‘হৃদয়ৰ পৰা বিচৰা মানুহজনক যেতিয়া কোনো নাৰীয়ে বিচাৰি পায় তেতিয়া সেই মানুহজনৰ ওচৰত কোনো আৱেগৰ মূহুর্তত নিসংকোচে সেইনাৰীয়ে নিজৰ দেহ এৰি দিয়ে.. । পূজাৰ নির্মালীৰ দৰে পৱিত্র এই আৱেগ ..’ কৰবাত এই কথাষাৰ পঢ়িছিল কংকনাই । আৰু আজি কোনো আৱেগ নথকাকৈ তাই নিজৰ দেহাটো এৰি দিব লগা হ’ল দিপাঙ্কৰৰ ওচৰত । পৃথিৱীৰ আটাইতকৈ ঘৃণা ওপজা মানুহজনৰ স্পর্শ, চুমা, উষ্ণতা, উত্তাপেৰে তাই তাইৰ দেহৰ পৱিত্রতা নষ্ট কৰি পেলালে ।
(২)
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
প্রায় এবছৰমান আগত ফেচবুক একাউণ্ট খুলিছিল কংকনাই৷ আৰু ফেচবুকতে চিনাকি হৈছিল নৱৰংগৰ সৈতে ৷ তাইৰ বাকী ফ্ৰেণ্ড সমূহতকৈ নৱৰ wall খনে, তাৰ about খিনিয়ে তাইক আকৰ্ষিত কৰিছিল ৷ নৱই পোষ্ট কৰা কবিতা, এক মিনিটৰ গল্প, সৰু সৰু ব্যংগ লেখা সমূহ পঢ়ি তাই কমেন্ট কৰিছিল ৷ প্ৰথমে কমেন্ট তাৰপিছত লাহে লাহে ইনবক্সক কথা পাতিব ল’লে ৷ কম দিনৰ ভিতৰতে দুয়োজন অন্তৰংগ বন্ধু হৈ উঠিল ৷ ইজনে সিজনক নিজৰ জীৱন-শৈশৱ-যৌৱনৰ বহু অভিঞ্জতা-অনুভৱ কথাৰে ভগাই ল’লে ৷ আৰু লাহে লাহে…… গোপনে গোপনে নিজেই নজনাকে ইজনে সিজনক ভালপাই পেলালে ৷ মৰম-প্ৰেম- আৱেগ-হাঁহি-ধেমালীৰে দুয়োজনে ভালপোৱাৰ শিকলিত বান্ধ খালে নৱ-কংকনাই ৷
(3)
ৰাতি বহু দেৰিলৈ দুয়োজনে ফেচবুকত কথা পাতি থাকে ৷ খং কৰে, অভিমান কৰে আৰু মনাইও লয় ৷ ৰাতিৰ নিজানত কেতিয়াবা আৱেগৰ তাড়নাত দুয়ো নষ্ট হৈ উঠি নীলা নীলা দুষ্ট কথা পাতে ! আৰু তেনেকৈয়ে এদিন কংকনাই তাইৰ দেহৰ গোপন ফটো নৱৰ ইনবক্সত প্ৰেৰণ কৰিলে…… ৷ নৱক সুখী কৰিবলৈ !
(4)
এদিন হঠাতে কংকনাই তাইৰ ফেচবুক একাউণ্টো খুলিব পৰা নাই ৷ পাচৱৰ্ড ৰং বুলি দেখাই ৷ নৱক call কৰি জনালে ৷ সিও চেষ্টা কৰি চালে ৷ নাই ‘ৰং পাচৱৰ্ড’ ৷ কি হ’ল!! একাউণ্টো হেক হ’ল নেকি!!
(5)
ৰাতি নৱৰ ইনবক্সত ‘দিপাংকৰ বৰা’ নামৰ একাউণ্টোৰ পৰা ফটো এখন পালে ৷ কংকনাৰ ফটো ! তাইৰ দেহৰ গোপন অংশৰ ফটো ৷ নৱক সুখী কৰিবলৈ দিয়া ফটো ! কংকনালৈ দিপাংকৰৰ call ৷ সি তাইৰ দেহৰ সৌন্দৰ্য চাব বিচাৰে realঅত , চুব বিচাৰে তাইৰ দেহৰ খলাবমা বোৰ ৷ তাই তাক লগ কৰিব লাগে ! নহ’লে ফেচবুকৰ ৱালেৱালে, হুৱাটৱাপেৰে বিয়পি যাব তাইৰ নীলা ফটোবোৰ !
(6)
নৱক নজনাকৈ কংকনাই দিপাংকৰক লগ কৰি আহিলে ‘hotel BN’ৰ গোপন কক্ষত…… ! নৱৰংগই তাৰ ম’বাইলটো, গলত পিন্ধি থকা ৰূপৰ চেইনডাল বিক্ৰী কৰিব গ্ৰাহক বিচাৰি আছে ৷ যেনেতেনে 10,000টকা হ’লেও যোগাৰ কৰিব লাগিব ! দিপাংকৰৰ bank a/cঅত ভৰাই দিব লাগিব ৷ নহ’লে তাৰ কংকনাৰ ফটোবোৰ ফেচবুকে ফেচবুকে বিয়পি পৰিব………
-bn.rupam
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋