এনে এটা সময় আছিল যেতিয়া এজনে নাখালে আনজনেও লঘোনে আছিল …”গুড নাইট” নোকোৱাকৈ কোনোজনে শুৱা নাছিল ….”গাটো গৰম… জ্বৰ উঠিব কিজানি! ” এই সামান্য খবৰটোও দিছিল এজনে আনজনক । এজনৰ গা বেয়া ; আনজনৰ সেয়ে মাথা বেয়া.. হাহাহা। বিষখিনিও ভাগ হয় দুয়োজনৰ তাত ।

কিন্তু হঠাৎ এজন মানুহে এদিন কৈ দিলে , ” নাই নোৱাৰি আৰু ..কন্টিনিউ কৰা অসম্ভৱ.. ব্রেক আপ !”  ইটোমুৰত যেন মানুহজন অচম্বিত।  কি, ব্রেক আপ বুলিলেই সকলো শেষ হয় ? প্রিয়জনৰ ধুনীয়া মুখমণ্ডলৰ মায়াময় চকু দুটা কি মনত নপৰা হৈ যায়? হাঁহিলে ডিম্পল উঠা গালখন কি পাহৰি পেলোৱা হয়? সেই মেঘালী চুলিটাৰি ?  জাগি জাগি পাৰ কৰা ৰাতিবোৰ? আৰু সেই ৰাতিত ফোনটোৰ দুয়ো মুৰত দুয়ো দেখা সেই সমস্ত স্বপ্নবোৰ?  কোনে পাৰে পাহৰি যাব? 

“আমানিশা সাৰে আছে আৰু সাৰে আছো মই. ” হয়তো জুৱিনদাৰ পুৰণি গানত বহুত ৰাতিও এনেদৰে লাহে লাহে নিদ্ৰাহীনতাত ভুগে। 

টোপনিৰ পৰা শুই উঠি মোবাইলটো হাতত লৈ সময় চোৱা মোৰ পুৰণি এক অভ্যাস আছে।কললিষ্ট পৰীক্ষা কৰা ইনবক্স চেক কৰা..6 Missed call, 1 New SMS.”oi Iman time utha e nai.?” প্রতিদিন ৰাতিপুৱা এতিয়া আৰু সেই মিচ কল এছ এম এছ বোৰ বিচাৰি পোৱা নাযায়

মানুহটোক এৰি দিলেও অভ্যাসক নোৱাৰি। অভ্যাস বহত নোচোৰবোন্দা ; নতুন অভ্যাস গঢ়ি নুঠা পর্যন্ত পুৰণিবোৰ গুচি নাযায় ।এৰি দিয়াৰ পিছতো এদিন হাত বঢ়াই অকলশৰে থাকিবলগীয়া হয়। হয়তো উভতি আহিব ;হয়তোবা নাহেই । উভতি আহিলে কম , ভালেই আছো। নাহিলে কম , মই সকলোখিনি পাহৰি গৈছো ।

 Also Read-

আচলতে সকলো পাহৰি যোৱা নহয় , পাহৰি থকাৰ অভিনয় কৰা হয় । “এই চোৱা ভালেই আছো ” বুলি কৈ হাঁহি দিয়া যায় । কিন্তু হাঁহিটো বহুত শুকান । হাঁহিৰ আৰত কিযে অদ্ভুদ বেদনা! কি নিষ্ঠুৰ অভিনয় ! কি ভয়াবহ ৰকমৰ নিষ্ঠুৰ অভিনেতা আমি সকলো …..যেনে তুমি আৰু মই ।

ভাবানুৱাদ

0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *