এইবাৰ পূজাত দেউতাক এটা চাৰ্ট কিনি দিছো ।জোৰ কৰিলেও দেউতাই নলয়। । একেটাই প্ৰশ্ন  আগৰদৰে , ইমান দামেৰে কিয় কিনিলো মই  । 

মোৰ মনত আছে সৰু থাকোতে  দেউতাই নিজে প্ৰতিবাৰ পূজাত কাপোৰ কিনি দিছিল মোক, সেয়াও মোৰ পচন্দৰ । আৰু যে অভিমানী হৈ তৰ্জনী আঙুলিৰ মূৰত ধৰি ইফালে সিফালে টানি লৈ গোটেই পুজা মণ্ডপ ফুৰিছিলো ।  চিঞৰি চিঞৰি কান্দি উঠিছিলো ইটো লাগে সিটো লাগে ।  তেতিয়া কিমান যে আমনি কৰি ফুৰিছিলো দেউতাক।

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

–বাবা  ,চাৰ্টটো ভালেই। কটন যেন লাগিছে সুধচোন ?
–হুমম দেউতা।
–দাম কিমান?
–2099 টকা দেউতা ।
–মই ইমান দামৰ চাৰ্ট নিপিন্ধো। ইমান দাম বস্তুবোৰ !

দেউতাই চাৰ্টটো দুৰত থৈ দিয়ে। অন্য এটা  ছাৰ্ট  হাতত লৈ চুই চায় । 

দেউতাৰ এতিয়াৰ হাতখন সময়ে শোতোৰা কৰি তুলিছে  এই হাতখনে এদিন চকপেঞ্চিল লৈ ব্লেকবৰ্ডত লিখি শিকাইছিল মোৰ দৰে কেইবা শ ছাত্ৰক ,  জীবনৰ পাঠবোৰ । গোটেই জীবনটো কিমান যে কষ্টত দেখিছিলো দেউতাক । অথচ হাঁহিৰ মুখত সজল দৃষ্টিত । কোনোদিন দেউতাই মোৰ আগত চকুলো টোকা দেখা নাই । এই যে শিক্ষকৰ সন্তান বোৰ শিকে দেউতাৰ বাবে কিমান যে কত সাবধানে খোজ দিব লাগে। যদি মোৰ চৰিত্ৰৰ দোষ হৈ পৰে। যদি মই জধামূৰ্খ হৈ পৰো। যদি মই.. যদি মই দেউতাৰ ওপৰত কথা কবলৈ আৰম্ভ কৰো।  

আস। কিমান যে  শাসন কৰিছিল তাৰ বাবে  অতীতত ।

ইমানপৰে দেউতা সেই চাৰ্টটো দুৰত থৈ বাকীবোৰ চাবলৈ ধৰিছে। মই সেই চাৰ্টটো আকৌ দেউতাক দি কলো “এতিয়া সুখ নকৰিলে কৰিবা কেতিয়া? টকাৰ কথা ভাবিব নালাগে 80%ডিচকাউন্ট দিছে।” 

পুনশ্চ মই অতীতত ঘুৰি গলো। সেয়া আছিল ২০০০ চনৰ কোনো এটা ৰাতিপুৱা। মোৰ গোট পৰীক্ষাৰ মাৰ্ক দিছে। প্ৰায়ে পৰীক্ষাৰ শেষত ঘুৰাই দিয়া মাৰ্কবোৰত মই নতুন সংখ্য যোগ কৰি লও। ২০ ৰ ভিতৰত ৭ পালে আগত এটা ১ যোগ কৰি ১৭ কৰি লও। তাৰ পিছতো সাহস নহয় ঘৰত দেখুৱাবলৈ। দুই পৃষ্ঠাৰ এই নিশকতীয়া বহীটো আন বহীৰ মাজত লুকাই থৈ দিও। আজি মোৰ লুকুৱাই ৰখা গণিতৰ বহীতো শুই উঠিয়েই দেউতাৰ হাতত দেখিছো । 

দুদিন আগেয়ে মই  দেউতাক মিচা কথা কৈছিলো। মোৰ পৰীক্ষাৰ বহী দিয়া নাই… দেউতাই খঙেৰে মোৰ পিনে আছে । মই বিচনাৰ তলত সোমাইছো ভয়ত। মোৰ ভৰিখন টানি আনি পিছফালৰ পৰা কোৱাইছিল। খঙত আৰু মই কান্দিছিলো। কাৰণ মই মিছা কোৱাৰ বাবে ।

আজি  আকৌ দেউতাক মই এটা মিছা কথা কৈ দিছো । ৮০% ডিচকাউন্ট।  দেউতাই আজি বিশ্বাস কৰি লৈছে । আগৰ দৰে একে সুখ দৃষ্টিৰে দেউতাই চাৰ্টটো হাতত তুলি লৈছিল।

এইজনেই মোৰ দেউতা। সহজ সৰল একোজন সাধাৰণ মানুহ।আচলতে এজন অখ্যাত মানুহ যাক হয়তো আপুনিও চিনি নাপায়। কিছুসময় পিছত দেউতাক চাৰ্টটো কিনিয়েই দিছিলো । ঘৰলৈ আহোঁতে দেউতা বহুত বাৰ চাৰ্টটো উল্টাই পুল্টাই চাইছে। আঙুলিটো ভিতৰত সোমাই কিবা যেন বুজাৰ চেষ্টা কৰিছে।

— “দেউতা চাৰ্টটো পিন্ধি লোৱাচোন। ” দেউতাই আইনাৰ আগত পৰম আগ্ৰহেৰে পিন্ধিবলৈ ধৰিছিল।

আইনাখনত এনে লাগিছে যেন দেউতাৰ বয়সটো কমি গৈছে। কোনে কৈছিল নাজানো মানুহ সুখী হলে বয়স কমি যায় । এনে লাগিছিল যেন মোৰ দেউতা আকৌ চকপেঞ্চিলডাল হাতত তুলি লব। দেউতা আইনাৰ আগত চাৰ্টৰ কালাৰটো ঠিক কৰাত লাগিছে । 

ভাবিছিলো এইবাৰ এটা DSLR কিনিম। কিন্তু টকাৰ বাবে কিনা নহল। আচলতে কেমেৰাৰ আগত তো সকলোৱে হাহি দিয়ে। মানুহৰ চকুতহে থাকে অজস্ৰ সপোন। ভিতৰি থাকে অসীম আবেগ। সেয়াই যন্ত্ৰ আৰু মানুহৰ পাৰ্থক্য।

ককাদেউতা যেতিয়া মৃত্যু হৈছিল দেউতাক বয়স আছিল ২ বছৰ। ভাল ছাত্ৰ হৈয়ো দেউতা বেলেগৰ ঘৰত কাম কৰি পঢ়িবলৈ লৈছিল। যদি দেউতাৰো দেউতাক থাকিলেহেঁতে আজি। আজি আইনাৰ আগত তেওৰ পুত্ৰক ইমান সুখী দেখি কিমান যে সুখী হলহেঁতেন মোৰ ককাদেউতা।

দেউতাৰ পিছপিনে থিয় হৈ আছো মই। মোৰ চকুটো পুৰ্ণ হৈ পৰিছে। আইনাত প্ৰতিফলিত দেউতাৰ মুখখন চাইছো। দেউতাৰো চকুৰে নামি আহিছে চকুলোৰ।দেউতাৰ চকুপানী নেদেখা মইজন দেউতাৰ পৰা ওলোটা মুৰ হৈ ৰব নোৱাৰিলো। ৰুমলৈ আহি কান্দি দিলো।

এনে লাগিছে যেন এইবাৰ মই দেউতাৰ কাষত গৈ কৈ দিম।

“দেউতা তোমাৰ লৰাটো ডাঙৰ হৈ গল।.
তোমাৰ এতিয়া আৰু দুখ নাই  ☺”

-ভাবানুবাদ

-স্বপ্ননীল আকাশ

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *