Hey folks! Are you looking for the best Assamese funny jokes or catchy Assamese captions to spice up your Facebook and Instagram posts? Well, you’re in the right place! Assamese humor is as colorful as its culture, and today, we’re diving into a world of laughter, wit, and creativity.

In this blog post, I’ll share a collection of hilarious Assamese jokes that are guaranteed to tickle your funny bone and captions that will make your social media shine. Whether you’re posting a picture, sharing a story, or just looking for something to brighten your day, this post has something for everyone. Ready to laugh your heart out? Let’s get started!

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

Note: This assamese Jokes are collected from different sources including facebook, telegram other sources. If you have any complain about this please write for us.

ডাক্তৰ বনাম ইঞ্জিনীয়াৰ: Assamese Funny Doctor Engineer Jokes

এবাৰ এজন ইঞ্জিনীয়াৰে চাকৰি নাপায় এখন ক্লিনিক খুলিলে! সন্মুখত এখন বৰ্ডত লিখি ৰাখিলে: ইয়াত চিকিৎসাৰ খৰছ ৩০০ টকা, যদি ইয়াত চিকিৎসা কৰিলে ভাল নহয় তেন্তে ১০০০ টকা ঘূৰাই দিয়া হব!..

কিছুদিন পিছত সেইফালে এজন ডাক্তৰ গৈ আছিল..

ফ্ৰীতে কেইটামান টকা ঘটিবলৈ তেওঁ ক্লিনিক খনলৈ সোমাই গ’ল!

ডাক্তৰঃ মই যি বস্তু খাওঁ, একো সোৱাদ নাপাওঁ.. আপোনালোকৰ তাত কিবা চিকিৎসা আছেনে এই বেমাৰটোৰ?

ইঞ্জিনীয়াৰে সহকৰ্মী নাৰ্চজনীক কলে: চৈধ্য নম্বৰ দবাটোৰ দুটোপাল ঔষধ এখেতক খোৱাই দিয়া!

(ঔষধ খিনি খোৱাৰ পিছত)

ডাক্তৰ: চিহঃ এইয়া দেখুন কেৰাচিন তেল!

ইঞ্জিনীয়াৰঃ চাব্বাচ, আপোনাৰ জিভাৰে সোৱাদ গম পোৱা হৈছে, দিয়ক ৩০০ টকা!

ডাক্তৰ জন বেয়াকৈ লাজত পৰিল, উপায় নাই ৩০০টকা দি মনৰ দুখত তাৰ পৰা ওলাই আহিল! ডাক্তৰৰ মনত প্ৰতিশোধৰ জুইকুৰা বেয়াকৈ জ্বলি আছে, সি মোক ঠগিলে! এইবাৰ পুণৰ বেলেগ এটা বুধি পাঙি ক্লিনিক খনলৈ গ’ল!

ডাক্তৰ: মোৰ স্মৃতি শক্তি একেবাৰে লোপ পাইছে, একো কথাই মনত নাথাকে! কিবা উপায় এটা দিয়ক!

ইঞ্জিনীয়াৰে সহকৰ্মী নাৰ্চজনীক কলে: চৈধ্য নম্বৰ দবাটোৰ দুটোপাল ঔষধ এখেতক খোৱাই দিয়া!

ডাক্তৰ: কিন্তু তাত দেখুন কেৰাচিন তেল হে আছে!

ইঞ্জিনীয়াৰঃ চাব্বাচ, আপোনাৰ স্মৃতি শক্তি ঘূৰি আহিছে, দিয়ক ৩০০ টকা!

এইবাৰো ডাক্তৰজন লাজত পৰিল, ৩০০ টকা দি গুচি আহিল!

কিছুদিন পিছত আকৌ গ’ল..

ডাক্তৰঃ মোৰ দৃষ্টিশক্তি নাইকিয়া হ’ল! একো বস্তু ভালকৈ ধৰিব নোৱাৰো!

ইঞ্জিনীয়াৰ: ক্ষমা কৰিব ডাক্তৰ চাহাব, এই বেমাৰৰ চিকিৎসা আমাৰ ইয়াত নহয়! এইয়া লওঁক চিকিৎসা কৰিব নোৱাৰিলে দিম বুলি কোৱা ১০০০ টকা!

ডাক্তৰ: কিন্তু এইখন দেখুন ১০০ টকীয়া!

ইঞ্জিনীয়াৰঃ চাব্বাচ, আপোনাৰ দৃষ্টিশক্তি ঘূৰি আহিছে, দিয়ক ৩০০ টকা!

হাঃ হাঃ এইয়াই ইঞ্জিনীয়াৰ!

Assamese Jokes No 2 

পত্নী: তুমি মৰমত যে ৰানী মাতা বৰ ভাল লাগে মোৰ…….

পতি: আচলতে নকৰানি দিঘলীয়া হয় বাবেই চুটিকৈ ৰানী মাতো……

পত্নীয়ে খংত___

: তোমাক মই জান কিয় মাতো জানা………?

পতি: না, কোৱাচোন…..

পত্নী: জানৱাৰ টো বহুত দিঘলীয়া হয় বাবে😂

Jokes In Assamese 3

আগৰ পুৰণি মানুহসকলে নিজৰ নামবোৰ কেনেকুৱা ৰাখে আপোনালোকে নিশ্চয় জানে.!! ঠিক তেনে গজব নামেৰে নামাকৰণ কৰা ৪জন ককাইভাই মাকৰ সৈতে এটা পৰিয়াল মমিহতৰ ঘৰৰ ওচৰলৈ নতুনকৈ ভাৰাতীয়া হিচাপে আহিল ।

এজনৰ নাম– ভঙা ।

দ্বিতীয় জনৰ নাম– ফটা ।

তৃতীয়জনৰ নাম– শুকান । চতুৰ্থজনৰ নাম — মৰা ।

এদিন তেওঁলোকৰ ঘৰত আলহী ফুৰিব গল । মাকে আলহীক সুধিলে, আপুনি চকীত বহিব নে পিৰাত ???

আলহী:– চকী হলেই হব ।

মাক:– ভঙা, চকিখন লৈ আহ ।

আলহী:– নালাগে হব, পিৰা এখনকে দিব কওক ।

মাক:– ফটা, পিৰা এখন লৈ আহ ।

আলহী:– পিৰাও নালাগে, মই পকাতেই বহিছো হব দিয়ক ।

( আলহী পকাতে বহিল ) এইবাৰ মাকে আলহীক সুধিলে:– আপুনি চাহ খাবনে গাখীৰ খাব…???

আলহী:– চাহ দিলেই হব ।

মাক:– শুকান, চাহ লৈ আহিবি ।

আলহী:– নাই নাই, চাহ নালাগে, গাখীৰকে দিয়ক ।

মাক:– মৰা.. গৰুৰ গাখীৰ এগিলাচ লৈ আহ ।

কৃষ্ণ…… কৃষ্ণ ॥

Funny Meme In Assamese Language 4

এজন সম্পদশালী, আশী বছৰীয়া বৃদ্ধই, পচিশ বছৰীয়া এগৰাকী যুৱতীক বিয়া কৰালে। এবছৰৰ পিছত বৃদ্ধজন, ব্যক্তিগত ডাক্তৰজনৰ ওচৰলৈ গ’ল আৰু কলে,

” ডাক্তৰবাবু, আপুনি শুনি সুখী হব যে মই, পিতৃত্বৰ গৌৰৱেৰে, গৌৰৱান্বিত হব ওলাইছো ।”

ডাক্তৰে কথাষাৰ শুনি বৃদ্ধৰ মুখলৈ চালে আৰু কলে,

“আপোনাক মই সাধু এটা কম, শুনিব নে ?”

বৃদ্ধ : কওঁকচোন, নিশ্চয় শুনিম ।

ডাক্তৰ : এবাৰ এজন চিকাৰী, জংঘললৈ চিকাৰ কৰাৰ মানসেৰে গ’ল । যোৱাৰ সময়ত ভুলতে বন্দুকৰ ঠাইত, ছাতী এটা কাষলতিৰ তলত লৈহে ওলাই গ’ল।

বৃদ্ধ : ইচ্ ৰাম, কি যে হব ?

ডাক্তৰ : জংঘলত এটা বাঘৰ সতে মুখামুখি হোৱাত, বন্দুক বুলি কাষলতিৰ তলৰ পৰা ছাতীটো উলিয়াই আনিলে।

বৃদ্ধ : ইন্টাৰেষ্টিং, পিছত ?

ডাক্তৰ : ইতিমধ্যে বাঘটো আক্ৰমাত্মক হৈ উঠাত, উপায় নেদেখি চিকাৰীজনে, ছাতীটোৰেই গুলী মৰাৰ দৰে ভংগীমা কৰিলে ।

বৃদ্ধ : তাৰপিছত ?

ডাক্তৰ : কিন্তু আশ্চৰ্যজনক ভাবে বাঘটো, গুলী লাগি মৰি থাকিল ।

বৃদ্ধ : অসম্ভৱ ! এইটো কেতিয়াও হব নোৱাৰে ।

ডাক্তৰ : আপোনাৰ কি ভাব হয় , বাৰু ?

বৃদ্ধ : পিছফালৰ পৰা গুলীটো, কোনোবা বেলেগে মাৰিছে ।

ডাক্তৰ : মইয়ো আপোনাক সেইটোৱে কব বিচাৰিছোঁ, যে গুলীটো, কোনোবা বেলেগে মাৰিছে

Best Funny Quotes Assamese Jokes 5

-এজনী ছোৱালীয়ে তাইৰ দেউতাকৰ সৈতে বহি সময় কটাই আছিল ৷ সেই সময়ত তাইৰ boy friend আহি উপস্থিত হ’ল।

ছোৱালী: তুমি লৰেন্জ ফ্লেমিনৰ ” DADDY IS AT HOME ” কিতাপখন লবলৈ আহিছা নেকি?

Boyfriend: নহয়, মই ৰবিন কলিন্সৰ লিখা ” WHERE SHOULD I WAIT FOR YOU”  কিতাপখন লবলৈ আহিছো ৷

ছোৱালী: sorry, মোৰ তাত নাই ৷ তথাপি তুমি অমৰ শ্ৰীবাস্তৱে লিখা “UNDER THE MANGO TREE ” কিতাপখন লব পাৰা ৷

boyfriend: OK. তুমি কলেজলৈ যাওঁতে Retail management guide ৰ “CALL YOU IN FIVE MINUTES” কিতাপখন লব নাপাহৰিবা ৷

ছোৱলী: মই কলেজ যোৱাৰ সময়ত “I WON’T LET YOU DOWN” কিতাপখনো লৈ যাম ৷

boyfriend বিদায় লৈ গুচি গ’ল।

তেতিয়া দেউতাকে জীয়েকক কলে: ইমানখিনি কিতাপ সি কেনেকৈ পঢ়িব পাৰিব?

ছোৱালী: দেউতা, সি বৰ স্মাৰ্ট, বুদ্ধিমান আৰু চোকা ল’ৰা ৷

দেউতা: ঠিক আছে। তাক মাইকেল ক্ৰুছৰ “OLD MEN ARE NOT STUPID” কিতাপখনো দিবলৈ নাপাহৰিবা ৷

Funny Jokes Assamese 6

ডক্টৰ এজনে ৰোগী এজনৰ পিচে পিচে দৌৰী আছিল । ৰাস্তাৰ লোকসকলে দেখি ডক্টৰক শুধিলে – আপুনি যে ৰোগীজনৰ পিছত এনেকে দৌৰী আছে কাৰণটো কি ?

ডক্টৰ – চাৰি বাৰ এনেকুৱা হৈছে । সি কুকুৰে ব্ৰেইন অপাৰেচনৰ বাহানা কৰি আহে আৰু চুলি কাটি পলাই যায় ।

Assamese Meme For whatsapp 7

আমেৰিকান: আমি মংগল গ্ৰহত পানী আৰু বৰফৰ সন্ধান উলিয়ালোঁ ।

নগেন: তেতিয়াহ’লে আমি মদ আৰু চিপ্ চ নিলেই হ’ল !!

তীখৰে ৰাতি মনে মনে চিগাৰেট খাই আছিল। কাষৰ ৰুমৰ পৰা মাক- বাবা ধোঁৱা ক’ৰ পৰা ওলাইছে চা চোন..ক’ৰবাত জুই লাগিছে নেকি!

তীখৰ- নাই মা, কইল লগাইছোঁ..যিহে মহৰ উৎপাত!

মাক- গোন্ধটো দেখোন বেলেগ….

তীখৰ- নতুনকৈ ওলাইছে মা।

মাক- এনেকুৱা কইল নজ্বলাবি অ বোপা!

তীখৰ- কিয় মা?

মাক- মহৰ কেন্সাৰ হ’ব পাৰে!

Most Funny Jokes Assamese 8

বাছ ষ্টেণ্ডত এজন মানুহে মিনি স্কাৰ্ট পিন্ধা ছোৱালী এজনীলৈ চাই আছিল ৷

ছোৱালী জনীয়ে বিৰক্তি পাই সুধিলে,

ছোৱালীঃকি চাই আছে ?

ব্যক্তিঃ তোমাকে চাই আছো ৷

ছোৱালীঃ কিয় চাই আছে ?

ব্যক্তিঃ ধুনীয়া লাগিছে বাবইটো চাই আছো ৷

ছোৱালীঃ কি ধুনীয়া লাগিছে ?

ব্যক্তিঃ তোমাৰ কাপোৰ যোৰ ৷ ক’ত পালা নো?

ছোৱালীঃ ( খঙেৰে ) গছত লাগিছিল ৷

ব্যক্তিঃ ভন্টি ……… বৰ কলিতে ছিঙিলা কিন্তু দেই ৷

বাছ ষ্টেণ্ডত ছোৱালী এজনীয়ে ধুনীয়া চেহেৰাৰ ল’ৰা এজনক দেখি ভীষণ আকৃষ্ট হ’ল আৰু ক’ব নোৱাৰাকৈ ল’ৰাজনৰ কাষলৈ গৈ কৈ পেলালে —

   ” I LOVE YOU. ”

ল’ৰাজনে শান্তভাৱে ছোৱালীজনীৰ উৰ্ণাখন তাইৰ মূৰত লাহেকৈ দি ক’লে “

“ৰাম নাম জ্বপ কৰা , সংসাৰত

এইবোৰ প্ৰেম পিৰীতি তেনেই অমূলক বস্তু , পিছে তাত তোমাৰ দোষ নাই, ৰ’বা এই কাগজডোখৰত মই গায়ত্ৰী মন্ত্ৰ লিখি দিম , ঘৰলৈ গৈ একাত্ম হৈ পঢ়িবা, মনলৈ শান্তি আহিব “

ল’ৰাজনে কাগজডোখৰত লিখি ছোৱালীজনীৰ হাতত দিলে আৰু বাছ অহাত  উঠি গুছি গ’ল।

লাজতে ছোৱালীজনী কিছুপৰ থৰ লাগি ৰ’ল। সম্বিত অহাত তাই কাগজটুকুৰা খুলি চালে , তাত লিখা আছে ” এতিয়াই মাৰিলাহেতেন , পিছফালে মোৰ শ্ৰীমতী ঠিয় হৈ আছিল, তলত মোৰ ম’বাইল নম্বৰটো লিখি দিছো, চেভ কৰি থ’বা, ফোনত কথা পাতিম হাঁ, অ’ আৰু  শুনা ….I LOVE U 2 ”

moral: Men will be men😜😉😀

*হেলমেটৰ একুৰি কলা*

১) সুৰক্ষিত যাত্রা

২) পুলিচে আমনি নকৰে

৩) গাৰ্লফ্রেণ্ডৰ ঘৰৰ মানুহে চিনি নাপায়

৪) চছমাৰ প্রয়োজন নাই

৫) তপামূৰীয়া বিলাকে তপা লুকুৱাব পাৰে

৬) চৰাই চিৰিকতিয়ে হাগিলে মূৰত নপৰে

৭) ধৰুৱাক পাওনাদাৰে ধৰিব নোৱাৰে

৮) বাটত শিক্ষকক নমস্কাৰ দিয়াৰ প্রয়োজন নাই

৯) মদৰ দোকানত সেমেনা সেমেনিকৈ সোমাব নালাগে

১০) ঘৰলৈ আহোঁতে ওলোটাকৈ আলু পিয়াজ ভৰাই আনিব পাৰে

১১) ক’ৰবাত বহিবলৈ একো নাথাকিলে মূঢ়া হিচাপে ব্যৱহাৰ কৰিব পাৰে।

১২) ভতুৱা কুকুৰে আক্রমণ কৰিলে হেলমেটেৰে প্রত্যাক্রমণ কৰিব পাৰে।

১৩) বিয়াঘৰত হাতত হেলমেট লৈ প্রৱেশ কৰিলে কোনোবা সুন্দৰীয়ে lift বিচাৰিব পাৰে

১৪) অসম বন্ধত আন্দোলনকাৰীয়ে শিলগুটি নিক্ষেপ কৰিলেও চিন্তা নাই

১৫) ঘৰত মা-দেউতাহঁতে টেনছন ফ্রী হৈ থাকে

১৬) এনেই বহি থাকি আমনি লাগিলে হেলমেটত তবলা বজাব পাৰে

১৭) ৰ’দ- বৰষুণৰ পৰা বাচিব পাৰি

১৮) বাছ-ট্রেন আদিত হেলমেটটো থৈ ছিট বুক কৰিব পাৰি

১৯) বাইক নথকাবোৰেও হাতত হেলমেট পিন্ধি চাল দিব পাৰে

২০) চেলিব্রিটি সকলে ভিৰৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। এম এছ ধোনী চিনেমাখনত ধোনীয়ে প্রিয়াংকাৰ লগত হেলমেট পিন্ধি ডেট কৰিছিল

গতিকে ৰাইজ ! হেলমেটক চিৰ লগৰীয়া কৰক ! বিন্দাচ থাকক !

Jokes About College Life In Assamese

কলেজত পঢ়ি থকা সময়ৰ কথা বন্ধুমহলৰ সংগত পৰি মই চিগাৰেট খাবলৈ শিকিলোঁ। লাহে লাহে চিগাৰেট খোৱাতো মোৰ অভ্যাসত পৰিণত হ’ল। মা-দেউতাই কথাটো গম পাই মোৰ চিগাৰেট খোৱা অভ্যাস আতৰাবলৈ ৰামদেৱৰ যোগাসন ক্লাছত নাম লগাই দিলে। পুৱা গধূলি যোগাসন কৰি কৰি মই আজিকালি চিগাৰেট ভৰিৰেও ধৰি খাব পৰা হলোঁ!!

Couple Jokes In Assamese

বিয়াৰ পিছদিনাই দত্তই পত্নীৰ লগত ফটো তুলিব লগা হ’ল৷ হাতত এটা এয়াৰ গান লৈ দত্ত ওলাই আহিল৷ হাতত বন্ধুকডাল দেখি দত্তনীৰ প্ৰশ্ন পতিদেৱলৈ — কিহে পালে? হাতত এইদাল কি?

দত্ত — আত্মৰক্ষাৰ অস্ত্ৰ৷ তুমি যিমান বিবাহিত দেৱতাৰ ফটো দেখিছা সকলোতে পতিজনৰ হাতত অস্ত্ৰ থাকে৷

শিৱ পাৰ্ৱতীৰ ফটোত শিৱৰ হাতত ত্ৰিশূল থাকে;

বিষ্ণু লক্ষ্মীৰ ফটোত বিষ্ণুৰ হাতত চক্ৰ থাকে !

ৰাম সীতাৰ ফটোত ৰামৰ হাতত ধনু থাকে !

দত্তনী — কিন্তু শ্ৰী কৃষ্ণ আৰু ৰাধাৰ ফটোত কৃষ্ণৰ হাতত থাকে বাঁহী! তুমি বন্ধুক নলৈ বাঁহী লব পাৰিলাহয়৷

দত্ত — হেৰা ! ৰাধা শ্ৰী কৃষ্ণৰ পত্নী নাছিল; গাৰ্লফ্ৰেণ্ডহে আছিল গতিকে হাতত অস্ত্ৰ নাছিল ৷ তোমাক বিয়া পতাৰ আগলৈকে মোৰো হাতত ঘৰত থকা সময়ত  মোবাইলটোহে আছিল৷ আজিৰ পৰা এইডালহে আৰু! আত্মৰক্ষাৰ বাবেহে দেই !

পত্নী- মোৰ মহানুভৱতাৰ শলাগ লোৱা, মই তোমাক নেদেখাকৈয়ে বিয়াত বহিলোঁ!

পতি- মোৰ ত্যাগৰ মূল্য দিয়া, মই তোমাক দেখিও ৰিজেক্ট নকৰিলোঁ ৷  ;😂

এজন নেপালী মানুহক দেখি নগেনে ওচৰত গৈ সূধিলে :- আপুনি আমেৰিকান নেকি ,,,?

নেপালী :- নহয়,  মই নেপালী হয় ।

নগেন :- নাই নাই । আপুনি আমেৰিকান হয় ।

নেপালী :- নহয় অ’ । মই নেপালী হয় ।

নগেন :- অসম্ভৱ কথা । আপুনি খাতাং আমেৰিকান হয় ।

এইবাৰ নেপালীয়ে খঙেৰে :- হয় হয় । মই আমেৰিকান হয় । এতিয়া খুচিতো ,,,?

নগেন :- কিদৰে খুচী হওঁ কওকচোন  ,,,? আপোনাক দেখাত তো আমেৰিকান যেন লগা নাই নহয়  ,,,?

নেপালী :- তেন্তে কি বুলি লাগিছে  ,,,?

নগেন :- নেপালী ।

নেপালী বেহুচ  ,,,!!!😂😂😂

অকলশৰীয়া ধুনীয়া ছোৱালী দেখিলেই উপযাচি চিনাকী হৈ চেনী খাবলে বিচৰা আমাৰ নগেনে সন্ধিয়া জৰীগছ জোপাৰ কাষতে থকা বাছ ষ্টপেজটোত অকলসৰে ৰৈ থকা ধুনীয়া ছোৱালীজনী দেখি চেনীখোৱাৰ মানসেৰে ছোৱালীজনীৰ ওচৰলে গৈ নগেনে স্বভাবসিদ্ধ চেনীৰামি হাঁহিটো মাৰি তাৰ ৰেডিমেট ডাইলগটো মাৰিলে …..তোমাক আগতে কৰবাত দেখা দেখা যেন লাগিছে।

ছোবালী–(বেকা হাঁহিমাৰি) ক’তনো দেখিলেছিলে মোক, মইটো আজি ত্ৰিশ বছৰৰ আগতেই এই জৰীগছজোপাত চিপলৈ মৰছিলো।অৱশ্যে আজিৰ দৰে আউশী নিশাত মই মাজে মাজে ওলাও।

কাউট্ কৈ চিঞৰ এটা মাৰি নগেনে ভিৰাই লৰ মৰৈ দেখি….

ছোৱালী– অকলশৰীয়া ছোৱালী দেখি চেনী খাবলে আহ,,,, মজা পালি বাপ্পেকে

পত্নী : “চুমি মোৰ এনেকুৱা লাগিছে আমাৰ এখেতে যেন মোক বিশ্বাসঘাতকতা কৰিছে …!!”

চুমি : ” কিয় ,তই কেলেই এনেকৈ ভাবিছনো..??”

পত্নী :” কালি এখেত অফিচলৈগৈ ঘৰলৈ নাহিল …!!”

চুমি : ” তাতে কি হলনো..থাকিলে চাগে লগৰ কাৰোবাৰ লগত…!!”

পত্নী :” নহয় অ মই ফোন কৰি সোধাত তেওঁ কলে মই অফিচৰ  বৰুৱাৰ ঘৰত থাকিম বুলি কিন্তু বৰুৱাদাৰ ঘৰত নিশা মইহে আছিলো …!!”

চুমি : ” ? ? ? ? ! ! ! ! ! ! “

জোঁৱাই প্ৰথম বাৰ পত্নীৰ গাঁৱৰ ঘৰলৈ ফুৰিবলৈ গৈছিল …

দিনটো ঘৰত সোমাই থাকি আমনি লগাত গধুলি ৰাস্তালৈ ওলাই গল…

অলপ শিক্ষিত যেন লগা মানুহ এজনক পাই জোঁৱাইয়ে সুধিলে …

“খুড়াদেউ.. ইয়াত দোকান এখনো নাই ..বৰ আমনি লাগিছে আপোনালোকৰ গাঁৱত এনজয় কৰিব পৰা একোৱেই বস্তু নাই নেকি …???”

মানুহজনে উত্তৰ দিলে ..

“নাই জোঁৱাই..এক পিচেই আছিল ..তাকো তুমি লৈ গলা”

বাছ ষ্টেণ্ডত ছোৱালী এজনীয়ে ধুনীয়া চেহেৰাৰ ল’ৰা এজনক দেখি ভীষণ আকৃষ্ট হ’ল আৰু ক’ব নোৱাৰাকৈ ল’ৰাজনৰ কাষলৈ গৈ কৈ পেলালে —

   ” I LOVE YOU. ”

ল’ৰাজনে শান্তভাৱে ছোৱালীজনীৰ উৰ্ণাখন তাইৰ মূৰত লাহেকৈ দি ক’লে “

“ৰাম নাম জ্বপ কৰা , সংসাৰত

এইবোৰ প্ৰেম পিৰীতি তেনেই অমূলক বস্তু , পিছে তাত তোমাৰ দোষ নাই, ৰ’বা এই কাগজডোখৰত মই গায়ত্ৰী মন্ত্ৰ লিখি দিম , ঘৰলৈ গৈ একাত্ম হৈ পঢ়িবা, মনলৈ শান্তি আহিব “

ল’ৰাজনে কাগজডোখৰত লিখি ছোৱালীজনীৰ হাতত দিলে আৰু বাছ অহাত  উঠি গুছি গ’ল।

লাজতে ছোৱালীজনী কিছুপৰ থৰ লাগি ৰ’ল। সম্বিত অহাত তাই কাগজটুকুৰা খুলি চালে , তাত লিখা আছে ” এতিয়াই মাৰিলাহেতেন , পিছফালে মোৰ শ্ৰীমতী ঠিয় হৈ আছিল, তলত মোৰ ম’বাইল নম্বৰটো লিখি দিছো, চেভ কৰি থ’বা, ফোনত কথা পাতিম হাঁ, অ’ আৰু  শুনা ….I LOVE U 2 ”

moral: Men will be men😜😉😀

😁

🌊  স্কুটাৰ মেকানিক :বাইদেউ, স্কুটীখনৰ ইঞ্জিনৰ সমস্যা আছে,

ব্ৰেক ডালেও ঠিকমতে কাম কৰা নাই …

👸  সুন্দৰী :

এইবোৰ সৰু সুৰা খেলিমেলি থাকেই …

তুমি মাত্ৰ Mirrorখন  ঠিক কৰি দিয়া।

💃💃💃💅💄💋

😁😁😁😂😂😂

📝📄

মই হঠাৎ ঘৰলে যাব লগা হ’ল; কেনেকে যাম, কিহত যাম, সেইবোৰ কথা চিন্তা কৰিব নেলাগে, কেৱল তলৰ কথা কেইটা মনত ৰাখিব……….

১। কামকৰা বাই জনীক দৰমহা দি থৈছো, বেছি দানবীৰ দেখুৱাবলে দৰকাৰ নাই। তাই ফটা শাৰী ইচ্ছা কৰিয়েই পিন্ধে, সেই কথাটোত আপুনি মূৰ ঘমাব নেলাগে।

২। আগতেও কৈছো, আমাৰ নিউজ পেপাৰৱালা, ধুবী, গাখীৰৱালা সেইবোৰ কাষৰ ঘৰতকে বেলেগ। সদায় ৰাতিপূৱা গৈ সেই চমক-চ্ছল্লো জনীক “আপোনালোকৰ পেপাৰ দিলে নে? মোৰ খন দিয়া নাইচোন!” বুলি কবৰ দৰকাৰ নাই।আৰু এটা কথা, লুঙি আৰু হাত কটা গেঞ্জি ঘৰত পিন্ধা ড্ৰেছহে, আপোনাৰ প্ৰিয় হলেও, সেই ড্ৰেছটো পিন্ধি আলহী খাই নুফুৰিব ।

৩। আলমাৰীৰ সোফালে আপোনাৰ গেঞ্জি আৰু আণ্ডাৰৱেৰ আছে, বাওফালে ল’ৰাটোৰ। যোৱাবাৰৰ দৰে ভুলকে পিন্ধি অফিচলে গৈ ইচাট বিচাট কৰি আছিল বুলি গম পালে কিন্তু কথা বেয়া হব।

৪। নিজৰ চচমাজোৰ ভালকে ৰাখিব, যোৱা, ফ্ৰিজটো শাক পাচলি মাছ আদিৰ কাৰণেহে কিনিছো। বাথৰূমলে যাওতে মোবাইলটো লৈ নেযাব। মই এইবাৰ আকৌ চাবোনৰ কেচৰ পৰা মোবাইল বিছাৰি উলিয়াই দিব নোৱাৰো।

৫। বন্ধু বান্ধৱ বেছিকে গোটাব নেলাগে, চোফাৰ কুচনৰ মাজৰ পৰা বাদামৰ বাকলি আৰু চিকেনৰ হাৰ্ডি ওলালে কিন্তু মই ডমেষ্টিক ভায়লেন্স বুলি কেছ দি দিম।

৬। মই নাই বুলিয়েইও গেলাসোপা নোপোৱাই পোৱাদি নেখাব। মোক মিছা কথা কৈ লাভ নাই, খালি বটল দেখিলেই গম পাই যাম। আৰু আপোনাৰ যে বটলবোৰ লুকুৱাই পেলাবলৈ বুদ্ধি আৰু উৎসাহ এটাও নাই, সেইটো মই ভালকে জানো।

৭। ফোনটো অন ৰাখিব, গধূলি সাত বজাতে মিছ ইউ জান বুলি কৈ অলপ সময় চুইচ অফ কৰি, পিছত ৰাতি ৩ টা বজাত হোৱাটচ আপত “লাষ্ট চিন” বুলি গম পালে আপোনাক গোটেই অফিচৰ মানুহসোপা মিলিও বচাব নোৱাৰিব।

৮। মই এদিন বাহিৰত খাই আহো বুলি ক’লে আপোনাৰ বাজেট নাইকিয়া হয়, আৰু মই নেথাকিলে সদায় কে এফ চি, মেক ডি!!এইবোৰ নচলিব, ঘৰত সদায় ভাত ৰান্ধি খাব। মোক মিছা কথা ক’লেও মই আপোনাৰ পেটৰ চাইজ দেখিয়েই বুজি যাম।

৯। ঘৰত কেইবাজোৰো হাৱাই চেণ্ডেল কিয় ৰখা হৈছে সেই কথাটো অলপ মনত ৰাখিব; একেজোৰ চেণ্ডেলেৰেই বজাৰ কৰা, গা ধোৱা, গোঁসাই চাকি দিয়া, ভাত ৰন্ধা, এই সকলো কাম কৰিছে বুলি গম পালে কি অৱস্থা হব আপুনি জানেই।

১০। শেষত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আকৌ সোঁৰাই দিছো

ক) অফিচৰ পৰা অহাৰ পাছত লংপেণ্টটো খুলি ডাইনিং টেবুলৰ ওপৰত থব নেলাগে, সেইখন ভাত খোৱা ঠাই হে!! তিয়নি কাপোৰ কেইটা গা ধোৱাৰ পাছত বাহিৰৰ ডাং ডালত মেলি দিলে কাৰো হাড় নেভাগে

খ) টিভি ত অকল ইংৰাজী চিনেমাৰ চেনেলেই নাই, বেলেগ কিবা বস্তুও ওলাই তাত। ৰাতিপূৱা পাৰিলে সংস্কাৰ চেনেলটো চাব।

গ) ভাত খাই উঠি বাচন কেইটা বেচিনত সদায় জমা কৰি গলে, বেচিনটো ব্লক হৈ যায়, তেতিয়া আকৌ প্লাম্বাৰ মাতিব লাগে। বেচিনটো বাচন ধুবলেহে দিছে, শাক পাচলিৰ বাকলি আৰু চেকনিৰ চাহপাত পেলাবলে নহয় ।তাতে সেইটো বেচিনো নহয়, চিংক হে!

ঘ) আঠুৱা লগাই শোৱাৰ বাবে আজিলেকে কোনো উশাহ বন্ধ হৈ মৰা নাই।

ঙ) পিছফালৰ দূৱাৰখন দুফাল কৈ মেলি থ’লে, আগফালে প্ৰকাণ্ড তলা এটা মৰাৰ কোনো অৰ্থ নাই।

অকে বাই, দেৰিয়েই হ’ল ……….

বি. দ্ৰঃ- এইখন পঢ়ি যে আপুনি ফুৰ্তিত জপিয়াই উঠিছে, মই গম পাইছো। বেছি ফুৰ্তি নকৰিব, কাৰণ মই তিনিদিনৰ পিছতে ঘুৰি আহি আছো।

”বিয়া নাপাতেই বুলি সি । গোটেই জীৱন অকলশৰে কটাব ।”

কিছুমান মানুহে বুজালে, ”অকলশৰে কটাবি ঠিকেই, কিন্তু মৃত্যুৰ সময়ত পানীটোপাল দিয়াৰো তো মানুহ এজন লাগে ।”

তেনেদৰে যুক্তিত বলে নোৱাৰি শেষত বিয়া পাতিবলৈ মান্তি হ’ল সি ।

.

বহু বছৰৰ পাচৰ কথা । মানুহজনে দীৰ্ঘ সংসাৰী জীৱন-যাপন শেষ কৰি বৃদ্ধ অৱস্থাত শুইছে মৃত্যুৰ অপেক্ষাত । তেখেতক আগুৰি ধৰি আছে তেখেতৰ পত্নী, পুত্ৰ জীয়েকহঁতে ।

মানুহজনে শুই শুই ভাবিছে…,

.

.

.

.

.

.

”ছিহ এনেই বিয়া পাতিলো, পানী পিয়াহ ধৰাই নাই দেখোন ।”

 😂😂😂😂😂😂😂

ঘড়ী   আৰু   পত্নী   সংগ্ৰহ   সাদৃশ্য  :

1.  ঘড়ীটোৱে   24  ঘন্টাই   টিক্  টিক্   কৰি  থাকে ,  পত্নীয়েও  24 ঘন্টা    পেকপেকাই   থাকে……

2.   ঘড়ীৰ    কাটাবোৰ    ঘুৰি  পকি   আকৌ  আগৰ    স্হান   পায়হি ,  আপুনি    যিমানেই      বুজাবলৈ   চেষ্টা    নকৰক    কিয়   পত্নী    ঘুৰি   পকি    আকৌ   নিজৰ   মতলৈ    উভতি   আহিবই……

3.  ঘড়ী   বেয়া   হ’লে   মেকানিকৰ   তালৈ  পঠিয়াই   দিয়া   হয় ,  পত্নী    বিকল   হ’লে  মাকৰ   ঘৰলৈ   যায়গৈ……

4.   ঘড়ী   চাৰ্জ   কৰিবলৈ  বেটাৰীৰ   প্ৰয়োজন ,  পত্নী    চাৰ্জ   কৰিবলৈ    বেতনৰ   প্ৰয়োজন……

বৈসাদৃশ্য :

1.  বাৰ   বাজিলে   ঘড়ীৰ   দুডাল   কাটা   এডাল   দেখা  যায় ,  কিন্তু   বাৰ   বাজিলে   এগৰাকী   পত্নীকে   তিনিগৰাকী   যেন  দেখা  যায়……

2.  ঘড়ীৰ   এৰ্লাম   বজাৰ   নিৰ্দিষ্ট   সময়   থাকে ,  পত্নীৰ   এৰ্লাম    কিন্তু    যেতিয়াই   তেতিয়াই   বাজিব    পাৰে…

3.  ঘড়ীৰ    বেমেজালি   ঘটিলে    বন্ধ  হয় , কিন্তু    পত্নীৰ   বেমেজালি   ঘটিলে   আচল   ৰূপ   আৰম্ভ   হয়…

4.  সকলোতকৈ   ডাঙৰ   পাৰ্থক্য    এয়ে  যে   ঘড়ী   ভাল   নালাগিলে   সলাই  লব   পাৰি ,  পত্নী   ভাল   নালাগিলে    সলাব নোৱাৰি   বৰং   পত্নীক    ভাল    লগাবলৈ    নিজকহে   সলাব   লগা    হয়…  😜😝😝😝

আজি পুৱাৰ কথা । সদায় যোৱাৰ দৰে আজিও নিলুদা মৰ্নিং ৱাকত গ’ল । কিন্তু কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰিয়া বতাহত তেওঁৰ ঠাণ্ডা লাগি গ’ল আৰু ঘৰলৈ ঘূৰি আহিল । ঘৰলৈ আহিয়েই তেওঁ বিচনালৈ গ’ল আৰু পাতলীয়া ব্লেংকেট খনৰ তলত সোমাই বৌক সাৱতি ধৰিলে আৰু ক’লে = “বাহিৰত বহুত ঠাণ্ডা দেই !!”

টোপনীৰ জালত বৌয়ে ক’লে = “আমাৰ সেই মূৰ্খটো আকৌ মৰ্নিং ৱাক কৰিবলৈ গৈছে ।।”

ছাত্ৰ- এটা প্ৰশ্ন সোধো ছাৰ??

শিক্ষক-  সোধা !

ছা-  যদি আপোনাক হাতী এটা ফ্ৰিজৰ ভিতৰত সুমাব দিয়ে, তেন্তে আপুনি কেনেকে সুমাব??

শি- নাজানো!

ছা- simple! প্ৰথমে ফ্ৰীজৰ দুৱাৰখন খুলি হাতীটো ভিতৰত সুমাই দিলে হ’ল!

শি-  অহ্ !!

ছা- আৰু এটা প্ৰশ্ন ছাৰ….! যদি গাধ এটা ফ্ৰিজত সুমাব দিয়ে….?

শি- simple! প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি গাধটো ভিতৰত সুমাই দিলে হ’ল!

ছা- নহয়…!  প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি হাতীটো উলিয়াই গাধটো সুমাব লাগিব!

শি- অহ্

ছা- আৰু এটা প্ৰশ্ন ছাৰ  !  ধৰা হ’ল সিংহৰ ঘৰত পাৰ্টি চলি আছে আৰু সকলোবোৰ তাত উপস্থিত আছে! কিন্তু সেই পাৰ্টিত এজন missing থাকিব?? কোন সি??

শি- নিশ্চয় সিংহ!  কাৰণ সি থাকিলে সকলোকে খাই পেলাব!

ছা-  ভুল!!! তাত সেই গাধটো missing থাকিব!  কাৰণ সি ফ্ৰিজৰ ভিতৰতে আছে!

শি- উম্!!!

ছা-এটা অন্তিম প্ৰশ্ন !  সেই সিংহৰ পাৰ্টিত যোৱাৰ এটা নদী আছে,,য’ত বহুত ঘৰিয়াল আছে!  নদীটো কেনেকে পাৰ হ’ব??

শি- নিশ্চয় নাৱেৰে!! ন’হলে ঘৰিয়ালে খাই পেলাব!

ছা- নহয় ছাৰ! নদীটো সাতুৰিয়ে পাৰ হ’ৱ পাৰিব! কাৰণ নদীৰ সকলো ঘৰিয়াল সিংহৰ পাৰ্টিত গৈছে!!!

শিক্ষক :- ঐ নগেন ,,,? তুমি ইংৰাজীত 1ৰ পৰা 10 লৈকে লিখিব জানানে ,,,?

,

নগেন :- নিশ্চয় জানোঁ চাৰ । নগেনে 1 2 3 4 6 7 8 9 10 লিখি বহীখন শিক্ষক দিলে ।

,

শিক্ষক :- ঐ গাধ ,,,? ইয়াৰ ভিতৰত 5 নাইচোন ,,,?

,

নগেন :- চাৰ ,,,! 5 নাই চাৰ । 5 ৰ মৃত্যু হৈছে ।

,

শিক্ষক প্ৰচণ্ড খঙেৰে :- কেনেকৈ ,,,? 5 ৰ আকৌ কিদৰে মৃত্যু হ’ল ,,,?

,

নগেন :- চাৰ ,,,! আপুনি চাগে ইংৰাজী বাতৰি কাকত নপৰে । সেয়েহে নাজানে । মই যোৱা সপ্তাহত The Assam Tribune নামৰ ইংৰাজী বাতৰি কাকতখনত পঢ়িবলৈ পাইছোঁ – ” 5 died in a road accident “

,

শিক্ষক বেহুচ ,,,!!!😝😝😝

শিক্ষক : ‘কপাল’ শব্দৰে এটা

কবিতাৰ পংক্তি লিখাচোন।

ছাত্ৰ : কপাল তিতি গ’ল মোৰ

চকুলোৰ বানত ……

শিক্ষক : তই এটা গাধ, চকুৰ

পানী ওপৰলৈ বৈ যায় নেকি ?

ছাত্ৰ : ৰ’ব ছাৰ, পাছৰ

শাৰীটো শুনক-

-ভৰি দুটা বন্ধা আছিল

 গছৰ ডালত ।।

বৰপেটাৰ এজন মানুহে এবাৰ আমেৰিকাৰ MICROSOFT Company লৈ চাকৰিৰ বাবে আবেদন কৰি তেওঁৰ BIO DATA পঠিয়ালে ।

দুদিনমান পাছত আবেদনৰ প্ৰত্যুত্তৰ আহিল এনেদৰে —

Dear Mr Barpetiya

You don’t meet our requirements Please don’t send any further correspondence . No phone calls shall be entertained

Thanks

Bill Gates

চিঠিখন পাই বপুৰাৰ আনন্দত তত নোহোৱা হ’ল । লগে লগে সি এখন সংবাদ মেলৰ আয়োজন কৰিলে ।

” মাননীয় ভাই বৈনী সকল মই এক গেৰি দিয়োতে দাউৰি আহা কাৰণে ধন্যবাদ । এথেন কথাটো হল , আপ্নালোকে এটা কথা গম পালি সাদ্ধাতে জাইপে উঠপো যে মই আমেৰিকাত চাক্ৰি পালু । এথেন মই আপ্নাআহাক চবোকে Appointment Latter খেন পঢ়ি শুনোম ।

তাতে এটা কথা , চিঠিখেন ইংৰাজীত আছে । আপনালোকে তো বুজি নাপবো নহৈ । সেই ধৰি মই ইখেন আমাৰ ভাষাত ভাঙি দিম দিয়ক । “

Dear Mr Barpetiya. (মৰমৰ বৰপেইটা)

You don’t meet (আপনাক দেহু লগ এ নাপং)

Our requirements (আমাৰ আপনাক প্ৰয়োজন আছে )

please don’t send any further correspondence (এইথেন আৰ আপনি কষ্ট কৰি চিঠি তিঠি লেখি থাকপা নালগে ।

no phone calls (ফোন চোন ও কৰবা নালগে )

shall be entertained .(সম্পূৰ্ণ মনোৰঞ্জন কৰা হব )

Thanks

Bill Gates (ধন্যবাদ বিলৰ দৰজাখেন)

যেতিয়া কোনো সন্তানৰ জন্ম হয়,

তেতিয়া বাপেকে কব “ইয়াৰ চেহেৰাটো একেবাৰে মাঁকৰ নিচিনা হল “!

মাঁকে কব “ইয়াৰ নাকটো বাপেকৰ নিচিনা হল।”

আইতাকে কব “ইয়াৰ হাঁহিটো ককাকৰ দৰে !”

ককাকে কব “চকু কেইটা আইতাকৰ দৰে হল ।”

যেতিয়া লৰাটো ডাঙৰ হব, ডাঙৰ হৈ যেতিয়া মদ খাই কৰবাত ঝেং কৰি থানালৈ যাব লগা হব বা ছোৱালী জোকাই পাব্লিক ধুলাই খাব, তেতিয়া মাঁক, বাপেক, ককাক, আইতাক সকলোৱেই একেতা কথাকেই কব “এইটো জানো কাৰ নিচিনা হল , আমাৰ খাণ্ডানতটো ইয়াৰ নিচিনা কোনোৱেই নাই !”😄😄😂😂

মই আপোনাৰ বিষয়ে ৯টা সত্য জানো…….

১) আপুনি এইটো বাক্য পঢ়ি আছে .

২) আপুনি W শব্দ টো দুইটা ওঠ লগ নলগাকৈ কৱ নোৱাৰে

৩) আপুনি এইটো এইমাত্ৰ চেষ্টা কৰিলে

৫) আপুনি অলপ হাঁহিলে

৬) আপুনি আৰু অলপ মিচিকিয়াই হাঁহিলে

৭) আপুনি গমেই নাপালে যে মাজতে ৪ নং লাইন টো নাই ।

৮) আপুনি এইমাত্ৰ এইটো চেক কৰিলে

৯) আপুনি আৰু অলপ হাঁহিলে

১০) আপোনাৰ এইটো ভাল লাগিল আৰু কাক চেন্দ কৰিব, এতিয়া ভাবি আছে।

😋মা কচম, কৈছোঁ নহয়, মই সৰুৰ পৰাই জ্ঞানী, কিন্তু কেতিয়াও অহংকাৰ কৰা নাই।😌

Boy Girl Jokes Assamese

এজনী ছোৱালীয়ে একে বাৰে ছুটি কাপোৰ পিন্ধি অহাত লৰা এজনে সুধিলে¸¸¸

তুমি ইমান ছুটি কাপোৰ পিন্ধিছা মাৰাই একো নকলে নেকি ?

ছোৱালী : মাৰ বহূত খং উঠিছিল¸আৰো কৈছে দ্বিতীয় বাৰ তই যদি মোৰ এই কাপোৰ যোৰ পিন্ধ তামাম পিতিম তোক…

Bf Gf Jokes Assamese

এজনী ছোৱালীয়ে তাইৰ Boyfriend ক তাইৰ ঘৰলৈ অহা ৰাষ্টাতো ফোন কৰি বুজাই আছে ।

“শুনা,বিল্ডিংলৈ সোমাই আহি বাওঁফালে লিফ্ট আছে । লিফ্টলৈ আহি ,তুমি কিলাকুটিৰে ৪ নম্বৰ বটমটো টিপিবা। যেতিয়া ৪ নম্বৰফ্লোৰ পাবা ৷ তাৰে বাওঁফালৰ ফ্লেটতো আমাৰ। তালৈ আহি তুমি কিলাকুটিৰে কলিং বেলটো দবাবা , মই দৰ্জা খুলি দিম ৷”

Boyfriend:= কিন্তু Sweetheart এই বটনবিলাক যদি মই আঙুলিৰে দবাও তেতিয়া দেখোন বেছি সহজ হব..?

ছোৱালী :=”ঔহ  মাই গদ” …তাৰমানে তুমি খালিহাতেৰে আহিছা ..?

Husband wife Assamese Jokes

পতি পত্নীৰ মাজত কাজিয়া চলি আছিল ………..

পতি —– মই তোমাক ভয় কৰি থকা বুলি ভাবিছা নেকি ???

পত্নী —– তুমিতো মোক ভয় কৰাই । কিয়নো

প্ৰথম বাৰ যেতিয়া তুমি মোক চাবলৈ আহিছিলা ….. লগত

চাৰি পাছ জন মান লৈ অহা নাছিলা ????

আৰু যেতিয়া মোক নিবলৈ আহিছিলা …… তেতিয়াও

২০০ মানুহ লৈ আহিছিলা ।

কিন্তু মোক চোৱা …. মইটো অকলে অকলেই

গ’লো তোমাৰ লগত । এতিয়া কব আহিছা মোক ভয় নকৰা বুলি ????

Doctor Patent Jokes In Assamese

ডাক্তৰ = মদ সদায়েই খালেও অপকাৰ নহয় । কিন্তু limit ত খাব লাগে । দিনে কেইপেগ খায় ??

নিলোদা = গধূলি ৮ পেগকৈ খাওঁ ।

ডাক্তৰ = ইমান খালে নহ’ব । সেইটো চাৰি পেগলৈ আনক আৰু এসপ্তাহৰ পিছত মোক লগ কৰক ।

এসপ্তাহৰ পিছত

ডাক্তৰ = এতিয়া কেনে লাগিছে ।

নিলোদা = ভালেই ।

ডাক্তৰ = চাৰিপেগ কৈ লৈ কেনে লাগিছে ।

নিলোদা = বহুত ভাল লাগিছে ।

ডাক্তৰ = আজিৰ পৰা দুপেগ কৰা আৰু এসপ্তাহৰ পিছত পুনৰ মোক লগ কৰা ।

এসপ্তাহৰ পিছত ………

ডাক্তৰ = কোৱা , কি খৱৰ ?

নিলোদা = থিকেই আছে ।

ডাক্তৰ = দুপেগত কেনেকুৱা লাগিছে ?

নিলোদা = অকনমান কষ্ট হয় , তথাপিতো ভালেই লাগিছে ।

ডাক্তৰ = থিক আছে, এতিয়াৰ পৰা এপেগলৈ নামি আহা আৰু এসপ্তাহৰ পিছত মোক পুণৰ লগ কৰা ।

নিলোদা = ক্ষমা কৰিব ছাৰ , মোৰ দ্বাৰা আৰু সম্ভৱ নহ’ব । আগতে মই হাফটোক ৮ পেগ কৰি খাইছিলো । আপোনাৰ কথামতে তাক ৪ পেগ কৰি খাবলৈ ল’লো । পুণৰ আপুনি দুপেগ কৰি খাবলৈ ক’লে । কলিজা পুৰি যোৱা স্বতেও , আপোনাৰ কথামতে দুপেগ কৰি খায় গ’লো । এতিয়া আপুনি এপেগ কৰি খাবলৈ কৈছে । সেইটো বাৰু কেনেকৈ সম্ভৱ । তাতে বজাৰতো ইমান ডাঙৰ গিলাছ বিছাৰি পোৱা নাযাব । গতিকে আপুনি মোক ক্ষমা কৰিব । এইটো কাম মই কেতিয়াও কৰিব নোৱাৰিম ।।

(শুনামতে ডাক্তৰ জনে হেনু মদাহী ৰোগী নাচাওঁ বুলি শপত খাইছে )

Join The Community

Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Leave a Reply

Your email address will not be published. Required fields are marked *