পাঠভিত্তিক ক্রিয়া-কলাপ ১। আলোচনা কৰা আৰু লিখা-
ক) শেৱালি ফুল কোন ঋতুত ফুলে?
উত্তৰ: শেৱালি ফুল শৰত ঋতুত ফুলে।
খ) পদ্যটিত থকা উৎসৱকেইটাৰ নাম কোৱা আৰু লিখা।
উত্তৰ: পদ্যটোত উল্লেখ থকা উৎসৱকেইটা হ’ল—
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
- দীপালী (দীপাবলী)
- ৰাস ।
গ) ধানৰ খেতিত কোনে চৰণ-ধূলি দিয়ে বুলি কবিয়ে কৈছে?
উত্তৰ: লখিমী (লক্ষ্মী) আইয়ে ধানৰ খেতিত চৰণ-ধূলি দিয়ে বুলি কবিয়ে কৈছে।
ঘ) তৰাই কিদৰে নাচে বুলি কবিয়ে ভাবে?
উত্তৰ: তৰাই ধানৰ খেতিত ৰূপোৱালী ঢউ তুলি নাচে বুলি কবিয়ে ভাবে।
ঙ) গোসাঁয়ে ক’ত ৰাস পাতিলে?
উত্তৰ: গোসাঁয়ে বৃন্দাবনত ৰাস পাতিলে।
২। তলৰ পদ্যফাকিৰ শব্দবোৰ খেলিমেলিকৈ দিয়া আছে। তাৰে প্ৰথম ফাকিৰ তলত সিহঁতৰ মূল পদ্যটোত থকা স্থান বুজোৱা সংখ্যাটো দিয়া আছে। দ্বিতীয় ফাকিৰো শব্দৰ তলত স্থানাংকবোৰ লিখি সংখ্যাৰ ক্ৰমত সজাই মাতি শুনোৱা-
জোনায়ে (১) নাচিলে (৪) তৰায়ে (৩) হাঁহিলে (২)
তুলি (৭) ঢউ (৬) ৰূপোৱালী (৫)
উ: দিনতে (২) নাশ (৭) ৰাতি (৪) অন্ধকাৰ (৫) দীপালীৰ (৩) হয় (৬) এনুৱা (১)
৩। ক) পাঠটোত উল্লেখ থকা তলৰ শব্দবোৰক অৰ্থৰ সৈতে মিলোৱা। লগতে অভিধান চাই কাষৰ খালী ঠাইত একে অর্থ বুজোৱা এটাকৈ শব্দ লিখা।
উ:
পাঠত উল্লিখিত শব্দ | অৰ্থ | একে অর্থৰ শব্দ |
---|---|---|
সিংহবাহিনী | দুর্গা | দেবী |
চৰণ | ভৰি | পদ |
গোসাঁই | কৃষ্ণ | হৰি |
অন্ধকাৰ | আন্ধাৰ | তমসা |
স্নান | গা ধোৱা | —- |
খ) তলৰ শব্দবোৰ পদ্যটোত কি ৰূপত ব্যৱহাৰ কৰা হৈছে, বিচাৰি লিখা।
উ:
গদ্যৰূপ | পদ্যৰূপ |
---|---|
এনেকুৱা | এনুৱা |
তৰা | তৰায়ে |
জোন | জোনায়ে |
দেৱালী | দীপালী |
লক্ষ্মী | লখিমী |
বৃন্দাবন | বিৰিন্দা বন |
৪। প্রথমটো চাই বাকীবোৰ একেদৰে পূৰ কৰা-
ক) ৰূপোৱালী ← ৰূপ + ওবালী, সোণ =
উ:
- শাৰদী = শাৰদ + ঈ
- আহিনী =আহিন + ঈ
- বহাগী = বহাগ+ ঈ
- মাঘী =মাঘ + ঈ
- জোনাকী =জোনাক + ঈ
- প্রাণী = প্রাণ + ঈ
জানো আহাঃ শব্দৰ শেষত ই- থাকিলে আৰু তাৰ লগত ‘এ’ যোগ হ’লে ‘ই’ৰ ঠাইত ‘য়ে’ হয়। যেনে- ভাই+এ ভায়ে
- গ) গোসাঁই-এ – গোসাঁয়ে,
- আই-এ – আয়ে
- পিতাই-এ – পিতায়ে
- ককাই-এ – ককায়ে
৫। “জোনায়ে হাঁহিলে তৰায়ে নাচিলে
ৰূপোৱালী ঢউ তুলি,
আই লখিমীয়ে ধানৰ খেতিত
দিলেহি চৰণ-ধূলি।”
-এই পদ্যফাকিত থকা শব্দবোৰ সলাই তুমি নিজাববীয়াকৈ পদ্য আকাৰত লিখা।
উ: “বতাহে হাঁহিলে ফুলে নাচিলে,
সোণোৱালী ৰ’দ বিৰিঙি;
আই পৃথিৱীয়ে বনৰ হেঁপাহে
দিলে সেউজীয়া চুমা।”
জ্ঞান-সম্প্ৰসাৰণ ৬। ভাবা আৰু লিখা-
৬। ক) পদ্যটোত তোমালোকে “নিয়ৰে কৰালে স্নান” বাক্যশাৰী পাইছা। ইয়াত ‘নিয়ৰে স্নান কৰোৱা’ কথাটোৱে নিয়ৰে তিওৱা বুজাইছে। তুমি নিয়ৰে কিহক কিহক স্নান কৰোৱা দেখিবলৈ পাইছা? কোৱা।
উত্তৰ: নিয়ৰে গছ-পাত, ঘাঁহ-বন, ফুল আদিক স্নান কৰোৱা দেখা যায়।
খ) পদ্যটোত উল্লেখ থকা উৎসৱকেইটাৰ উপৰি তুমি শৰৎকালত আন কি কি উৎসৱ দেখিবলৈ পাইছা? দলত আলোচনা কৰি কোৱা।
উত্তৰ: শৰৎকালৰ অন্যান্য উৎসৱ:
- দুর্গাপূজা
- কঙালী বিহু
- নৱৰাত্রি
গ) তুমি যোগদান কৰা যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচ শাৰী লিখা।
উ: মোৰ আটাইতকৈ প্রিয় উৎসৱৰ বিষয়ে পাঁচ শাৰী:
“মোৰ আটাইতকৈ প্রিয় উৎসৱ হ’ল বিহু। ইয়াক আমি বছৰে তিনিবাৰ পালন কৰোঁ—ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। ৰঙালী বিহুত আমি নতুন কাপোৰ পিন্ধো, বিহু নাচোঁ-গাওঁ ৷ কাতি বিহুত পথাৰত চাকি জ্বলাও ৷ মাঘ বিহুত মজাৰে ভোজ ভাত খাওঁ। এই উৎসৱত পৰিয়ালৰ সৈতে মিলি থকাৰ সুযোগ পাওঁ।”
ঘ) তোমালোকে পদ্যটোত শেৱালি ফুলৰ নাম পাইছা। শেৱালিফুল শৰতকালত ফুলে। কেইবিধমান ফুলৰ নাম লিখি কোনবিধ ফুল কেতিয়া ফুলে লিখা-
উ: ফুলৰ তালিকা:
ফুলৰ নাম | কেতিয়া ফুলে |
---|---|
শেৱালী | শৰত |
গোলাপ | বসন্ত-গ্রীষ্ম |
জবা | বৰ্ষা-শৰত |
৭। দফাটো পঢ়া আৰু সিপিঠিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা-
ক) গাৰোসকলৰ প্ৰধান উৎসৱটোৰ নাম কি?
উ: গাৰোসকলৰ প্রধান উৎসৱটোৰ নাম ওৱাংগালা।
খ) ওৱাংগালা উৎসৱটো কেতিয়া পালন কৰে?
উ: ওৱাংগালা উৎসৱটো নৱেম্বৰ মাহত (জুমখেতি চপোৱাৰ পিছত) পালন কৰে।
গ) এই উৎসৱটোৰ দ্বিতীয় দিনটোত কি কি হয়?
উ: এই উৎসৱটোৰ দ্বিতীয় দিনৰ কাৰ্য্য:
- থলুৱা খাদ্য প্রস্তুত কৰে।
- সূর্য দেৱতাক অর্পণ কৰি খায়।
ঘ) ওৱাংগালা উৎসৱত ডামাৰ বাহিৰে আন কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে?
উ: ওৱাংগালা উৎসৱত ডামাৰ বাহিৰে বাংছি, বাং নামৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে।
ঙ) এই উৎসৱটোক ‘এশ ঢোলৰ উৎসৱ’ বুলি কিয় কয়?
উ: এই উৎসৱটোক ‘এশ ঢোলৰ উৎসৱ’ বুলি কয় কাৰণ গাৰোসকলে ১০০টা ঢোল বজায়।
৮। দলত আলোচনা কৰি লিখা-
ধৰা, তুমি এখন সভাৰ আয়োজক। তুমি কিদৰে ভাষণ দিবা কোৱা আৰু লিখা-
উ: আজিৰ সভাৰ সভাপতি মহোদয় আৰু উপস্থিত ৰাইজ,
আজি আমাৰ এই সভাত আপোনালোকক লৈ অতিশয় আনন্দিত। শৰতকালীন উৎসৱৰ সৌন্দৰ্য্য আৰু আমাৰ সংস্কৃতিৰ সমৃদ্ধিৰ কথা আলোচনা কৰিবলৈ আমি এই সভাৰ আয়োজন কৰিছোঁ।
শৰতৰ নিৰ্মল আকাশ, শেৱালি ফুলৰ সুগন্ধি, ধাননিৰ ৰূপোৱালী ঢউ আৰু দীপালীৰ জ্যোতিয়ে আমাক এক সুন্দৰ সমাজ গঢ়াৰ প্ৰেৰণা দিয়ে। এই উৎসৱবোৰে আমাক একতা, সুখ আৰু আশীৰ্বাদৰ সৈতে সহয়োগ দিয়ে।
আজি আমি ইয়াত শৰতৰ মেলা জৰিয়তে আমাৰ সাংস্কৃতিক ঐতিহ্যৰ কথা আলোচনা কৰিলো, উৎসৱৰ তাৎপৰ্য্য বুজিবলৈ চেষ্টা কৰিলো আৰু অনাগত দিনত নতুন প্ৰজন্মক আমাৰ পৰম্পৰাৰ সৈতে যুক্ত কৰাৰ উপায় বিচাৰিম।
মোৰ এই ক্ষুদ্ৰ বক্তব্যৰ সামৰণিত, সকলোকে এই সভালৈ অহাৰ বাবে ধন্যবাদ জনাওঁ। আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিলোঁ।
প্রকল্প (ক্রিয়া-কলাপ ৯। আমি কোন কোন ঋতুত কি কি উৎসৱ পালন কৰোঁ, প্রয়োজনবোধে জ্যেষ্ঠজনৰ সহায়ত তাৰে এখন তালিকা প্রস্তুত কৰা-
উ: ঋতুভিত্তিক উৎসৱৰ তালিকা:
ঋতু | উৎসৱ |
---|---|
বসন্ত | হোলি, বাসন্তী পূজা |
গ্রীষ্ম | বিহু, ৰথযাত্রা |
বৰ্ষা | ৰক্ষাবন্ধন |
শৰত | দুর্গাপূজা, দীপাবলী |
Stay Updated Instantly on Whatsapp
We’ve just updated our class notes on Jonak Axom to help you prepare better and faster. For quick updates, important notifications, and exclusive content, join our WhatsApp Channel now!
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋