একাজলি মৰম Kobita Assamese
তুমি হাঁহিলে তোমাৰ মুখখনি
আৰু ধুনীয়া হৈ পৰে
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
সদায় হাঁহিয়েই থাকিবাচোন
চকুত তুমি কাজল ললে তোমাৰ চকু দুটি
এনে লাগে যেন সাগৰৰ দৰে গভীৰ
সদায় এনেকৈয়েই থাকিবাচোন
আনক কৰাৰ দৰে মোকো অলপ মৰম কৰিবাচোন
তোমাৰ একাজলি মৰম মোকো দিবাচোন
পাৰিবানে দিব
Name: Rahul Gogoi
Tengakhat, Dibrugarh
হিয়াৰ লগৰী Assamese Poems
তুমি মোৰ হিয়াৰ লগৰী
তুমি যে মোৰ সপোনৰ কুৱৰী ।
তুমাক মই
সপোনত
সদায় কিয দেখা পাও
ইয়াকে কয় নিকি
প্ৰেম ,
ভালপোৱা ।
মোৰ তোমালৈ প্ৰতি পলে
মনত পৰে
সেয়ে
কেতিয়াবা তুমি
ভালপোৱা আমাৰ
গাঁৱত থকা সেই
নদীখনৰ
ফালে ফুৰিবলৈ যাও।
নদীখন দেখিলেই
তোমাৰ কথা
মনত পৰে
কিয় জানা
কাৰন তোমাৰ মনতো
সেই নদী
খনৰ
দৰে বিশাল আৰু
তোমাৰ মনতো ও
নদীখনত বৈ
থকা
পানীবোৰৰ দৰে বিশুদ্ধ ।
নদীৰ পাৰত বহি
তোমাৰ আৰু
মোৰ
সেই আগৰ স্মৃতিবোৰ
মনত পেলাও ।
ওলপ সময়ৰ বাবে মই
মনত
বুজাব নোৱাৰা
আনন্দ পাও ।
তোমাৰ মনত আছেনে
তুমি যে কৈছিলা
নদীখনৰ
ওচৰতে থকা
সৰু বৰ নানান ধৰনৰ
গছ গছনিৰে ভৰা
পাহাৰখনৰ
এদিন
একেবাৰে ওপৰলৈ
উঠিম বুলি । ।
মোৰ মনত
আছে
তোমাৰ গোটেই কথাবোৰ
কাৰণ তুমি মোৰ
হিয়াৰ
লগৰী ।।
নাম ‘:- মানস প্ৰতীম মালী ,
ঠিকনা :-
বৰিহাট , মিৰ্জা ,
জিলা :- কামৰূপ
তুমি আৰু মই Poem Assamese
তোমাৰ হাঁহিতেই সূৰুজমুখীৰ দৰে ফুলি উঠে মোৰ কলিজা ।
মোৰ বুকুৰ হালধীয়াবোৰো
প্ৰাণ পায়
সেউজীয়া হৈ পৰে মাথোঁ তোমাৰ ভাবনাতেই ।
তুমি কেতিয়াবা এক
বিৰাট ডাঙৰ সাথৰ হৈ ধৰা দিয়া মোৰ মনত ।
আৰু যে তোমাৰ মোৰ প্ৰতি থকা অবুজ
অভিমানৰ টোপোলাবোৰ ,
এইবোৰেই মোৰ জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা।
নিবিচাৰোঁ
তোমাৰ পৰা
আৰ.চি,DSLR নাইবা বিলাসী কাৰ
মাথোঁ প্ৰতিশ্ৰুতি
বিচাৰোঁ তুমি মই হাতে হাত ধৰি, সুখ-দুখৰ সমভাগী হৈ
এই জনসমূদ্ৰত আগবাঢ়ি
যোৱাৰ।
নালাগে তুমি মোক আনি দিব ৰেষ্টুৰেণ্টৰ দামী দামী খাদ্যবোৰ
আৰু
নালাগে তুমি মোক গঢ়াই দিব সোণ ৰূপ কিম্বা হিৰাৰ অলংকাৰো ।
যদি তুমি মোক
মৰমেৰে আগবঢ়াই দিয়া
বাচ ষ্টেণ্ডৰ চুকৰ সৌ হোটেলখনৰ চাহ মিঠাই নতুবা
ফুটপাথৰ কাষৰ দোকানবোৰত ধুনীয়াকৈ সজাই থোৱা মৰ্টনৰ টেমাৰ পৰা কেইটামান মৰ্টন আৰু
তোমাৰ বিশ্বাস ভৰা হাতখন
বচ্ তাতেই সুখী মই।
তুমি মোৰ বাবে সাঁচি ৰখা
তোমাৰ বুকুৰ সেই নিভাঁজ মৰমবোৰ আৰু তোমাৰেই মনৰ দাপোনত সাঁচি থোৱা মোৰ
পগলামীবোৰ।
আৰু যে সেই সৰু সৰু কথাতেই মোৰ সৈতে কাজিয়া লাগি মোৰ ওপৰত তুমি
কৰা খঙবোৰ।
সেইবোৰেই তোমাক মোৰ হৃদয়লৈ
মিচিকিয়া হাঁহি মাৰি আদৰণি
জনায়।
আমাৰ দুয়োৰে অজুত কল্পনা আৰু আবেগবোৰ লগ হৈয়ে ৰচিছে আমাৰ জীৱন
যাত্ৰাৰ
অন্য এক সামৰণি হীন পৃষ্ঠা ।।
নাম- শ্ৰীমতী কুকী মহন্ত।
ঠিকনা মৰাণ , ৰাঙলী
অতীত আৰু তুমি Assamese Poem For Love
উজাগৰি নিশা কাৰে কথা
ৰিণিৰিণি সৌ দূৰ নিলগৰ সুৰটি
কৰ্ণৰ যেন ভিতৰে বুকু ভেদিছে
সপোন নে দিঠক
মাতটিত যেন দেহ জীপাল পৰিছে
কোনো যেন দূৰ অতীতে ৰিঙিয়াই
কিছু আবেগ সৃষ্ট ঝংকাৰ
পাহৰণিৰ গহ্বৰত যেন খুন্দিয়াইছে
কিযে এক মধুৰ আচ্ছাদন
নিদ্ৰা ভংগৰ কাৰণ জানোঁ তুমি??
নহয় টো!!!
মোৰ বাবেটো তুমি আজিও মোৰ বৰ্তমান
কিন্তু কিয় জানো ৰিঙিয়াইছা
অতীত সুৰৰ তালত
কিনো কবি অ’ তই
প্ৰেমৰ সেই কঠিয়াতলী
বৰষুণ এজাকৰ অপেক্ষাত যেন
আজিও বিচৰণ পথত
বিচৰণৰ কাৰণ জানোঁ মই নে তুমি
এৰা: অ,কঠিয়াৰ বীজ বোৰ তেনেই শূন্য
কেনেকৈ দিম তাত,কাৰে নো হাতৰ বীজ
চৰাই হৈ আহিছ নে পানী হৈ আহিছ
চকুৰেনো চাও কেনেকৈ
এইকণ সাহস আছে জানোঁ
মনৰ ভিতৰত এই বাৰ্তা পাইছনে তই
জোনটিৰ মাজতে তোক বিচাৰিছো
নহ’লেনো চাওঁ কেনেকৈ
অন্যই জানোঁ বুজিব
আমাৰ মিলন দূপৰৰ কথা
সেয়েহে নিশাৰ সুৰৰ জোনৰ আহৰণত
দিবি জানোঁ দেখা
আহিব জানোঁ আকৌ
মিলনৰ দূপৰ বেলা
-বৈষ্ণৱী ডেকা
গুৱাহাটী
প্ৰেমৰ কবিতা Assamese Poem For Love
চেতন অথবা অৱচেতনত
কঢ়িয়াই ফুৰিছো তোমাৰ অৱস্থিতি
তোমাৰ নিশ্বাসত ঘনিষ্ঠতা কৰিছো
মোৰ উশাহবোৰ…………
মনৰ অৱসাদ ফালি
কলিজাৰ গহ্বৰত তোমাৰ পদাৰপণে
হালধীয়া অথবা সেউজীয়া প্ৰেমৰ
বীজ সিচিঁছে…….
মেঘ আৰু বতাহৰ উশাহবোৰ
জীপাল হৈ সংশ্লেষিত হৈছে
ঠিক তেনেকৈ….তোমাৰ উশাহবোৰ
মোৰ দীঘলীয়া হুমুনিয়াহ হৈ
হৃদয়ত তৰংগিত কৰিছে হেপাঁহৰ…….
তোমাৰ কথাবোৰ গান হৈছে
অভিমানবোৰ সুৰ হৈ ভাহিঁছে
মোৰ সংশ্লেষিত প্ৰেমিক মনত,
তোমাৰ সৈতে কটোৱা নিমিত্ত মুহুত্ববোৰ
সুখ হৈ পদাঘাত কৰিছে মোৰ দুচকুত
হৃদয়ৰ খিৰীকিত সৃষ্টি হৈছে
প্ৰেমৰ কবিতাৰ টোপাল টোপাল আলোড়নৰ…..
সঠিককৈ ক’ব নোৱাৰিম
এইয়া চাগে তোমাৰ প্ৰতি উদ্ভাসিত হোৱা প্ৰেম
অফুৰন্ত মৰম আৰু ভালপোৱাৰ ঠিকনা
সচাঁকৈ মই তোমাৰ প্ৰেমত পৰিছো নেকি……?
উজ্জ্বল দত্ত
গোলাঘাট
তুমি মোৰ স্বপ্ন Assamese Poem For Love
সৌ দূৰ আকাশলৈ লক্ষ্য কৰিছা?
অলেখ তৰাৰ মাজতো জোনটো জিলিকি থাকে।
ঠিক তেনেকৈ………
কেতিয়াবা মোৰ হৃদয়ৰ কোণে কোণে
বিচাৰি চাবা চোন
দিঠক যেন লগা তুমি নামৰ সপোনটিক
বিশ্বাস কৰা , নিজকে হেৰুৱাই দিবা নিদ্ৰাত বিভোৰ মোৰ নয়ন যুৰিত।
কেতিয়াবা হয়তো প্ৰশ্ন উঠিব , নিদ্ৰাহীন দুচকুত স্বপ্ন হৈ কেনেকৈ সৰিবা
তেন্তে শুনা , নিয়ৰ সৰা দুৱৰিত
গৰকি অহা বৰষাৰ টোপাল বোৰক
এবাৰ সুধি চাবা মোৰ ঠিকণাটি
অনুভূতিৰ নিদ্ৰাত দোলা দিয়া
এটি মিঠা নিদ্ৰা ও নিদ্ৰাহীন স্বপ্নয়ে
আহি মোৰ দুচকুত ধৰা দিয়েহি।।
মাইনু ফুকণ
দুলীয়াজান(ডিব্ৰুগড়)
নিয়ৰৰ ৰুণজুন Assamese Poem For Love | Assamese Poetry
নিয়ৰ তুমি মোৰ প্ৰিয় আপোন ,
মনত আছেনে তোমাৰ ;
সেই যে দুৱৰী লগত মোক
আমন্ত্ৰণ জনাইছিলা
এক প্ৰভাটি পুৱা ।।।
তোমাৰ ৰুণজুনত ধাৱমান হৈছিলোঁ।
সেই যে তোমাৰ পৰশৰ
প্ৰতিটো বিন্দুতে দেখা পইছিলোঁ,
অপূৰ্ব মণি মুকুতা।
এতিয়া তুমি শীত হৈ আহিলা
ললা এক অন্য ৰূপ,
তোমাৰ নূপুৰৰ ৰুণজুনত
এতিয়া মই সৰ্বশৰী
কঁপিছোঁ থৰথৰকৈ ।
আগৰ সেই মলিয়ন কাপোৰযোৰেই
দেহত লাগি আছে।
প্লিজ এই নিৰ্জন ৰাতি মোক
আঘাত নকৰিবা শীত হৈ।
ৰাতি হৈ আহিছে তোমাৰ
প্ৰকোপো বাঢ়িছে।
আউল লগা মোৰ কোঠালিটো
উশৃংখল হৈ পৰিছে।।
-হেমন্ত গগৈ
তুমি আহিবা Assamese Poem For Love | Assamese Poetry
পদুলি মোৰৰ চতিয়না জোপা
এতিয়াও আছে জানা
শৰতৰ গধূলি সদায়ে গোন্ধায়
ক’ৰবাত কেতিয়াবা তোমাক
পোৱাৰ অনুভৱ বাৰুকৈয়ে হৃদয় চুই যায় ।
মুই মাথো অনুভৱ হে কৰোঁ
মৰিচিকাৰ দৰে বিচাৰি ফুৰো
আকৌ কিজানি তুমাক দেখি পাওঁ।
সময় বোৰ বৰ নিষ্টুৰ তুমি যে আহিব নোৱাৰা বুলি জানিও
হেঁপাহেৰে বাট চাই ৰও তুমি আহিবা……..।
ফাৰহিন আহমেদ
যোৰহাট ( টিয়ক)
মা-দেউতাৰ পিছত তুমি Assamese Love Poem
পুৱাই শুই উঠি প্ৰথমটো উশাহ
মোৰ মা দেউতাৰ নামত
দ্বিতীয় উশাহ তোমাৰ নামত
বিলীন কৰি দিও ✌️
সুৰুয যদি মা দেউতা হয়
তাৰে পোহৰৰ কণিবোৰে
তোমাৰেই নাম লই
জীৱন নামৰ নাটকখনিত
মা দেউতাই সংগ্ৰাম শিকাই
সেই সংগ্ৰামত উজুতি খালেও
জীৱনটোৱে তোমাৰ হাতখন বিচাৰি পায় আবেলিৰ ৰামধেনুৱে মা দেউতাৰ
লগত মৰমৰ এনাজৰী ডাল বঢ়াই
সন্ধিয়াৰ আকাশৰ মায়াসনা জোনাকে বা বৰষুণে তোমালৈ মনত পেলাই
ৰাতিপুৱাৰ আৰম্ভণি যদি
মা দেউতাৰ কুশল বাৰ্তাৰে হয়
ৰাতি শিতানৰ গাৰুটিত মুৰটো পেলাই ফোনৰ সিপাৰে তুমি কুশলে থকা বুলি
তোমাতেই শেষ হয়
কিয়নো মা দেউতাৰ পিছত
তুমি নামৰ উপসৰ্গ এটি
নতুনকৈ যোগ হয়🧑
লভিতা দ্ৰিমলী হালৈ ।
দেউতা Assamese Poem On Father
সুখৰ আন এটি নাম তুমি
দিঠকৰ সঁচা ৰূপ তুমি
তুলনাহীন শক্তি তুমি
তুমিয়ে সকলোৰে অৰ্থ দেউতা
তুমি ধুনীয়াকৈ সজোৱা সপোনৰ ঘৰখন জীয়াই থকাৰ আদৰ্শ তুমি
জীৱন ৰঙৰ তুমি ৰঙ ৰঙা
তোমাক পালে জীৱনটো বুজি পাও সচা
দেউতা তোমাৰ শক্তি অনন্য
জীয়াই থকাৰ তুমিয়ে প্ৰেৰণা
সুখ ৰ দলি চাৰ ফুল হৈ ফুলা
বোৱতী জীৱন নদীৰ নৌকা
দেউতা
প্রতিটো ধুমুহাৰ ৰাতি মোৰ কপালত তোমাৰ অদৃশ্য স্পৰ্শসোঁৱৰাই আছিলা
কিজানি…ধুমুহাত বিধ্বস্ত হৈও ওঁঠত লাগি ৰৈছিল যি জীৱনৰ গান সেই গানৰ সুৰো
তোমাৰেই নাছিলনে দেউতা…??কেৱল মাত্র থিয় হ’বলৈ শিকা নাছিলোঁ মই ,তুমি শিকাইছিলা
কেনেকৈ খোপি খোপি বাট বুলিব লাগে, ধুমুহাৰ পথত কেনেকৈ থিয় হব লাগে যন্ত্রণাৰ
নদীৰ পাৰত।কি মোৰ ল’ৰালি কি কৈশোৰ সেই একেখন আকাশ হৈয়েই আৱৰি ৰাখিলা
মোক ৰন্ধ্রে ৰন্ধ্রে প্রৱাহিত হৈ থাকিল তোমাৰ বিশ্বাস…তোমাৰ জীৱনৰ আদিপাঠ।
কৃষ্ণালী ওজা
চতিয়া ,ভকত গাওঁ
ক’ত গ’ল সেইদিনবোৰ Assamese Sad Poem
জানা! আজিও সেইদিনবোৰ মনত পৰিলে চকুলো বৈ আহে
কিমান যে মধুৰ আছিল সেইদিনবোৰ
এতিয়া কেৱল স্মৃতি হৈ ৰৈ গ’ল
তোমাৰ সৈতে কটোৱা প্ৰতিতো ক্ষণ
সচাঁকৈ বৰ মধুৰ আছিল
আকৌ জানো আহিব
সেই দিনবোৰ ঘূৰি?
নাজানো তুমি কিয়
সলনি হৈ গ’লা
আজি হয়তো তোমাৰ চকুত
মই এজনী অচিনাকী হৈ ৰ’লো
নোৱাৰিলো জানা আজিও কাৰোবাক বুকুৰ আপোন কৰি ল’বলৈ
নাজানো তুমি কি যাদু কৰি গ’লা
বুকুৰ আপোন তুমিয়ে হৈ ৰ’লা
অংকিতা কলিতা
১ নং আনন্দনগৰ
জুপুৰিৰ ৰাজকোৱৰ Assamese Love Poem Image
জুপুৰিৰ ৰাজকোৱৰ মই
নাই মোৰ কোনো উচ্চ অট্টালিকা
আছে মোৰ হৃদয়ত সৰু এটি পজা
আৰু হৃদয়ৰ চোকত থকা পজাখনৰ
একমাত্ৰ গৰাকী তুমিয়েই!
নাই মোৰ কোনো android বা
smart phone ৰ লিষ্ট…
গুৰি নুফুৰো মই দিনৰ দিনটো
Facebook কিম্বা WhatsApp ত
কিন্তু মোৰ সুখবোৰ সম্পূৰ্ণ ৰূপে
আগুচি ৰয় তোমাৰ কাষৰতেই!
নাই মোৰ কোনো বিলাসী বাহন
কিন্তু তোমাক হৃদয়ৰ দলিচাত চিৰদিন
আকোঁৱালি ৰখাৰ দায়িত্ব মোৰ।
হয়তো নোৱাৰিম কাহানিও তোমাক
এটি বিলাসী জীৱন দিবলৈ…
কিন্তু মোৰ হৃদয়ত অতি উচ্চ আসন
অধিকাৰ কৰা জনী আন কোনো নহয়।
হয়, মই জুপুৰিৰ ৰাজকোঁৱৰ
নোৱাৰিম হয়তো সন্ধিয়া তোমাক
পাৰ্ক নাইবা ৰেস্তোৰাঁত লৈ গৈ
Fast food অৰ্ডাৰ কৰি খুৱাবলৈ…
কিন্তু সন্ধিয়া হাতত ধৰি ৰাস্তাৰ কাষৰ
তুমি ভালপোৱা পানীপুৰিৰ সোঁৱাদ
দিবলৈ মই যথাসাধ্য চেষ্টা কৰিম।।
দিব নোৱাৰিম হয়তো তোমাক কেতিয়াও
দামী শাৰী নাইবা অভিলাসী গহনা,
কিন্তু ফুটপাথত ওলমি থকা আটাইতকৈ
ধুনীয়া শাৰী আৰু কপৌফুলৰ মালা ডাল
অতি মৰমৰে তোমালৈ বুলি
লৈ আনিব পাৰিম।
আৰু এইখিনিতে মোৰ জীৱনৰ
সম্পূৰ্নতা বুলি ভাবি লম।।
– ফাৰিহা জামান চৌধুৰী
প্ৰেমিক চৰাই Assamese Romantic Poem For Love
শাওনৰ প্ৰথমজাক বৰষুণত মই
অকলশৰে তিতি আছিলোঁ।
এনেতে, তেওঁ মোক
সোমোৱাই লৈছিল
তেওঁৰ ছাতিৰ তলত,
মোৰ চুলিৰ মাজেৰে
সৰি পৰিছিল
টোপাল টোপাল যৌৱন
লাহে লাহে তেওঁৰ অচিনাকি
গোন্ধটো মোৰ চিনাকি হৈ পৰিছিল।
মতলীয়া দুটি মন উৰি গৈছিল
প্ৰেমিক চৰাই হৈ।
-জেবিন ফাৰহানা
কমাৰফদিয়া,শিৱসাগৰ
অমানিশা Assamese Short Poem
নালাগে মোক উভতাই দিব সেই তমসা ভৰা সপোন বোৰ!
সীমাবদ্ধ হ’ব নুখুজো সেই তপত উষ্ণতাত…
আৰু কেতিয়াও নব’য় তোমালৈ মোৰ মৰমৰ বতাহ…
প্ৰতাৰণাৰ বীজ আৰু সিঁচিব নাহিবা…
হৃদয়ৰ কোণত তোমাক মই যেনেকৈ ৰাখিছিলো,
সেই মনৰ জীৱটিক ঘৃণাবলৈ নিদিবা!!
ভাল তোমাকেই পাম আজীৱন..
বৰ্তমানৰ তোমাক নহয়..
আৰু নাহিবা তুমি মোৰ মনৰ বতাহজাক ব’লাবলৈ..
অনুপ, মৰিগাঁও
কথোপকথন Assamese Poem Love
তুমি সুধিছিলা “কবিতা কি ?”
মই কৈছিলো “মোৰ জীৱন ।”
তুমি আকৌ সুধিছিলা “তেন্তে মই তোমাৰ বাবে কোন?”
মই কৈছিলো “সেই জীৱনটোৰ উশাহ ।”
তুমি বাচনি কৰিব দি সুধিছিলা “মই নে কবিতা ?”
মই কৈছিলো ” উশাহ অবিহনে জানো জীৱনটো জীয়াব পাৰিম ।”
তুমি সুধিছিলা ” প্ৰতিটো কথাই কবিতা আকাৰে কোৱাটো প্ৰয়োজনীয় নেকি ?”
মই কৈছিলো ” তোমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰেই মোৰ কবিতাৰ উৎস ।”
তুমি কৈছিলা “কথাবোৰ কথা হৈয়েই জাহ যাবলৈ দিয়া মিছাই কবিতাত স্থান দি সজীৱ কৰি
নাৰাখিবা ।”
মই কলো “তোমাৰ প্ৰতিটো কথাত যদি কবিতা নিগৰে তেনেহলে সেই কথাক কবিতাত স্থান
নিদিয়াৰ দুঃসাহস মই কৰিব নোৱাৰো ।।”
-গোকৰ্ণ দাস
ডাকুৱাপাৰা, বকো
আপোনাৰ সূত্ৰে আপোনাৰ প্ৰেমত পৰিম আজি Assamese Love Poem
ধৰি লওক
আজি মই আপোনাৰ প্ৰেমিকা…
হাঃহাঃহাঃ অংক কৰোতে যে কৰিছিল
ধৰা হ’ল x=y
তেনেকুৱা কিবা বুলিয়ে ভাৱক
সমাধানটো “LOVE TO THE POWER INFINITY” য়ে হ’ব…
হৃদয়খনক আজিৰ বাবে আপোনাৰ জীৱনত
“+” কৰি লওক
কবতো নোৱাৰি
সূত্ৰবিহীন অংকটোৰ কিজানি
“x=মই” প্ৰমাণিত হও…
ত্ৰিভুজ.. আয়ত.. বৰ্গ
কি ৰূপত মোৰ প্ৰেমক সজাব?
বিশ্বাস কৰক কালি.. পৰিধি উলিয়াব নোৱাৰাকৈ
আজিৰ বাবে মোৰ ভালপোৱা অপাৰ…
এহ বাদ দিয়ক পাইথাগোৰাছ.. ইউক্লিদৰ
জটিলতাৰ মেৰপাকৰ সূত্ৰ
তাতকৈ আজি মাথো আজিৰ বাবে মোৰ প্ৰেমিক হওঁ
ভনীতা শৰ্মা
নলবাৰী
প্ৰেমৰ দস্তাৱেজ Assamese Poem For Love
কটন কলেজৰ সেই মায়াময় সন্ধিয়া
তলসৰা বকুল ফুল গচকি
সোমাইছিলা মোৰ হৃদয়ৰ দুৱাৰডলিত ।
আজিও সজীৱ হৈ চকুত ভাহি উঠে
কেণ্টিনৰ বাৰান্ডাৰ সেই মিচিকিয়া হাঁহিটো
মনত পৰিলে আজিও লাজত ৰঙা পৰি উঠো জানা
লগৰবোৰে জোকোৱা দিনটোৰ কথা ।
তোমাৰ কবিতা কবিতা লগা চকুহালতে
বিচাৰি পাইছিলো তুমি কʼব খোজা
সকলো কথা ।
নাজানো কিয় বা ? লগ পালেইচোন মোৰ
কথা প্ৰকাশৰ সকলো মাধ্যমেই
ৰুব্ধ হৈ পৰে ।।
নেলাগে একো ক’বলে তুমিও
এনেকৈয়ে পাৰ হৈ যাব দিয়ানা দিনবোৰ…
মাজৰাতি কথা পাতিম দুয়ো
জোনাকৰ বৰষুণত তিতি-বুৰি
আকাশৰ সৰু তৰা গনি গনি
হেৰাই যাবলৈ নিদিবা আমাৰ এই
সপোনৰ দিনবোৰ…
ভয় লাগে দিনবোৰৰ লগতে তুমিও
হেৰাই যাবা নেকি বুলি ।।
বহুদিন ধৰি হাঁহিবলৈ পাহৰি গৈছিলো জানা
আজি তোমাৰ আগমনে
দিছে এমুঠি হাঁহিৰ খোৰাক
এক নতুন দিগন্তৰ চানেকি ।
আজি অত সংগ্ৰামৰ মাজতো
তোমাৰ বাবেই হাহিব শিকিছো …।
তোমাৰ বাবেই শিকিছো
সপোন দেখিব…
যত থাকিব এটি মৰমৰ সৰু পজা
আৰু তুমি ময়েই মিলি
এটি সৰু পৰিয়াল…
তোমাৰ সৰু সৰু কথাৰ অভিমানবোৰত
মই পাও এমুঠি সান্তনা..
মাত্ৰ এটা কথাই কওঁ তোমাক
খং নকৰিবা মোৰ সোণজনী
তুমি খং কৰিলে
দুখত জৰ্জৰিত মোৰ হৃদয়খন
বৰফ হৈ গলি যাব খোজে..।
সপোন বোৰ ভাঙি যাব নিদিবা
অভিমানৰ কেঁকুৰিত আমাৰ
মৰম বোৰ সজীৱ হৈ থাকিব দিয়া ।।
নাম : অভিজিৎ হালৈ
ঠিকনা : পাঠশালা (বৰপেটা জিলা)
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋
Page tu jn ru aguai jai tare kamona krlu
জোনৰ অসমৰ সকলোবোৰ post উপকাৰী আৰু আমোদজনক, পেজ খনে যাতে আগন্তুক দিনত অধিক জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হয় । ধন্যবাদ
জোনাক অসম আগুৱাই যাওঁক এনেদৰে জয়তু জোনাক |
Google or kobita kidore upload koribo pari jonabo sun moiu kobita likhu porhu val lage kisuman kotha kobitare prokakh kori
বৰ ভাল কবিতা লিখিছে।