Dear Students, if you are looking for Class 5 Assamese Chapter 1 Question Answer অসম আমাৰ ৰূপহী প্ৰথম অধ্যায় than you are in the right place, Today we will discuss all question answer from your class 5 chapter 1 Assamese book.

Let’s start.

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

Class 5 Assamese Chapter 1 Question Answer অসম আমাৰ ৰূপহী

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।

গোটেই জীৱন বিচাৰিলেও

অলেখ দিৱস ৰাতি

অসম দেশৰ দৰে নেপাওঁ

ইমান ৰসাল মাটি।

চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ

ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।

ব’হাগতে আমাৰে আই

মহুৰা হৈ ঘূৰে

মাঘত সোণৰ হাতেৰে

লখিমী আদৰে।

শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ।

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।

পাহাৰ-ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে

তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে।

লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ,

জন্ম ল’লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ।

পাম ক’ত এনে মধুৰ ৰূপৰ সমাৱেশ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।                   

গীতিকাৰ – ডঃ ভূপেন হাজৰিকা।

(উৎস : ড° দিলীপ কুমাৰ দত্তৰ ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’,পৃষ্ঠা -১৭৭ প্ৰকাশক—বনলতা, পাণবজাৰ, গুৱাহাটী ১)        

ক্রিয়াকলাপ 

ক – পাঠভিত্তিক ক্রিয়া

গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা ।

গীতটি একক আৰু দলীয়ভাৱে (সমবেত সংগীত হিচাপে) গোৱা ।

উত্তৰ দিয়া ।

(ক) ড° ভূপেন হাজৰিকাই ‘আই’ বুলি কাক সম্বোধন কৰিছে ?

উত্তৰ- ড° ভূপেন হাজৰিকাই আই বুলি অসমক সম্বোধন কৰিছে ।

(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে ?

উত্তৰ – ড° ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে ।

(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?

উত্তৰ – শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় ।

(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে ?

উত্তৰ- পাহাৰ-ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে ।

(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল?

উত্তৰ- ড° ভূপেন হাজৰিকাই জন্মভূমি অসমতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে ।

(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে ?

উত্তৰ- ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে অসম খনক বুজাইছে ।

(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো কি নোপোৱাৰ কথা কৈছে ?

উত্তৰ- গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি আন ক’তো নোপোৱাৰ কথা কৈছে ।

প্ৰশ্ন ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ?

উত্তৰ- “অসম আমাৰ ৰূপহী” গীতিটিত ড° ভূপেন হাজৰিকাই অসমৰ পৰিবেশ সম্পৰ্কে এক আভাস দাঙি ধৰিছে। তেওঁৰ জন্মভূমি অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি ৰচনা কৰছিল । ভূপেন হাজৰিকাই অসমৰ দৰে ৰসাল মাটি কতো নাই বুলি কৈছে । অসম খনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে । ভাৰতবর্ষৰ পূৱ দিশত সূর্য উদয় হোৱা দেশ বুলি কৈছে ৷ অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে । ইয়াতেই ব’হাগ মাহত শিপিনীসকলে নিজ হাতেৰে তাঁতশালত বিহুৱান বয় আৰু মাঘ মাহত কৃষকসকলে নিজ হাতেৰে সোণগুটি চপাই আনি ঘৰলৈ লখিমী আদৰে । শৰৎ কালৰ নিশাই আকাশখন উজ্জ্বল তৰাবোৰেৰে অসমখনক মনোমোহা কৰি সজাই তুলে ৷ অসমৰ মধুৰ ভাষা আৰু মৰম বোৰেই পাহাৰ-ভৈয়ামক একে কৰা ৰামধেনুৰ দৰেই অসমৰ জাতি, বৰ্ণ, ভাষা, ধৰ্মালম্বী লোকসকলোকে একতাৰে বান্ধি মিলন সেতু গঢ়ি তুলে ৷ অসমৰ সো-মাজেদি বৈ যোৱা বৰলুইতৰ বহল পাৰত থকা সকলোকে হাজৰিকাদেৱে প্ৰণাম জনাইছে ৷

দলত আলাচনা কৰি বহলাই লিখা ।

(ক) ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি ?

উত্তৰ- বৰষুণৰ মাজেদি সূৰ্যৰ ৰশ্মি পাৰ হৈ আহোঁতে আকাশত দেখা দিয়া সাতোটা ৰঙৰ সমষ্টিক ৰামধনু হিচাপে দেখা দিয়া এক ৰঙীন পৰিঘটনা ।

ৰামধেনু দৰে পাহাৰ-ভৈয়াম একে কৰা মানে অসমৰ পাহাৰ আৰু ভৈয়ামত বাস কৰা মানুহৰ মাজত থকা মিলাপ্ৰীতিৰ কথা কৈছে। অসমৰ মধুৰ ভাষা আৰু মৰমবোৰে সকলোককে‌ একত্ৰিত কৰি মিলন সেতু গঢ়ি তোলে । 

(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্রণিপাত জনাইছে ? 

উত্তৰ- ব্রহ্মপুত্রৰ আন এটা নাম লৌহিত্য । ইয়াক বৰলুইত বুলিও জনা যায় ।

অসমৰ সো-মাজেদি বৈ যোৱা লুইতৰ বহল দুয়োপাৰে নানা ভাষিক নানা জনজাতিয়ে মিলাপ্ৰিতিৰে বসবাস কৰা সকলোকে গীতটিত গীতিকাৰে প্রনিপাত জনাইছে ৷

প্রশ্ন – গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা ?

উত্তৰ- অসম আমাৰ ৰূপহী ” গীতটিত অসমৰ প্ৰাকৃতিক পৰিবেশৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। গীতিকাৰে ভাৰতৰ পূৱ দিশত থকা নিজ জন্মভূমি অসমখনক সূৰ্য্য উদয় হোৱা দেশ বুলি কৈছে । চিৰসেউজীয়া ৰূপহী অসম খনৰ ৰূপ আৰু গুণৰ কোনো তুলনা নাই । ৰূপহী অসমৰ দৰে ৰসাল মাটি গোটেই জীৱন বিচাৰিলেও কতো পোৱা নাযাব বুলি প্ৰকাশ কৰিছে । চিৰ বিনন্দীয়া সেউজ পৰিবেশৰ অধিকাৰী অসমখনে ব’হাগ মাহত মহুৰা হৈ ঘূৰে পিছত মাঘত কৃষকসকলে নিজ হাতেৰে খেতিপথাৰৰ পৰা সোণগুটি চপাই আনি ঘৰলৈ লখিমী আদৰে । শৰৎ কালৰ নিশাই আকাশখন উজ্জ্বল তৰাবোৰেৰে অসমখনক মনোমোহা কৰি সজাই তুলিছে৷ বিভিন্ন জাতি, বৰ্ণ, ভাষা, ধৰ্মালম্বী লোক বসবাস কৰা এই অসমখনৰ মধুৰ ভাষা আৰু মৰম বোৰেৰে সকলোককে‌ একত্ৰিত কৰি মিলন সেতু গঢ়ি তোলা পাহাৰ –ভৈয়ামক এক কৰা ৰামধেনুৰ লগত তুলনা কৰিছে । অসমৰ সোঁ-মাজেদি বৈ যোৱা বৰলুইতৰ দুয়োপাৰে বসবাস কৰা সকলোকে হাজৰিকাদেৱে প্ৰণাম জনাইছে ৷

শেষত এই জন্মগ্রহণ কৰা স্থানতেই তেঁও মৃত্যুবৰণ কৰাৰ ইছা প্ৰকাশ কৰিছে ।

উত্তৰ দিয়া।

(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে ।’ৰ’ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে ?

উত্তৰ – গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে ।’ৰ’ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে।

(খ) গীতটিত ‘আ(া)’-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই ?

উত্তৰ – গীতটিত ‘-া’-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত ৃ চিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই।

(গ) ‘অসম আমাৰ ৰূপহী ” গীতটিত থকা ‘ ৰ ‘ আৰু ‘ ৰে ‘- ৰে শেষ হোৱা শব্দবোৰ লিখা।

উত্তৰ: ‘ ৰ ‘ ৰে শেষ হোৱা শব্দ হল- 

আ মা ৰ

দে শ ৰ 

তো মা ৰ 

দি শ ৰ 

সো ণ ৰ 

চি ৰ ৰ 

ভা ষা ৰ 

ম ধু ৰ 

পা হা ৰ 

ৰূ প ৰ 

ৰে – ৰে শেষ হোৱা শব্দ

ঘূ ৰে 

ত ৰা ৰে 

আ মা ৰে 

হা তে ৰে 

আ ই ৰে 

আ দ ৰে

আ মা ৰে 

ভা ৰ ত ৰে 

লৌ হি ত্য ৰে

ম ৰ ম বো ৰে

প্ৰশ্নঃ গীতটিৰ পৰা স্বৰচিহ্ন (-কাৰ) যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন (-কাৰ) যোগ হৈছে ভাঙি দেখুওৱা।                              

যেনে- ৰূপহী -> ৰূ ৰ+ ঊ – কাৰ

গুণৰো ->ৰো ৰ+ ও- কাৰ

দেশ -> দে দ+ এ- কাৰ  

জীবন -> জী জ+ ঈ- কাৰ

চিৰ -> চি চ+ ই – কাৰ

ৰাতি -> ৰা ৰ+ আ- কাৰ

সেতু -> তু ত+ উ- কাৰ

লৌহিত্যৰ -> লৌ ল+ ঔ- কাৰ                                                 

প্ৰশ্নঃ গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৱে দুটাকৈ নতুন শব্দ লিখা। 

উত্তৰঃ যেনে –বিনন্দীয়= ন্দ – ন+দ আনন্দ, সুন্দৰ

পূৰ্ব = ৰ্ব ৰ + ব গৰ্ব, পৰ্ব

সূৰ্য = ৰ্য ৰ + য নটসূৰ্য, 

লৌহিত্য = ত্য ত + য় সত্য, দৈত্য

প্ৰণিপাত = প্ৰ প + ৰ প্ৰতি, প্ৰমাণ

জন্ম = ন্ম ন + ম সন্মান, 

উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা।

(ক) উদাহৰণ — ৰূপহ –ৰূপহী, কাঁহ—কাঁহী।

 কপাহ – কপাহী

চেনেহ – চেনেহী

বাঁহ – বাঁহী

(খ) উদাহৰণ — ৰস—ৰসাল,

নোম – নোমাল  

জীপ – জীপাল

তেজ – তেজাল

কোব – কোবাল

(গ) উদাহৰণ — সোণ—সোণোলী।

ৰং – ৰঙালী

জোন – জোনালী

ৰূপ – ৰূপালী

ভোগ – ভোগালী

(ঘ) উদাহৰণ- বিনন্দ—বিনন্দীয়া,

চহৰ – চহৰীয়া        

দুখ – দুখীয়া

নিয়ম – নিয়মীয়া

নগৰ – নগৰীয়া

দলগত ভাবে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক) লিখা।

উদাহৰণ—- সূৰ্য—বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি।

পদুম- পদ্ম, কমল, পংকজ

ঘৰ – গৃহ, ভৱন, আলয়, আৱাস, নিলয়

আকাশ – স্বৰ্গ, গগন, নভ , নভোমণ্ডল ।

বায়ু – বতাহ, পৱন, শূণ্য , অম্বৰ, নিলীমা,মৰুৎ

পৃথিৱী – ধৰণী , ধৰিত্ৰী, ধৰা, বসুমতি, মেদিনী,                                                  

তলৰ শব্দ বোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ বোৰ গীতটিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা।

যেনে ― আৰম্ভণি ― শেষ।

বিচ্ছেদ ― মিলন

নিৰস ― ৰসাল

কুৰুপা ― ৰূপা

ঠেক ― বহল

অনাদৰ ― আদৰ

দিৱস ― ৰাতি

পশ্চিম ― পূৱ

তলৰ অংশ দুটা আঁচ টানি মিলোৱা।

যি চিত্ৰ আঁকে – চিত্ৰকৰ

যি ৰসেৰে পৰিপূৰ্ণ – ৰসাল

যি সোণৰ নিচিনা বৰণ – সোণালী

যি গীত লিখে – গীতিকাৰ

তলৰ শব্দবোৰেৰে বাক্য সাজা      

অলেখ – (অসংখ্য ) ৰাতিৰ ফৰকাল আকাশত অলেখ তৰা দেখিবলৈ পোৱা যায় । 

আদৰ – ( মৰম ) সকলো মাক-দেউতাকে ল’ৰা-ছোৱালীক আদৰ কৰে ৷

পৰিৱেশ – আমাৰ বিদ্যালয়ৰ পৰিৱেশটো বৰ ধুনীয়া ।

সমাৱেশ – (সমাগম ) সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল ।

বিনন্দীয়া – ( অতিশয় শুৱনি ) অসমৰ সেউজ পৰিবেশ চিৰ বিনন্দীয়া । 

‘জন্ম ল’লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ’ বুলি ড° ভূপেন হাজৰিকাই কামনা কৰাৰ দৰে কবি নলিনীবালা দেৱীয়েও তেওঁৰ ‘জনমভূমি’ নামৰ কবিতাটোত নিজৰ জনমভূমিতে মৰাৰ কথা লিখিছে। সেই কবিতাটো সংগ্ৰহ কৰি পঢ়ি চোৱা।

জনমভূমি

কবি-নলিনীবালা দেবী

মেলিলোঁ প্রথম চকু

তোমাৰ কোলাতে আই,

জনমৰ আদিম পুৱাত,

মুদিম আকৌ চকু

তোমাৰ কোলাতে শুই

জীৱনৰ শেষ সন্ধিয়াত।

মৰাৰ পিছতো যেন

পাঁওহি আকৌ ঠাই

চেনেহৰ শীতলী কোলাত,

ভাগৰুৱা আত্মাই

শেষৰ জিৰণি লয়

জিৰাবহি তোমাৰ ছাঁয়াত।

পখী হৈ আকাশৰ

বুকুত ফুৰিম উৰি

বাহ ল’ম ওখ বিৰিখত,

পুৱতীৰ লগে লগে

জগাম তোমাক নিতে

বনৰীয়া সুৱদী গীতত।

আকাশৰ তৰা হৈ

ৰ’ লাগি চাই ৰ’ম

সেউজীয়া শুৱণী জেউতি,

জোনাকত মিল হৈ

বিমান-পথত ৰৈ

ওৰে ৰাতি কৰিম আৰতি।

হিমালয় পর্বত

শুকুলা টিঙত গৈ

ফুলি ৰ’ম মানসী বিলত,

মলয়াৰ চোঁৱৰত

পাৰিজাত ৰেণু সানি

ঢুলাম তোমাৰ চৰণত।

নদী হৈ পখালিম

দুখনি চৰণ নিতে

মাটি হৈ মিলিম বুকুত,

সোনোৱালী মেঘ হৈ

ৰঙা হাঁহি বিৰিঙাম

শেঁতা পৰা দুখনি ওঁঠত।

তোমাৰ ই ধূলি-বালি,

তোমাৰ আকাশ-বায়ু

আই,মোৰ সৰগৰ বাস,

তুমি মোৰ মৰতৰ

পূণ্য মুকুতিৰ ভূমি

তুমি মোৰ তীর্থৰ প্রভাস।

অ’ মোৰ চেনেহী দেশ,

তোমাৰ দুখীয়া পঁজা

ৰচা তাত শান্তিৰ স্বৰগ,

ক’ত পাম এনে প্রীতি

সৰল প্রাণৰ ভাষা

সেৱাৰ মহিমাময় ত্যাগ।

দুখীয়াৰ ভগা পঁজা

একেখনি তীর্থ তাত,

একোখনি পূণ্যৰ আশ্রম,

মৰিলে পুণৰ আহি

দুখীয়া দেশতে মোৰ

লওঁ যেন পুণৰ জনম।

জানো আহা –

লখিমী আদৰা (ধানৰ আগ অনা উৎসৱ)- খেতি চপোৱাৰ অৰ্থে পালিত উৎসৱৰ অংগৰূপে পৰম্পৰাগত ৰীতি অনুযায়ী গছীধান ঘৰলৈ অনা কাৰ্য।

সাঙুৰি দিয়া বা খোৱা – কোনো এঘৰত ধান চপাবলৈ সমূহীয়াকৈ অথচ কোনো পাৰিশ্ৰমিক অবিহনে কৰি দিয়া কাম। এই অর্থতে সাঙুৰি দিয়া মানুহে যি ভোজ-ভাত খায় তাকে সাঙুৰি খোৱা বোলে। ইয়াকে সাঁউৰি খোৱাও বোলা হয়।

ন-খোৱা – নকৈ চপোৱা খাদ্য শস্য, বিশেষকৈ নতুন ধানৰ চাউলেৰে লগে-ভাগে খোৱা প্ৰীতি ভোজ। সাধাৰণতে পর্যাপ্ত মাছ-পুঠিৰে ভোেজ-ভাতৰ আয়োজন কৰা হয়।

খেতি উঠা উৎসৱ – পথাৰৰ পৰা খেতি চপোৱা কাৰ্যৰ সমাপ্তি উপলক্ষে আয়োজিত উৎসৱ, যত আনন্দ সহকাৰে পৰমজনাৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰা হয়।

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *