… ভাহিব ভাহিব জানটো……
:- যেতিয়া মই কোৱা কথাবোৰ, আমাৰ ধেমালীবোৰ মনত
পৰিব ওঁঠত ফুলিব নে তোমাৰ সূৰ্যমূখী হাঁহি!!
:- তুমি মোৰ বাবে এটি সুখৰ মুদ্ৰা … ৷ মোৰ জীৱন-
যৌৱনৰ আটাইতকৈ স্পিচিয়েল তুমি…… জীৱনৰ শেষ
ক্ষণটোলৈ তুমি এইদৰে স্পিচিয়েল হৈ থাকিবা ৷
:- তেতিয়া হ’লে The End নাই আমাৰ কাহিনীৰ… আমাৰ
প্ৰেমৰ… ৷ ‘to be continue’ এই কাহিনীৰ… এই
প্ৰেমৰ……
:- উম… to be Continue…
-b.n.rupam
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋