ডুৰহামৰ ‘haunted castle’ বিষয়ে বহুত ক্ৰিকেট ফেন সকলে জানে। সৌৰভ গাংগুলীয়েও তাত থাকি পোৱা অভিজ্ঞতা বৰ্ণনা কৰিছিল। 


ঘটনাটো মনত কৰি সৌৰভ গাংগুলী লিখিছিল , “ আমি ডুৰহাম ৰ Chester-লে-Street ত এখন খেলৰ বাবে গৈছিলো। আৰু আমাৰ থকাৰ ব্যৱস্থা কৰা হৈছিল Lumley Castle নামৰ এখন বিলাসী হোটেলত। এয়া আছিল এক বিলাসী ৰুম আৰু মোৰ প্ৰয়োজনীয় যি লাগে তাত যোগান ধৰা হৈছিল। দিনত ট্ৰেইনিং শেষ কৰি পিছদিনা ৰাতিপুৱাৰ খেলৰ বাবে মই ৰুমলৈ উভতি আহিছিলো । উভতি আহি গোটেই লাইটবোৰ নুমাই বিচনাত পৰিলো। “

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy


গোটেই ৰাতি আচৰিত কিবা কিবি ঘটিল। আৰু মই শুৱ নোৱাৰিলো। বাথৰুমৰ পৰা পানী পৰা শব্দ আহিল। . “ মই উঠি লাইটবোৰ জ্বলাই টেপটো বন্ধ কৰিবলৈ বাথৰুমত গলো । কিন্তু টেপটো বন্ধ হৈ আছিল। মই ভাবিলো মই সপোনত তেনে হৈছে বা শব্দটো অন্য ৰুমৰ পৰা আহিছে। মই আকৌ বিচনালৈ আহিলো। পৰীক্ষা কৰিলো সকলোবোৰ ভালদৰে বন্ধ হৈছে। আকৌ শুই পৰিলো। 


আধা ঘণ্টা পিছত আকৌ সাৰ পালো। একেই শব্দ। পানী পৰাৰ। এইবাৰো মই ৱাশ্বৰুমটো তন্ন তন্নকৈ চালো। কিন্তু একো নাপালো। মই লাইটটো জ্বলাই শুবলৈ চেষ্টা কৰিলো। কিন্তু নোৱাৰিলো। ডুৰহামৰ নীৰবতা শুনি থাকিলো।” গাংগুলীয়ে এনেধৰণে লিখিছিল। 


গাংগুলীয়ে জানিছিল পিছত ভাৰতৰ খেল আছে আৰু এজন কেপ্তেইন হিচাপে তেও এনেকৈ সাৰে থকাটো উচিত নহব। এয়া ভাবি আকৌ তেওঁ লাইটটো বন্ধ কৰিলে কিন্তু আগৰ দৰে একে শব্দই তেঁওক আকৌ জগাই তুলিলে। তেওঁ জপিয়াই উঠিল আৰু ৰুমৰ পৰা দৌৰি ওলাই আহিল। এই বিষয়ে তেঁও লিখিছে 


“মই জপিয়াই বিচনাৰ পৰা উঠি দৌৰিছিলো। বহুত ভয় খাইছিলো। মই ৰবিন সিংৰ ৰুমলৈ গলো। দৰ্জাখন নক কৰিলো আৰু সুধিলো মই তেওঁৰ ৰুমত আহিব ৰাতিটো থাকিব পাৰোনে। মই কেপ্তেইন আছিলো সেয়ে মই তেঁওক নকলো যে মই ভয় খাইছো। মই কৈছিলো ফ্লোৰখন ভাল আৰু তেওঁৰ তাত থাকিবলৈ দিয়া বাবে ধন্যবাদ। 


ঘটনাটোৰ পিছত প্ৰাক্তন কেপ্তেইনজনে Lumley Castle হোটেলত আকৌ ২য়বাৰৰ বাবে নাথাকিল । 2004 চনতো ৱেষ্ট ইণ্ডিজ টিম আৰু 2005 চনত অষ্ট্ৰেলিয়াৰ টিম সিঁহতৰ টুৰত একে ঘটনাৰ সাক্ষী হৈছিল। 

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *