Most Romantic Assamese Love Story You Should Not Miss|Assamese Story Pdf

Most Romantic Assamese Love Story You Should Not Miss

স্মাৰ্ট হ’লেনো কি লাভ হব, যদি এৰিয়েই গুচি যায় – Assamese Love Story 

মোৰ প্ৰথমা পত্নী বিয়াৰ পিছত যেতিয়া মোক এৰি অন্য এজন লৰাৰ সৈতে প্ৰেম আৰম্ভ কৰিলে আৰু শেষত পলাই গল মই তাইক দুটা মাত্ৰ  প্ৰশ্ন কৰিছিলো,”তুমি কি এতিয়া সুখীনে?
তাই  কৈছিল ” ইয়েচ মিষ্টাৰ, আই এম চচচচচ হেপ্পী!”
তাইক আৰু এটা  প্রশ্ন কৰিছিলো ,” মোৰ ওপৰত তোমাৰ কিবা অভিযোগ আছে নেকি ?”
তাই কৈছিল” নাই একো  নাই ।”
মই মিচিকিয়া হাহি মাৰি কৈছিলো,” অভিযোগ নিশ্চয় আছে, নহলে তুমি মোক এৰি নোযোৱা।”
“তুমি  দেখিবলৈ মুঠেও স্মার্ট নহয়, কথাৰ ধৰণ ভাল নালাগে, একেবাৰে গাওলীয়া, মোৰ এতিয়াৰ এখেতক চাবা তুমি তেওঁৰ ভৰি ধোৱা পানীৰো যোগ্য নহয় ।”
তাইৰ সৈতে সকলো সংযোগ শেষ হৈছিল। সাত বছৰ পাৰ হৈ গৈছিল। মইও নতুন বিবাহত সোমাইছিলো । এবাৰ আমি এটা বিয়াৰ অনুস্থানত যাবলগীয়া হল। মই বুজিছিলো মোৰ ১ম পত্নীও তালৈ আহিব। কিন্তু তাইক দেখা পাই মই আবাক হোৱা নাছিলো। আবাক হৈছিলো তাইৰ কাষত অন্য এক পুৰুষক দেখি।
ইফাল সিফাল কৰোতে অকলশৰীয়া কৈ তাইক সুধিছিলো,
– “কি হল স্মার্ট লৰাটোৱে এৰিলে নেকি ?
-“নাই। তাৰ সৈতে মোৰ ডিভোৰ্চ হৈছে ।”
-“কিন্তু তোমাৰ এই স্বামী জন দেখোন দেখিবলৈ মোতকৈও আনস্মার্ট, সংসাৰ কৰিছা কিদৰে ?
-“মুঠেও নহয় , তুমি আগৰ দৰেই নলবাৰীৰ সেই গাওঁলীয়া ভুতজন হৈ আছা ।”
মই তাইক কলো শেষবাৰৰ দৰে আজিও দুটা প্ৰশ্ন কৰিম, এটা মোৰ  পত্নীক আৰু আনটো তোমাক  ! মোৰ পৰা কিছু নিলগত বহি থকা মই মোৰ পত্নী তৃষ্ণাক চকুুৰ ইংগিতেৰে মোৰ কাষলৈ মাতিলো,তাই কাষত আহি পোৱাৰ পিছত মই তাইক সুধিলো,” তৃষ্ণা তুমি কি মোৰ সৈতে  সুখীনে? “
“তৃষ্ণাই মোৰ কান্ধত মুৰটো ৰাখি কলে।
” তেন্তে, মই তোমাৰ লগত আটাইতকৈ সুখী ।”
১মা পত্নীৰ চকুলৈ চাই হাহি কৈছিলো, ভাবিছা নেকি প্ৰশ্নটো তোমাক কৰিম, না নকৰো ।থাকক। মাত্ৰ মোৰ ফোনৰ ৱালপেপাৰখন তোমাক দেখুৱাম বুলিয়েই এই বিয়াখনলৈ আহিছিলো। মোৱাইলৰ ৱালপেপাৰখনত মোৰ পত্নী তৃষ্ণা আৰু মাজত যে সেই কিউট লৰাজন হাঁহি আছে, সেয়া ৰিয়ান আমাৰ প্ৰথম সন্তান, আজি তাৰ স্কুলৰ ১ম দিন। স্কুলত থৈয়েই তাৰাতাৰি বিয়ালৈ আহিছো। ইয়াৰ পৰা যোৱা সময়ত তাক নিব লাগিব।
মই বিছাৰিলেও নিজক সলনি কৰিব পাৰিলোহেঁতেন। স্মাৰ্টহোৱাৰ বাবে বছৰ বছৰ ধৰি সাধনা কৰাৰ প্ৰয়োজন নাই। কিন্তু কি জানা ,স্মার্ট আৰু সুদর্শনতাই আমাক সুখ শান্তি কিবা ভালপোৱা  এইবোৰ দিব নোৱাৰে ।তোমাক গুচি যাবলৈ দিয়াটো কি আছিল জানা, মোৰ ভালে থকাৰ অজুহাত ।তুমি গুচি যোৱাৰ বাবেই হয়তো মই তৃষ্ণাক পাইছো। সুখীও হবলৈ পাৰিছো। কিন্তু তুমিতো পৰা নাই ।
.
ই ৰিক্সাখন চলিছে বেলতলাৰ ১২ নং গলিটোৱেদি আগবাঢ়ি গৈ আছে, মোৰ কাষত তৃষ্ণাই মোৰ হাতখন খামুচি ধৰি আছে।মই অ্ন্য ফালে চাই আহি আছো। তাই কিবা ভাবি কৈ দিলে,”মই মাত্ৰ জানিছিলো তোমাৰ এগৰাকী পত্নীহে আছিল, জনা নাছিলো এনে এটা যে বিষাদৰ গল্পও আছিল।” মই খিলখিলাই হাহিলো। ইফাল সিফাল একো নাচাই তৃষ্ণাই মোৰ মূৰটোত ধৰি হঠাৎ গালত এটি কিচ্ কৰি দিলে। মই ভয় খাই গলো। যতে ততে যি তি মানে। ধেই ৰিক্সাৱালা জনে নেদেখিলেতো। তাই কাণত লাহেকৈ কলে,দীঘলীপুখুৰীত লুকাই চুৰকৈ কৰাৰ অভিজ্ঞতা নাই নহয়।.. মই হাহিলো আকৌ।
আজি নিজক বহুত পাতল যেন লাগিছে, আগৰ কেঁকুৰিটো পাৰ হৈয়েই আমাৰ ৰিয়ানৰ স্কুল।
ভাবানুবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *