১৮ বছৰ বয়সত যেতিয়া ক্লাচমেট ছোৱালীবোৰে দহ বিশটা প্ৰেমৰ প্ৰপোজেল পায় , লৰাবোৰৰ জাষ্ট বন্ধু হোৱাৰ বাবেও কোনো নাথাকে

২০ বছৰ বয়সত  ক্লাচমেট ছোৱালীজনী বিবাহৰ যোগ্য হয় লৰাজনে তেতিয়া “পোৱালি”  উপাধি পায়। তাৰো এটা ৰিলেশ্বনৰ বাবে কি অধীৰ আকুলতা অথচ ক্লাচমেট ছোৱালীবোৰে তাৰ সমুখত তাতকৈ ৫ বছৰ চিনিয়ৰ জনৰ প্ৰশংসা কৰে।

২২ বছৰ বয়সত যেতিয়া বান্ধবীবোৰৰ বিয়াৰ

চিৰিয়েল চলি থাকে, তেতিয়াও সমাজে লৰাজনক কয়, গ্ৰেজুৱেচন কৰি থকা একোজন বাচ্ছা ।তাৰ ভালপোৱাও হয় একপক্ষীয়। কিয়নো ছোৱালীৰ মনত সি ইমমেচিয়ুৰ্ড ।

২৪ বছৰত  ছোৱালীবোৰৰ যেতিয়া পঢ়াশুনা প্ৰায়ে শেষ হৈ আহে  তেতিয়া আৰম্ভ হয় লৰাটোৰ যুদ্ধ !

নিচাগ্রস্ত হতাশাগ্ৰস্ত যিয়েই নহওঁক কিয় , যি ল’ৰাটোৱে কালিলৈ  নিজৰ কথাই ভবা নাছিল সিও যেন বহুবাৰ ভাবিবলৈ ধৰে “ইনকাম নকৰিলে তাৰ  ঘৰৰ দায়িত্ব কোনে লব। ভনীয়েকৰ বিয়া নহব। সংসাৰ আৰু জীৱনৰ প্ৰয়োজনবোৰ কোনে দিব?

নীৰব কান্দোনত কোনো সংগী নাপালেও, এটা কথা সমাজ আত্মীয় স্বজন, পৰিবাৰে বাৰে বাৰে তাক মনত কৰি দিয়ে

” লৰাটোৱে কি কৰে? প্রতিষ্ঠিত নে?

অনাৰ্চ _মাষ্টাৰ্চ শেষ কৰা ছোৱালীজনী বাবে বিয়াৰ অপচন থাকিলেও, লৰাজনৰ বাবে এটাই অপচন ,”কত আৰু কি চাকৰি কৰিব। জীৱন কেনেকৈ আগবঢ়াই নিব?

কিমান যে হাজাৰ যুক্তি .. কিমান মানুহে তাক শুনায় “টকাই সকলো নহয় ভাইটি, দুশ্চিন্তা নকৰিবা “

অথচ, সেই মানুহবোৰেও নিজৰ ছোৱালীজনীৰ বাবে চৰকাৰী চাকৰি কৰা ল’ৰা এজন  বিচাৰে।

এদিন চাকৰি কৰি ভাতৃ ভগ্নীক জীৱন গঢ়িবলৈ আৰু মা দেউতাক আলপৈচান ধৰি ধৰি তাহানিৰ ব্ৰেণ্ডেদ কাপোৰ পিন্ধা  লৰাজনে এতিয়া  পাহৰি যায় ” বিহুৰ বাবে আজি ফ্লিপকাৰ্টত ৭০%অফাৰ”…

সকলো ঠিক থাক কৰি এজনী  স্বচ্ছল সুন্দৰী ছোৱালী বিচাৰিলে সমাজৰ বহুতে তাক কব খোজে, এই বুঢ়াটো সম্পদলোভী, এই বয়সতো সৰু বয়সীয়া ছোৱালী বিছাৰে নে?

বিয়াৰ পিছত পৰিবাৰ  আৰু  লৰা ছোৱালীৰ ভবিষ্যতৰ কথা চিন্তা কৰিয়েই দুৰত চাকৰি কৰিও ক্ষান্ত থাকে। নতুবা সন্তানৰ স্কুল কলেজৰ খৰছৰ কথা ভাবি নিজেও এযোৰ কাপোৰ পাৰ কৰে সময়।

পৰিবাৰৰ পৰা দুৰ হৈ নিসংগ বিষন্ন হৈ জ্বালা সহ্য কৰি মাহে মাহে ঘৰলৈ জাৰ্ণি কৰি হাড় ক্ষয় হয়। দেহত নানা ৰোগ হয়। প্ৰেচাৰ ডায়েবেটিজে দেখা দিয়ে অথচ তাৰ পিছতো সি একেদৰে থাকে। কোনো খেয়াল নাই.. জীৱন মানেইতো সংগ্ৰাম…

তাহানিতে মা দেউতাকৰ  মুখ উজ্জ্বল কৰিবলৈ গৈ লৰাটোৰ সৰুকালৰ সপোন আৰম্ভ, সংগ্ৰামী যৌৱনকাল আৰু শেষ বয়সত সন্তানৰ ভবিষ্যত উজ্বল কৰিবলৈ গৈ তেওঁৰ এই যুদ্ধখন যেন শেষেই নহয়।

তাৰ পিছত সমাজে কব খোজে

“মৰ্দ কো দৰ্দ নেহী হোতা”

সচাকৈ কি কষ্টই নহয় নে?

-ভাবানুবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *