পাঠভিত্তিক ক্রিয়া-কলাপ ১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) কোনবোৰ গীতক জ্যোতিসংগীত বোলে?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতবোৰক জ্যোতিসংগীত বোলে। তেওঁৰ গীতসমূহে দেশপ্ৰেম, স্বাধীনতা আৰু সমাজৰ পৰিৱৰ্তনৰ বাণী বহন কৰে।
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
(খ) জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ নামেৰে কিয় জনা যায়?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দি নাটক, গীত, কবিতা আৰু চলচ্চিত্ৰৰ জৰিয়তে সমৃদ্ধিশালী কৰি তুলিছিল। সেয়েহে তেওঁক ৰূপকোঁৱৰ বুলি জনা যায়।
(গ) শিল্পী দিৱস কোনদিনা আৰু কিয় পালন কৰা হয়?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনা ১৭ জানুৱাৰীক শিল্পী দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ অমৰ সৃষ্টিসমূহক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে এই দিনটো উদযাপন কৰা হয়।
(ঘ) তামোলবাৰী চাহ-বাগিচাখন ক’ত আছে?
উত্তৰ: তামোলবাৰী চাহ-বাগিচাখন ডিব্ৰুগড়ত অৱস্থিত। এই ঠাইতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
(ঙ) জ্যোতিপ্ৰসাদ আগৰৱালা লণ্ডনলৈ কিয় গৈছিল?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল।
(চ) তেওঁ জার্মানীলৈ কিয় গৈছিল?
উত্তৰ: তেওঁ বোলছবিৰ শিক্ষা ল’বলৈ জার্মানীলৈ গৈছিল। জার্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ কৌশল শিকি অসমীয়া চলচ্চিত্ৰজগতলৈ অৱদান আগবঢ়াইছিল।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ছ) তেওঁৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ: তেওঁৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম “জয়মতী”।
(জ) তেওঁৰ ৰচিত এখন নাটকৰ নাম লিখা।
উত্তৰ: তেওঁৰ ৰচিত এখন নাটকৰ নাম “শোণিত কুঁৱৰী”।
(ঝ) তেওঁৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰ: তেওঁৰ জন্ম ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচাত হৈছিল।
(ঞ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ: তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী।
২। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল-
- (ক) পৰমানন্দ আগৰৱালা
- (খ) আনন্দচন্দ্ৰ আগৰৱালা
- (গ) নিৰানন্দ আগৰৱালা
- (ঘ) সদানন্দ আগৰৱালা
উ:(ক) পৰমানন্দ আগৰৱালা
প্রথমখন অসমীয়া বোলছবিৰ নাম আছিল-
- (ক) যুঁজ
- (খ) ৰজা হৰিশ্চন্দ্ৰ
- (গ) সপোন
- (ঘ) জয়মতী
উ: (ঘ) জয়মতী
৩। তোমালোকে পাঠটোত ‘অসমীয়া’, ‘স্কুলীয়া’ৰ দৰে কিছুমান শব্দ পাইছা। আমি তেনেধৰণৰ কিছু শব্দ গঠন কৰোঁ আহা-
- অসমীয়া ← অসম + ঈয়া ⇒ অসমীয়া
- স্কুলীয়া ← স্কুল + ঈয়া ⇒ স্কুলীয়া
উ:
- ১। নিয়মীয়া ← নিয়ম + ঈয়া ⇒ নিয়মীয়া
- ২। আগতীয়া ← আগত + ঈয়া ⇒ আগতীয়া
- ৩। দীঘলীয়া ← দীঘল + ঈয়া ⇒ দীঘলীয়া
- ৪। শেহতীয়া ← শেহত + ঈয়া ⇒ শেহতীয়া
- ৫। সেউজীয়া ← সেউজ + ঈয়া ⇒ সেউজীয়া
- ৬। ঘূৰণীয়া ← ঘূৰণ + ঈয়া ⇒ ঘূৰণীয়া
৪। ‘শিল্পী’ আৰু ‘কৃষ্ণা’ শব্দ দুটাত থকা যুক্তাক্ষৰকেইটাৰ লগত পৰিচয় হওঁ আহা-
- শিল্পী -ল্প⇒ল্+প
- কৃষ্ণা – ষ্ণ⇒ স্+ণ
এই যুক্তাক্ষৰবোৰ থকা বেলেগ বেলেগ শব্দ পঢ়ো আৰু লিখোঁ আহা-
- শিল্পী
- গল্প
- অল্প
- কল্পনা
- বিকল্প
- বিষ্ণু
- সহিষ্ণু
- কৃষ্ণ
- তৃষ্ণা
- বৈষ্ণৱ
উ:
৫। পাঠটোৰ আৰম্ভণিতে থকা গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা। গীত ৰচনা কৰা লোকক গীতিকাৰ বোলে। এতিয়া কাষৰ বাকচটোত থকা শব্দকেইটা বাছি উলিয়াই কাক কি বোলে খালী ঠাইত লিখা।
উ:
ক) ছবি/চিত্ৰ অংকন কৰা লোক –চিত্ৰকৰ
খ) গীতত সুৰ দিয়া লোক – সুৰকাৰ
গ) কবিতা ৰচনা কৰা লোক – কবি
ঘ) নাটক ৰচনা কৰা লোক – নাট্যকাৰ
ঙ) গীত গোৱা লোক – গায়ক
চ) গীত ৰচনা কৰা লোক – গীতিকাৰ
জ্ঞান-সম্প্ৰসাৰণ ৬। ভাবোঁ, কওঁ আৰু লিখোঁ আহা-
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ বাহিৰে তুমি আৰু কাৰ কাৰ গীত শুনি ভালপোৱা? তেওঁলোকৰ কোনটো গীত তোমাৰ প্রিয়?
উত্তৰ: জ্যোতিপ্ৰসাদৰ বাহিৰে মই ভূপেন হাজৰিকা, খগেন মহন্ত, জুবিন গাৰ্গ আদি শিল্পীৰ গীত শুনি ভাল পাওঁ। ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটো মোৰ অতি প্রিয়। এই গীতটোৱে মানৱতা আৰু একতাক গুৰুত্ব দিয়ে।
(খ) তোমাৰ বিদ্যালয়ত উদ্যাপন কৰা শিল্পী দিৱসত তুমি কি কি কৰা?
উত্তৰ: আমাৰ বিদ্যালয়ত শিল্পী দিৱসত জ্যোতিপ্ৰসাদৰ জ্যোতি সংগীত গোৱা হয়, তেওঁৰ জীৱনী আলোচনা কৰা হয়, আৰু ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠান (নৃত্য, অভিনয়, কবিতা আদি) প্ৰদৰ্শন কৰোঁ। মই যোৱাবৰ্ষৰ শিল্পী দিৱসত “বিশ্ববিজয়ী নৱজোৱান” গীতটো গাইছিলোঁ।
(গ) শিল্পী দিৱসৰ উপৰি তোমালোকৰ বিদ্যালয়ত আৰু কি কি দিবস পালন কৰা হয়?
উত্তৰ: আমাৰ বিদ্যালয়ত স্বাধীনতা দিৱস (১৫ আগষ্ট), গণতন্ত্ৰ দিৱস (২৬ জানুৱাৰী), গান্ধী জয়ন্তী (২ অক্টোবৰ), শিক্ষক দিৱস (৫ ছেপ্টেম্বৰ), আদি পালন কৰা হয়। প্ৰতিটো দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, সাংস্কৃতিক কাৰ্যসূচী, আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়।
(ঘ) তুমি নিশ্চয় বোলছবি চাইছা? তুমি চোৱা দুখন বোলছবিৰ নাম কি কি?
উত্তৰ: হয়, মই বোলছবি চাওঁ। মই চোৱা দুখন বোলছবি হ’ল—
ক- মিছন চাইনা
খ –
৭। কাৰ গীতক কি বোলে লিখোঁ আহা-
উ:
ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতক জ্যোতি সংগীত বোলে।
খ) বিষ্ণু প্ৰসাদ ৰাভাৰ গীতক ৰাভা সংগীত বোলে।
গ) ড০ ভূপেন হাজৰিকাৰ গীতক ভূপেন্দ্র সংগীত বোলে।
৮। তলত অসমৰ কেইজনমান গীতিকাৰৰ ছবি আছে। ডাঙৰৰ সহায়ত ছবিৰ তলত তেওঁলোকৰ নাম লিখোঁ আহা-
উ:
১২। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
ক) যাদৱ পায়েঙৰ জন্ম ক’ত হৈছিল?
উত্তৰ: যাদৱ পায়েঙৰ জন্ম যোৰহাট জিলাত হৈছিল।
খ) তেখেতে গঢ়া অৰণ্যখনৰ নাম কি?
উত্তৰ: তেখেতে গঢ়া অৰণ্যখনৰ নাম “মুলাই-কাঠনি”।
গ) তেখেতে কি সম্মান লাভ কৰিছিল?
উত্তৰ: তেখেতে পদ্মশ্ৰী (২০১৫ চনত) আৰু “অৰণ্য-মানৱ” (জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা) সম্মান লাভ কৰিছিল।
ঘ) তেখেতক আমি কি উপাধিৰে জানো?
উত্তৰ: তেখেতক “অৰণ্য-মানৱ” (Forest Man) উপাধিৰে জনা যায়।
ঙ) আমি কিয় গছপুলি ৰুৱ লাগে?
উত্তৰ: গছপুলি ৰোৱাৰ প্ৰয়োজনীয়তা:
- বায়ু পৰিষ্কাৰ কৰে ৷
- মাটিৰ ক্ষয় ৰোধ কৰে।
- জীৱ-জন্তুৰ বাসস্থান সৃষ্টি হয়।
- পৰিৱেশৰ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰে।
চ) তোমাৰ জন্মদিনত কেইজোপা গছপুলি ৰোৱা?
উত্তৰ: মোৰ জন্মদিনত মই ২ জোপা গছপুলি ৰুৱাইছিলোঁ— এজোপা নিমগছ আৰু আনজোপা আমগছ। মই প্ৰতিবছৰে জন্মদিনত গছ ৰোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ!
প্রকল্প ১৩। জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে জনা যায়। এনেদৰে আৰু কোন ব্যক্তিক কি নামেৰে জনা যায়? ডাঙৰৰ সহায়ত এখন তালিকা প্রস্তুত কৰোঁ আহা
নাম | কি নামেৰে জনা যায় |
---|---|
গোপীনাথ বৰদলৈ | লোকপ্ৰিয় |
নবীনচন্দ্ৰ বৰদলৈ | |
তৰুণৰাম ফুকন | |
হেম বৰুৱা | |
বিষ্ণুৰাম মেধী | |
ৰঘুনাথ চৌধাৰী | |
যতীন্দ্ৰনাথ দুৱৰা | |
অম্বিকাগিৰী ৰায় চৌধুৰী |
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋