Chanakya Best Quotes In Assamese আচাৰ্য চাণক্যৰ নীতি
Assamese Motivational Quotes
মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল। কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা।
ভগৱান মূৰ্তিত বাস নকৰে আচলতে আমাৰ অনুভুতিয়ে আমাৰ ইশ্বৰ আৰু আমাৰ আত্মাই হৈছে মন্দিৰ
ভাগ্যই তেওঁক হে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়।
মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে ।
যিয়ে তুমি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা ।
৪ হাৰ মানি লোৱাটোৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া আপোন মানুহৰ লগত হয় আৰু জয়ৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া নিজৰ লগত হয় ।
কেতিয়াও কাৰো আগত নিজৰ ৰহস্য প্ৰকাশ নকৰিবা
যদি তুমি নিজেই নিজৰ ৰহস্য লুকুৱাই ৰাখিব নোৱাৰা আনে কিয় ইয়াক লুকুৱাই ৰাখিব ।
এই ধাৰণাই আমাক ধ্বংস কৰে ।
যিকোনো এটা কাম কৰিব যোৱাৰ আগতে তিনিটা প্ৰশ্ন নিজকে কৰি লোৱা ভাল
– মই এইটো কিয় কৰিব গৈ আছো?
– ইয়াৰ ফলাফল কি হ’ব?
– মই সফল হ’ব পাৰিমনে।
সফল হবলৈ ভাল বন্ধু আৰু বহুত বেছি সফল হবলৈ ভাল শত্ৰুৰ প্ৰয়োজন ।
প্ৰতিটো সম্পৰ্কৰ আৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে।
এনেকুৱা কোনো সম্পৰ্ক নাই য’ত স্বাৰ্থ জড়িত নাই।
অপ্ৰিয় হ লেও ই সত্য।
যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে
তেওঁ হে প্ৰকৃত পুৰুষ।
দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰপ কৰা বন্ধ নকৰে।
পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে
জাৰৰ দিনত যিটো সূৰুযৰ অপেক্ষা কৰা হয়
গৰমৰ দিনত সেইটো সুৰুযকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়া বুজিব যেতিয়া আপোনাৰ প্ৰয়োজন হব ।
যুগুতালে- Tripti Deka
Join The Community
Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋