ভূতে ধৰা বা পচেচ কৰা কি Indian Paranormal Society ৰ Gaurav Tiwari ৰ এটা গল্প
“মই সকলোকে মাৰি পেলাম যিয়ে মোৰ ৰাষ্টাত বাধা দিয়ে “, ছোৱালী জনীয়ে মতা মানুহৰ কণ্ঠ উলিয়াই চিঞৰি আছিল। হাত ভৰি ৰচীৰে সৈতে তাইক বিচনাত বান্ধি থোৱা হৈছে। চাৰিওফালে থকা মানুহবোৰে চিন্তামগ্ন আৰু ভয়াৰ্ত চকুৰে তাইৰ কথাবোৰ শুনি আছে। মাকজনীয়ে কাষত বহি কপা কপা মাতেৰে ‘বজৰং বান’ আওৰাই আছে যাতে ছোৱালীজনী নৰ্মেল অবস্থালৈ আহে।
“মই এই ছোৱালীজনী মোৰ লগত লৈ যাম আৰু সেই মানুহবোৰকো মাৰিম যিয়ে মোক বাধা দিবলৈ আহিব। “, তাই আকৌ ভয়লগা কন্ঠেৰে চিঞৰি উঠিল।
মই তাইৰ মাক দেউতাকক সুধিলো বিষয়টো কি ..
“তাইক ভূতে ধৰিছে। “, তাইৰ দেউতাকে মোৰ কাণত ফুচফুচাই কলে। মোৰ লগত কৰিবলগীয়া একো বিশেষ নাছিল যিহেতু মই পচেচনক উন্মাদগ্ৰস্ত পৰিঘটনা বুলি মানিছিলো।
মোক তালৈ তাইৰ ভায়েকে মাতি পঠিয়াইছিল কিয়নো তেও জানিছিল মই কেইবা বছৰ ধৰি Paranormal Investigations হিচাপে কাম কৰি আছো। মই বহুতো হান্টেড লকেচনবোৰত গৈছো। ভূতৰ ওপৰত বৈজ্ঞানিক সাৰঞ্জামৰে ৰিচাৰ্ছ কৰিছো কিন্তু এয়া প্ৰথম অভিজ্ঞতা যত মই ভূতৰ দ্বাৰা পেচচড হোৱা মানুহ দেখিছো।
তাইৰ মুখখন শেতাঁ পৰি গৈছে, চকুকেইটা গাতত সোমাই পৰিছে। মুখমণ্ডলত কিচু ভয়াৰ্ত অভিব্যক্তি প্ৰকাশ পাইছে।
ৰচীবোৰ ছিঙি ওলাই আহিবলৈ তাই চেষ্টা কৰি আছিল। মই কাষলৈ গলো। তাই আকৌ চিঞৰিলে। ” মই তোক মাৰি পেলাম জাৰজ “..
একমাত্ৰ কামটো যিটো মই কৰিব পৰা আছিলো সেয়া হল হাহি। মই যেতিয়া হাহি মাৰি তাইৰ চকুলৈ চালো তাই সম্পূৰ্ণ লৰাৰ মাতেৰে চিঞৰিলে,.. “মই তোক মাৰি পেলাম। মাক*****… ইয়াৰ পৰা ওলাই যা। মই জানো তই কিয় ইয়ালৈ আহিছ। বাহিৰ হ নহলে তোৰ পৰিয়ালটোকো মই ধংস কৰিম। ”, এই কথাবোৰ এনেকুৱা আছিল যিবোৰ শুনি যিকোনোৱে ভয়ত পেন্টত প্ৰস্ৰাৱ কৰিব। এইবোৰ কি হৈছে বুলি মই নিজে বিস্মিত হৈ পৰিলো।
মই মৰমেৰে তাইৰ মুৰটো চুই কলো, “কোন তুমি আৰু কিয় এই ছোৱালীজনীৰ তাত আছা ?”
“মই অজিত, এই ছোৱালীজনী মোৰ সৈতে নিম ”, তাই বিচনাত মুৰটো আচোৰ মাৰি উত্তৰ দিলে .
মই তাইৰ মুৰটো বিচনাত হেচি ধৰি তাইৰ চকুলৈ নিবন্ধ দৃষ্টিৰে চাই কলো, , “মই গৌৰব . ইয়ালৈ তোমাক সহায় কৰিবলৈ আহিছো। মই স্পিৰিটৰ বিষয়ে শিকি আছো আৰু সিহঁতক সহায় কৰাৰ চেষ্টা কৰো।তোমাক মই কেনেকৈ সহায় কৰিব পাৰো। ?”
“মই এগিলাচ তেজ খাব বিছাৰো”, তাই কলে .
কথাটো শুনি তাইৰ মাকে হাওৰাৱে কান্দিবলৈ আৰম্ভ কৰিলে.মই সকলোকে মাকক ৰুমটোৰ বাহিৰলৈ নিবলৈ কলো। .
মই পুনৰাই কলো , “স্পিৰিটে কেতিয়াও তেজ নাখায়। যদি তুমি সঁচাকৈ স্পিৰিট তেন্তে কোৱা অজিতৰ বিষয়ে তুমি কি জানা? “
কিন্তু তাই আছিল আকোৰগোঁজ। তাইক এগিলাচ তেজৰ খাবলৈ দিয়াৰ পিছত হে কিবা উত্তৰ দিম বুলি কৈছিল। .
কোনো প্ৰকাৰে মই তাইক সৈমান কৰিব নোৱাৰিলো। I মই তাইৰ দেউতাকক বাহিৰলৈ মাতি আনিলো আৰু কথা পাতিবলৈ আৰম্ভ কৰিলো। তেও যিবোৰ কথা কলে সেইবোৰে মোৰ মনত এটা ধুনীয়া আইডিয়াৰ সৃষ্টি কৰিলে। মই ৰুমটোত থকা সকলোকে বাহিৰলৈ ওলাই আহিবলৈ কলো। মই অকলে ৰুমটোলৈ গলো আৰু মোৰ লেপটপটোত এটা হিপ্নোটিক মিউজিক প্লে কৰিলো।
মই লঘু শব্দৰে তাইক কলো, “অজিত মই জানো তুমি এই ছোৱালীজনীক বহুত ভালপোৱা। নহয়নে বাৰু?”
তাই কান্দিবলৈ ধৰিলে আৰু লগে লগে চিঞৰি উঠিল। , “মই ছোৱালীজনীক ভাল পাইছিলো আৰু তাইয়েই মোৰ মৃত্যুৰ কাৰণ। সেয়ে মই তাইক মোৰ লগত লৈ যাম। মই তাই মৰাটো বিছাৰো। “
মই তাইৰ মুৰত মৰমেৰে হাত বুলালো আৰু কলো , “মই জানো কি হৈছিল। কিন্তু প্ৰেম চিৰযুগমীয়া। সি যেতিয়া তোমাক প্ৰত্যাখান কৰিছিল তুমিয়েই তো নিজে চুইচাইড কৰিছিলা। যদি তুমি সচাকৈয়ে ভালপোৱা তুমি অপেক্ষা কৰিলাহেতেন। তুমি তাইক তোমাৰ ভালপোৱা প্ৰমাণ দিয়া উচিত আছিল . .”
তাই হাত ভৰি লৰচৰ কৰি ৰচীবোৰ চিগিবলৈ চেষ্টা কৰিলে। মই আকৌ কলো,” শান্ত হোৱা। মই তোমাক সহায় কৰিবলৈ আহিছো। যদি তুমি ছোৱালীজনীক ভালপোৱা তেন্তে তুমি গুচি যোৱা যত তুমি আগতে আছিলা। ভালপোৱা সেয়াই যিয়ে তেওঁৰ আপোনজন সুখত থকাটো চাব পাৰে। নিজৰ সুখৰ বাবে প্ৰিয়জনক কষ্ট দিয়াটো ভালপোৱা নহয়।”
মই দেখিছিলো তাইৰ চকুৰে চকুপানী বৈ আহিছে। মোৰ কথাবোৰে কামত দিছিল বাবে সুখী হৈছিলো। I
“মই জানো অজিত, তুমি এজন ভাল লৰা আছিলা আৰু এটা সময়ত এই ছোৱালীজনীক তুমি নিজৰ জীৱনটোতকৈয়ো বেছি ভাল পাইছিলা। কিন্তু তোমাৰ এতিয়া কি হল? তুমি তাইক নৰকৰ দৰে যন্ত্ৰণা দি আছা আৰু মাৰিবলৈ খোজা। তোমাৰ অনুতাপ হোৱা নাইনে মনত?”
তাই চকুটো মুদি দিলে
“তুমি যত আছিলা তালৈ যোৱা অজিত। এই ছোৱালীজনী সুখী হব যদি তুমি তাইক ভাল পোৱা। যোৱা তুমি”.
তুমি এটা পোহৰৰ সুৰংগ দেখিছা নে যিয়ে তোমাক মাতি আছে ? সেয়া তোমাৰ মুক্তিৰ পথ। গুচি যোৱা অজিত . যেতিয়া এই মিউজিক বন্ধ হব তুমি বহু দুৰলৈ গুচি যাবা আৰু তাতেই তোমাৰ শান্তি আছে। ছোৱালীজনী জীৱনত সুখী হোৱাৰ অধিকাৰ আছে যিহেতু তুমি তাইক ভালপোৱা। .”
তাই শান্ত হৈ পৰিল। আৰু যেতিয়া মিউজিক বন্ধ হল তাই চকুটো মেলিলে আৰু সেহাই সেহাই কলে,” মা…. পানী…. “
মই সুখী হৈছিলো যে অজিতৰ ভূতটোৱে তাইক এৰি গুচি গৈছে। মোৰ হিপ্নোটিক বাক্যবোৰে কামত দিছিল।
মই তাইৰ মাক দেউতাকক ইয়াৰ পিছত তাইক মেডিকেল চেকআপ কৰিবলৈ পৰামৰ্শ দিলো।
কিন্তু এই কথাবোৰে মোক ভাবিবলৈ বাধ্য কৰিলে সকলো পচেচনত নিজৰ মনৰ অনুশোচনাৰ বা ভয়ে যিয়ে আমাৰ অৱচেতন মনটোৰ ওপৰত অধিকাৰ কৰে। “
এই ছোৱালীজনীৰ ক্ষেত্ৰত হৈ যোৱা অতীতৰ ঘটনাৰ অনুতাপ আৰু ভয়ে তাইক মনটোক গ্ৰাস কৰি পেলাইছিল .
তাইৰ দেউতাকে মোক কৈছিল যে ৮ বছৰ আগেয়ে , তাইৰ ক্লাছমেট এজন, যাৰ নাম আছিল ‘অজিত ‘ তাইক প্ৰপোজ কৰিছিল। .যেতিয়া তাই প্ৰত্যাখ্যান কৰিলে সি বিহ খালে আৰু মৰিল।
তাই হয়তো তাৰ বিষয়ে ভাবিবলৈ ধৰিলে যিয়ে তাইৰ মনত অজিতৰ ভূতটোৱে তাইক পেচেচ কৰাৰ ভয় এটাক জন্ম দিলে। যেতিয়া সময় আহিল তাইৰ দুৰ্বল অৱচেতন মনটোৱে তাইৰ মনটো লৈ ললে আৰু তাইক পচেচ কৰাৰ অনুভৱ দেখুৱালে।
মই বিশ্বাস কৰো যে ভূতে ধৰা বা পচেচন নিজে তৈয়াৰ কৰা এটা বস্তু।
সাধাৰণ মানুহ হিচাপে আপুনি মই সকলো পচেচ হব পাৰো যদিহে আমি আমাক নিজৰ ওপৰত বিশ্বাস নাথাকে। ভূতেই একমাত্ৰ মানুহক পচেচ নকৰে। মানুহেও কৰে।
উদাহৰণস্বৰূপে আপুনি এটা কথা মন কৰিবচোন, এজন লৰাই পাগলৰ দৰে গভীৰ ভাবে এজনী ছোৱালীক ভাল পায়?
সেই লৰাজনে ছোৱালীজনীৰ দ্বাৰা বশীভুত বা পেচেচ হোৱা নাই নে?
আমি মাত্ৰ পচেচ হোৱাটো বন্ধ কৰিব পাৰো যদি নিজে নিজক পচেচ কৰো। আৰু বিশ্বাস কৰো আমি কোন?
লিখাঃ Gaurav Tiwari, January ২০১০
(ইণ্ডিয়ান পেৰানৰ্মেল চোছাইটি)
ভাবানুবাদ স্বপ্ননীল আকাশ