লিপ কিচৰ যন্ত্ৰণাত মোৰ জীবন অতিষ্ঠ । এই কিচটো মোৰ ঘিণ লাগে , অথচ বিয়াৰ পিছত গম পালো লিপ কিচ পত্নীৰ ভীষণ পচন্দ । স্বামীক লৈ যিমান খিনি সপোন দেখে তাৰ মাজতো লিপ কিচ এটা । অন্যহাতে ফিল্ম পর্যন্ত লিপ কিচ দেখা পালে মোৰ বমি বমি ভাব হয় ।


কিন্তু ভাগ্যৰ কি নির্মম পৰিহাস, লিপ কিচটোৱে কোনো কালেই মোৰ কাষ নেৰিলে । তেতিয়া মই কলেজ ষ্টুডেন্ট । এজনী ছোৱালীক ভীষণ ভাল লাগে , ছোৱালীজনীৰ নাম অনুৰাধা । ৰাতি টোপনি গলে গাৰুটো সাবটি মই অনুৰাধাক কল্পনা কৰো । গাৰুটোত কিচ দি কল্পনা কৰো ছোৱালীজনীৰ গালত কপালত কিচ দিছো । তাইৰ বান্ধবী এজনীৰ সৈতে মোৰ খুব ভাল সম্পৰ্ক আছিল। তাইক কলো মোৰ অবস্থাটো.। তাই মিডিল মেন হৈ অনুৰাধাক প্ৰস্তাৱ দিলে। তাইও সহজে প্ৰস্তাবটো গ্ৰহণ কৰিলে.। তাই অৱশ্যে গম্ভীৰ বা লাজুকী ছোৱালী নহয় , ক্লাছত হৈ চৈ তাইয়েই বহুত কৰে , খুব চঞ্চল এজনী ছোৱালী । যি নহওক , তাইৰ সৈতে মোৰ নাম্বাৰ আদান প্রদান হল৷ প্রতিদিন ৰাতি ফোনত প্রেমালাপ হয়। দুজনৰ মাজত লজ্জাবোধ লাহে লাহে কমি আহিছে । আমি এতিয়া সকলো ধৰণৰ কথা কওঁ । অনুৰাধাক এদিন মই সুধিলো , ‘অনু , তুমি ইমান সহজে মোৰ প্রস্তাব গ্রহণ কৰিলা কিয়?’

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy


সিটো মুৰৰ পৰা মিচিক মাচাক হাঁহি আহিল তাৰ পিছত কলে , ‘তোমাক প্রথম দেখাতেই মোৰ ভীষণ ভাল লাগিছিল । বিশেষ কৈ তোমাৰ ওঠটো খুব মায়াবী।’


অনুৰাধাৰ কথা শুনি আনন্দিত হৈ উঠিলো , মোৰ ওঁঠটো তাইৰ প্রথম পছন্দ?


..


তাৰ পিছত বহুদিন পাৰ হল , আজিকালি মোৰ খুব ইচ্ছা হয় অনুৰাধাক সাবটি কিচ খাম । এদিন সুযোগো হৈ গল । আমি দুয়োজন যেতিয়া দেখা কৰিলো কলেজৰ পৰা দুৰৰ কিছু নির্জন এখন ঠাইত। জীৱনৰ প্রথম কোনো ছোৱালীক সাবটি ধৰিম বুলি ভাবি মোৰ ভিতৰত যে কি তোলপাৰ লাগি গৈছে, অনুৰাধা আহোতেই মই বুকুত সাবটি ললো। অনুও একে আবেশত মোক চেপি ৰাখিছে । তাৰপিচত মই তাইৰ কপালত গালত কিচ খাবলৈ আৰম্ভ কৰিছো । হঠাৎ অনু উত্তেজিত হৈ পৰিল । মোক টানি ধৰি তাই দীর্ঘ সময় লিপ কিচ খাবলৈ ধৰিলে । এজনৰ ওঠত আনজনৰ মুখ। ভাবিয়েই মোৰ পেট কলমলাই উঠিল। হঠাৎ লিপ কিচৰ মাজত মই মন কৰিলো মোৰ বমি ওলাই আহিব খুজিছে , ধাক্কা দি অনুক যিমান পাৰি আতৰাব চেষ্টা কৰিছো , তাৰপিছতো তাই মুখ আৰু বুকুত বমি পৰি গল। কি এক অচস্তিৰ কথা ভাবকচোন! বেচেৰী লাজত ৰঙা হৈ গৈছে । টিছু পেপাৰেৰে মচি পিচত গুচি গলো.। তাৰ পিছৰ পৰা আৰু মোৰ সৈতে তাই সম্পৰ্ক নাৰাখিলে। 

কিন্তু বিয়াৰ পিছতো মোৰ একেই বিপদ । পত্নীয়ে লিপ কিচ দিবলৈ খোজে, মই বুজাও, ‘ শুনা, লিপ কিচ স্বাস্থ্যৰ পক্ষে খুব ক্ষতিকৰ , তুমি নিজে চিন্তা কৰাচোন এজন মানুহৰ ওঠত আনজনৰ মুখ থৈ কিচ খাইছে। কামটো কি ভাল দেখি নেকি ?’

পত্নীয়ে মোৰ যুক্তি খণ্ডন কৰিবলৈ চেষ্টা কৰি ওলোটাই যুক্তি দিয়ে , ‘ অলপ ক্ষতি হব পাৰে , এই যে ছিগাৰেট খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকৰ , তাৰ পিছতো তুমি খোৱা কিয় ?’


‘তুমি নুবুজা কিয় কিমান বেক্টেৰিয়া মুখলৈ যায় 


‘মই একো নুবুজো , নিজৰ মানুহজনক লিপ কিচ দিব নোৱাৰিলে আৰু কাক দিম কোৱা ? এয়া যে মোৰ এক সপোন মোৰ এটা চখ৷ আৰু তাতে তোমাৰ ওঠটো মোৰ ভীষণ ভাল লাগে। কেনে মায়াবী ওঠ , দেখিয়েই কিচ খাবলৈ ইচ্ছা জাগে, তোমাক লিপ কিচ নকৰাকৈ মৰি গলে মোৰ জীৱনটোৰে অৰ্থ নাই ।’


‘আচ্ছা , শুনা তেতিয়া হলে হেচি নধৰি পাতলকৈ কিচ দিয়া। “


পত্নীয়ে হব বুলি কৈয়েই মোৰ ওপৰত উঠি হেচি ধৰিলে 


এতিয়া মোৰ মাত্ৰ অস্ফুট শব্দ বাহিৰ হৈছে ‘আৰে আৰে কি কৰিছা , এৰি দিয়া , মোৰ ব ব বমি বমি লাগিছে ….


#ভাবানুবাদ


#স্বপ্ননীল আকাশ

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *