If you are looking for Class 10 Sanskrit Chapter 4 Solutions गीतामृतबिन्दवः then you are in the right place. Dear students in this post we will discuss all Sanskrit class 10 question answers from chapter 4. Let’s start.

Sanskrit Class 10 Solutions Chapter 4 Question Answer

गीतामृतबिन्दवः(গীতামৃতবিন্দৱ) চতুৰ্থ-অধ্যায়ৰ সম্পূৰ্ণ অসমীয়া অনুবাদ :

1/ত্বমাদিদেৱ: পুৰুষ: পুৰাণ

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

স্ত্বমস্য বিশ্বস্য পৰং নিধানম |

বেত্তাসি বেদঞ্চ পৰঞ্চ ধাম

ত্বয়া ততং বিশ্বমনস্তৰূপ || 

অসমীয়া অনুবাদ=আপুনিয়েই আদি দেৱতা, প্ৰাচীনতম পুৰুষ, এই পৰিদৃশ্যমান বিশ্বজগতৰ আপুনিয়েই শেষ আশ্ৰয়স্থল | আপুনিয়ে জ্ঞাতা আৰু আপুনিয়েই জ্ঞেয় ।পৰম স্থিতি – স্থান (বিষ্ণুৰ পৰম পদ) হে অনন্তৰূপধাৰী ,এই সমস্ত বিশ্বজগতখনকে আপুনি(অনন্ত ৰূপেৰে) ব্যাপ্ত হৈ আছে |

2/যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত |

অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৄজাম্যহম || ৭

অসমীয়া অনুবাদ=হে অৰ্জ্জুন, যেতিয়াই ধৰ্মৰ অৱনতি ঘটে ( হানি হয়)আৰু অধৰ্মৰ প্ৰভাৱ বাঢ়ে ,তেতিয়াই মই অৱতাৰ হৈ নিজকে প্ৰকাশ কৰো( আত্মদেহৰ সৃষ্টি কৰোঁ)।

3/পৰিত্ৰানায় সাধুনাং বিনাশায়চ দুষ্কৃতাম |

ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে || 

অসমীয়া অনুবাদ=সাধু লোকসকলৰ পৰিত্ৰাণৰ কাৰণে , পাপীবোৰৰ বিনাশৰ নিমিত্তে আৰু ধৰ্মৰ নীতিসমূহৰ পুনঃ প্ৰতিষ্ঠা কৰিবলৈ যুগে যুগে (প্ৰতিটো যুগতে)মই অৱতাৰ ৰূপে জন্মগ্ৰহণ কৰোঁ |

4/ সৰ্গাণামাদিৰন্তশ্চ মধ্যং চৈৱাহমৰ্জ্জুন |

অধ্যাত্মবিদ্যা বিদ্যানাং বাদ: প্ৰৱদতামহম্|| 

অসমীয়া অনুবাদ=হে অৰ্জ্জুন, ময়ে সৃষ্টিৰ আদি, মধ্য আৰু অন্ত, বিদ্যাসমূহৰ ভিতৰত মই আধ্যাত্মিক বিদ্যা আৰু তাৰ্কিকসকলৰ সিদ্ধান্তও ময়েই ।

5/প্ৰকৃতে: ক্ৰিয়মাণানি গুণৈ: কৰ্ম্মাণি সৰ্ব্বশ: |

অহঙ্কাৰবিমূঢ়াত্মা কৰ্ত্তাহমিতি মন্যতে || 

অসমীয়া অনুবাদ=প্ৰকৃতিৰ গুণত অৰ্থাত্‍ ঈশ্বৰৰ ইচ্ছাতে সকলো কাম হৈ আছে, কিন্তু অহং ভাবাপন্ন অজ্ঞ মানুহে নিজকে কৰ্তা অৰ্থাত্‍ মই কৰিছো বুলি ভাবে |

6/যদ যদাচৰতি শ্ৰেষ্ঠস্তত্তদেৱেতৰো জন: |

স য্ত্‍ প্ৰমাণং কুৰুতে লোকস্তদনুৱৰ্ত্ততে || 

অসমীয়া অনুবাদ=শ্ৰেষ্ঠজনে যি যি আচৰণ কৰে, সৰ্ব্বসাধাৰণে তাকেই অনুসৰণ কৰে | সেই শ্ৰেষ্ঠজনে যিটো প্ৰমাণ বুলি স্থিৰ কৰে, সাধাৰণলোকেও তাকে প্ৰমাণ বুলি বিবেচনা কৰি সেইমতে চলিবলৈ প্ৰয়াসী হয় (অনুসৰণ কৰে)।

7/ বাসাংসি জীৰ্ণানি যথা বিহায়

নৱানি গৄহাতি নৰোত্‍ পৰাণি |

তথা শৰীৰাণি বিহায় জীৰ্ণা

নন্যানি সংযাতি নৱানি দেহী || 

অসমীয়া অনুবাদ= যেনেদৰে এজন মানুহে পুৰণি জৰাজীৰ্ণ কাপোৰবাৰ পৰিত্যাগ কৰি নতুন কাপোৰ পৰিধান কৰে , তেনেদৰে জীৱাত্মাটোৱেও বৃদ্ধ আৰু জৰাজীৰ্ণ হৈ পৰা দেহ এৰি নতুন পাৰ্থিৱ দেহত আশ্ৰয় গ্ৰহণ কৰে |

8/কৰ্ম্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন |

মা কৰ্ম্মফলহেতুৰ্ভূৰ্ম্মাতে সঙ্গোত্‍ স্ত্বকৰ্ম্মণি || 

অসমীয়া অনুবাদ=কেৱল শাস্ত্ৰবিহিত কৰ্মসমূহ কৰি যোৱাৰ বাবেহে তোমাৰ অধিকাৰ আছে । সেই কৰ্মৰ ফলৰ ওপৰত তোমাৰ অধিকাৰ কেতিয়াও নাথাকে । তুমি কেতিয়াও নিজকে তুমি কৰা কৰ্মসমূহৰ ফলৰ কাৰণ বুলি নাভাবিবা আৰু কেতিয়াও তুমি তোমাৰ কৰ্তব্য নকৰাকৈ থকা অৱস্থাৰ প্ৰতিও আসক্ত নহ’বা । অৰ্থাত্‍ অনাসক্তভাৱে ফলাফলৰ ভাৰ ভগৱানৰ ওপৰত অৰ্পণ কৰি কৰ্ম্ম কৰি যোৱা |

9/জ্ঞানবিজ্ঞানতৄপ্তাত্মা কূটস্থো বিজিতেন্দ্ৰিয়: |

যুক্ত ইত্যুচ্যতে যোগী সমলোষ্টাশ্মকাঞ্চন: || 

অসমীয়া অনুবাদ=গুৰু বা শাস্ত্ৰৰ পৰা পোৱা জ্ঞান আৰু তাৰ অন্তৰত উপলব্ধি স্বৰূপ বিজ্ঞানৰ দ্বাৰা যাৰ অন্তৰত উপলব্ধি স্বৰূপ বিজ্ঞানৰ দ্বাৰা যাৰ আত্মা তৃপ্ত হৈছে, যি নিৰ্ব্বিকাৰ আৰু জিতেন্দ্ৰিয়, যি শিলগুটি, মাটি আৰু সোণ সকলো বস্তকে সমান(একেই) দেখে, এনে যোগীকে যোগসিদ্ধ বোলে |

10/অসংশয়ং মহাবাহো মনো দুৰ্নিগ্ৰহং চলম |

অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেণ চ গৄহ্যতে || 

অসমীয়া অনুবাদ= পৰমেশ্বৰ শ্ৰীভগৱানে ক’লে, হে মহাবীৰ কুন্তীনন্দন, মন যে চঞ্চল আৰু তাক শাসন কৰা কঠিন তাত সংশয়(সন্দেহ) নাই ,কিন্তু অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা এইটো সম্ভৱ অৰ্থাত্ এই মনক বশীভুত কৰিব পাৰি |

11/যত্ৰ যোগেশ্বৰ: কৃষ্ণো যত্ৰ পাৰ্থো ধনুৰ্দ্ধৰ: |

তত্ৰ শ্ৰীৰ্বিজয়ো ভুতিৰ্ধ্ৰুৱা নীতিৰ্মতিৰ্মম || 

অসমীয়া অনুবাদ=যি পক্ষত স্বয়ং সৰ্ব্বযোগৈশ্বৰ্য্য সম্পন্ন শ্ৰীকৃষ্ণ বিদ্যামান, যি পক্ষত শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জ্জুন বিদ্যামান, সেই পক্ষতে শ্ৰী(সম্পদ), বিজয় অলৌকিক শক্তি আৰু স্থিৰ নীতি বিৰাজ কৰে | এয়ে মোৰ দৃঢ় ধাৰণা |

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *