Hey folks! If you are looking for heart-touching Assamese romantic poems (অসমীয়া প্ৰেমৰ কবিতা), you are in the right place. Assamese poetry beautifully captures emotions, love, and longing in the most poetic way. Whether you are in love or just appreciate romantic literature, these poems will surely touch your heart. In this article, we will explore ten mesmerizing Assamese love poems that celebrate romance, emotions, and deep connections.

Let’s dive in!

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

তেঁও কি ভাবে নাজানো..
মোৰ বুকুৰ সেউজীয়া পথাৰত
তেঁওৰ হেঁপাহৰ হেমশস্য লহপহকৈ বাঢ়ে
বাৰিষাত তেঁও ৰুৱনী একাঠু বোকাত
তেঁও কলাফুল তিতে
আঘোণ-কাতিত তেঁও দাৱনী
ৰ’দত জিলিকা শাণ দিয়া
কাঁচিৰে কাটি যায়
হেঁপাহবোৰ নুৰিয়াই বান্ধে
প্ৰেমৰ সোণগুটি ডালিমীৰ হাঁহিৰে…
মোৰ উপত্যকা কঁপাই তেঁও
ঢৌতুলি হাঁহে খিলখিলাই
নৈপৰীয়া কঁহুৱাৰ দৰে তেঁও
হালিপৰে মোৰ বুকুৰ সীমনাত
দুচকুত এজাক সপোন আঁকি
মোৰেই আকাংক্ষ্যাত তেঁও
কটাব পাৰে উজাগৰী দীঘলীয়া ৰাতি
গুণগুনাই গাব পাৰে ৰাগ-ভাটিয়ালি
তেঁওৰ বাবেই…
মাথো তেঁওৰ বাবেই মোৰ সিৰা-উপসিৰাইদি
বৈ থাকে প্ৰেমৰ যমুনা,
ভালপোৱাৰ মন্দাকিনী

-দেৱজিৎ নাথ

আপোনজন ওচৰত আহিলে ভাল লাগে

আপোনজন ওচৰত আহিলে ভাল লাগে..
নেজানো কাৰ বাবে ইমানআশা কৰো ,
কিয় ইমান বিচাৰো ?
তোমাৰ এটি শব্দই মোকপাগল কৰে ,
তোমাৰ হিয়াৰ মাজত থাকিব মন জাগে ,
মই জানো তোমাৰ হোৱাৰ যোগ্য !!
তুমি জানো মোৰ হবা

-বিদ্বিশা বর্মন

তুমি আছা বাবেইটো Romantic Assamese Poem | New Assamese Poem

তুমি আছা বাবেইটো
ভাল লাগে জোনাকী আকাশ পথাৰৰ সেউজীয়া
আৰু ভাল লাগে আকাশনীলা
তুমি আছা বাবেইটো
দুচকুৰ নিলীমাত আজি সপোনৰ খেলা
ভাল লাগে ফুল, তৰা, গান, জোনাক নিশা
আৰু ভাল লাগে সকলো তোমাৰ ৷

-দেৱজিৎ নাথ

বেদৰ মন্ত্ৰৰে দম্পতি যদিও নহলো আমি কাহানিও

প্ৰেম-ভালপোৱাত দুখ থাকে, বিষন্নতা থাকে, অপ্ৰাপ্তিৰ বেদনা থাকে… । কিন্তু সকলোবোৰৰ উৰ্ধত থাকে কাৰোবাৰ হৃদয় জয় কৰাৰ সন্তুষ্টি । ‘আমাৰ বিয়া নহ’ল কি হ’ল, তেওঁৰ ভালপোৱাতো মই পালো’ – এই উপলব্ধিয়ে ইমান বেদনাৰ মাজতো অন্তৰখন ভৰাই ৰাখে । এয়াই প্ৰেম ভালপোৱা ।বিচ্ছেদৰ বহু বছৰ পাছতো এজনে আনজনৰ অজ্ঞাতে বিনিময় কৰে গভীৰ হুমুনিয়াহ । ভূপেন হাজৰিকাইয়ো তেওঁৰ গীতত কৈছে – “বেদৰ মন্ত্ৰৰে দম্পতী যদিও নহ’লো আমি কাহানিও, একেটি পাত্ৰতে জীৱন মদিৰা পান কৰোঁ আমি তথাপি ।”

ৰাজকমল

মই তোমাৰ অনুৰাগী Moi Tumar Onuragi Assamese Love Story Status Assamese Story Books

নিজকে চম্ভালিব পৰা নাই সি ! কান্দোন বিলাকে বুকুত তাৰ আবৰি ধৰিছে ‘ইশান্তৰ’… তাইক নাপালেও সি তাইক আপোন মনে ভাল পাই ! নতুন বছৰৰ শুভেচ্ছা দিয়া সি তাইক আজি তিনিদিন হ’ল ! কোনো সঁহাৰি নাই এতিয়ালৈ তাইৰ পৰা ! সীমাহীন আশাত সি দিছিল তাৰ মৰমৰ মেছেজটো কিন্তু তাই চাগে খুলিব আমনিবোধ কৰিছিল, এয়া তাৰ কামোৰৰ মেছেজ.. ! এক চাইদত পেলাই থৈছিল চাগে মোক ঘৃণা কৰাৰ দৰে সেই শুভ বাৰ্তা টোকো ! আকৌ এবাৰ সি তাইৰ প্ৰফাইলটো চেক কৰিলে ! হয়… তাইৰ সেউজীয়া লাইটটো তাইৰ নামৰ আগত এতিয়াও উজ্জল হৈ আছে ! সকলো বন্ধু-বান্ধৱীয়ে তাক নতুন বছৰৰ শুভেচ্ছা জনালে কিন্তু সি ভাল পোৱা প্রিয়াংসীৰ সঁহাৰি নাপাই দুখত চকুৰ পৰা জলজলীয়া পানী নিগৰি আহি তাৰ হাতত পৰিছিল ! যাচি দিছিল এবুকু মৰম প্রিয়াংসীক ! বহু খিনি সজতেই পাইছে তাই সেয়ে চাগে অবহেলা ! আনকি সোনৰো মূল্য নাই ! তাই সোণৰ লগত মৰমৰ তুলনা কৰিছে হয়তো ! মৰম মৰমেই সোণ সোণেই ! মৰম টকা পইছাৰে কিনিব নাপায় ! কিন্তু সোণ তো পাই ! এই বিলাক ভাবি সি একান্ত মনে শুই পৰিছে নিদ্ৰা দেবীৰ কোলাত ! অভিজিতে আহি মাত লগালে তাক ! আৰে তই শুই আছ যে !! গাৰ্লফ্রেণ্ডক লাত মাৰ.. ব’ল পাৰ্টি আছে ! মাল খাবি চব ঠিক হৈ যাব ! বিকৃত হাঁহি মাৰি ইশান্তে কৈছিল মদেও মৰম পাহৰাই ?? আৰে.. তই খাই চা তাৰ পিচত কবি ! একমত হৈছিল সি একমাত্ৰ প্ৰিয়াংসীক পাহৰিবৰ বাবে ! কোনোদিন মদৰ সুবাস নোপোৱা ইশান্তই ধোক ধোক কৈ এটা হাফ খাই পেলালে লগতে কিং চাইজ চিগাৰেট.. ধোৱা হৈ উৰি গ’ল প্রিয়াংসীৰ মৰম কিছুসময়ৰ বাবে ! মদৰ নিচাত ভাত খাব নাজানিলে ভাত খাম বুলি ভাবিও ভাতৰ পাতত পানী হে ধালিলে! পেটত আৰম্ভ হল ভুমিকম্প.. চাইলেন বমি ওলাই আহিল তাৰ মুখেৰে লগতে পচা পচা ভাতৰ গোন্ধ ! বিচনাত কোনে আনি থলে সি গমেই নাপালে ! মৰম কেনেকুৱা বস্তু এবাৰ ভাবি চাওক…।

নিশা 2:34 হ’ল… লাহে লাহে তাৰ নিচা ফাটি আহিল ! আকৌ মনত পৰিল তাৰ প্রিয়াংসীলৈ ! জানে তাই তেতিয়া ঘোৰ নিদ্ৰাত ! আকৌ এটা মেচেজ দিছিল সি তাইক ! মৰমৰ প্ৰিয়াংসী, নতুন বছৰৰ আকৌ ওলগ জনালো ! নাজানো তুমি গ্ৰহন কৰা নে নাই ? কিন্তু মই তোমাক হৃদয়ৰ পৰা দিছোঁ ! তোমাক মই সদায় মিচ কৰো ! তোমাৰ মৰমৰ মাত এষাৰি পালেও মই জীয়াই থকাৰ প্ৰেৰণা পাওঁ ! তোমাৰ বেয়া মই কনোদিন চিন্তা নকৰো ! তোমাৰ সদায় মংগল কামানা কৰা মইও এজন আছিলোঁ ! তুমি মোক অবহেলা নকৰিবা.. ।মই তোমাৰ অনুৰাগী…..

-ইশান্ত গোস্বামী.

এক প্ৰতিশ্ৰুতি… সদায়েই ৰক্ষা কৰাৰ

ৰঙীন সপোনবোৰ যেতিয়া দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব ৷ সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ ৷ সেয়েই কিজানি আকাশ চুৱলৈও দুহাত মেলিছিলো ৷ গধুলিৰ জোনাকতেই জীৱনৰ মাদকতা বিচাৰি পাইছিলো ৷ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে ৷ সেয়েই হয়তো মেঘচপৰাকো অবজ্ঞা কৰিছিলো যিটুকুৰাই অহৰহ সৰুবাই আছিল ভালপোৱাৰ বৰষাজাক ৷ সেই ফাগুনী পচোৱাজাক, যিয়ে কঢিয়াই আনিছিল ভালপোৱাৰ নিত্য নতুন বতৰাবোৰ ,মই কাণসাৰ কৰা নাছিলো ৷ আকাশ, জোনাকৰ বাবেই যে মাতাল আছিলো ৷

আজি সুধিছে মঘচপৰাই , আতৰি যাম বুলিয়েই কলে নতুন লক্ষ্যহীন ঠিকণা লৈ ৷ মই বুকু ফালি দেখুৱাই দিলো সেই বৰষাজাকৰ বাবে বুকুত লহপহকৈ বাঢি অহা ভালপোৱাৰ সেউজী শস্যডৰা … ক্ৰমশ মই বৰষাজাকৰ বাবে লিখিবলৈ লৈছো, ক্ৰমশ: পচোৱাজাকৰ বাবেই মাতাল হব লৈছো ৷

এয়াচোন অজানা অনুভুতি …এক প্ৰতিশ্ৰুতি…সদায়েই ৰক্ষা কৰাৰ…

-স্বপ্ননীল

বিষাদ

বিষাদে মনটোক বহুত দুখ দি থাকে আজিকালি ।কেতিয়াবা কলিজাটোৱে ডিঙি চেপি ধৰিব খোজে। বিষাদে হত্যা কৰে মোক ,মোৰ
সহানুভুতিক । বিষাদ আজিকালি মোৰ প্ৰিয় শব্দৰ ভিতৰত এটা নতুন শব্দহৈ ধৰা দিছে।তুমি যিদিনাখন আঁতৰি গৈছিলা মোৰ মনৰ প্ৰাচীৰ ভাঙি, সেই ভঙা খিনিয়েদি বিষাদ বোৰ পাৰ হৈ আহিছিল মোৰ হৃদয়ৰ মজিয়ালৈ । তুমি দিয়া দুখ ,বেদনা ,কান্দোনকে বৰ মৰমৰে সাবটো আজিকালি ।এই বোৰৰে সপোন গুঠো মোৰ অপূৰ্ণ জীৱনত ৷ এই বোৰ কৰি কি পাওঁ নাজানো কিন্তু গুচি যাওঁ…. হয়তো মনৰ তাগিদাতে কৰো…।

তোমাৰ মৰম ভালপোৱা নোপোৱাতো নিয়তিৰ বিচাৰ বুলি ধৰিলো কিন্তু কেতিয়াবা এই নিয়তি, এই ভাগ্যৰ বিচাৰ সব মোহাৰি ফালি ছিৰি জোৰকৈ হলেও মোৰ বুকুলৈ তোমাক আজুৰি আনিব মন যায়…. হয়তো নিয়তিৰ হাত দুখন মোৰ হাত দুখনতকৈ বেছি দীঘল সেয়ে মই বাৰে বাৰে হাৰি যাওঁ; হিয়া ঢাকুৰি কান্দো আজিকালি

-Manash Mausam Sharma

আকাশ থাকে মানে মই তৰা গনিম

আকৌ এবাৰ সি ৰঙা হৈ পৰা চকুটো মোহাৰিলে ! আশাৰ মুখ বিচাৰি সি নিজেই আত্মহাৰা হৈ পৰিছে ! জানে তাই তাৰ নহয় কোনোদিনে ” কিন্তু আশা – তাৰ তাইৰ সুখ ! অভিজিত তোক মই ভাত খাব মাতি আছোঁ ! মাকে এইবাৰ খেদি আহিলে তাৰ ওচৰলৈ ! নিশব্দ হৈ সি শুই আছে বিচনাত ! আকৌ মাতিলে তাক অভি ? তোৰ হৈছে কি ? এনেকৈ থাকিলে আমি জানো সুখী হম ! ঘৰখনত মুঠেই আমি চাৰি টা প্ৰাণী, তাতে তই এনেকৈ থকা ! আহচোন আজি ভাত মুঠি একেলগে খাওঁ ! আৰে মা মই গৈ আছোঁ ! মোৰ একো নাই হোৱা.. তোমালোকে এনেই চিন্তা কৰি থাকা ! ব’ল ব’ল আজি আমি একেলগেই খাম ! ভাত তাৰ পেটলৈ নাজায় ! পূৰবীক নোপোৱাৰ বেদনাই তাৰ ভোক কেতিয়াবাই হেৰুৱাই পেলাইছে !

বিষাদ

একেখন কলেজত থাকি প্ৰেমত পৰা পুৰবী আজি আনৰ হৈ গ’ল ! সেয়া আছিল সময়ৰ দোষ ! সেই সময়ত অভিয়ে তাক বিবাহৰ প্ৰস্তাব দিব নোৱাৰে ! কাৰণ তাৰ তেতিয়া তাইক সুখী কৰিৱ পৰাকৈ একো এটা হাতত নাছিল ! দেউতাকে সিহঁতৰ ঘৰখনকে নিয়মিয়াকৈ চলাব পৰা নাই ! পূৰবীৰ কথা ক’ব গ’লে তাই এই অভিজিতক প্ৰেমত পেলাইছিল ! প্ৰেম কৰিব নজনা অভি আজি এক মহান প্ৰেমিক হৈ পৰিছে ! দৰিদ্ৰতাৰ অভাবত সি তাইক বিয়া কৰিব নাপালে ! তাই কিন্তু ৰাজি আছিল আহিবলৈ ! বিয়াৰ দিনাও তাই কান্দি কান্দি ফোন কৰিছিল অভিক ! সিও পাগল হৈ গৈছিল পাই হেৰুৱা বেদনাত ! কেনেকৈ তাইক সি নিজৰ কৰি আনিব ! এটাই ঘৰ সিহঁতৰ ! তাকো ৰাতি ধুনীয়াকৈ আকাশৰ তৰা গনিব পৰা ! পাগল হৈ সি তাইক সুখী হবা বুলি আশীৰ্বাদ দিছিল !!

-ইশান্ত

এদিন আকৌ হাঁহিম। প্ৰাণ খুলি হাঁহিম

মই ভাবো বহুত দুখ দেখিছো | বহু দুখৰ যাতনাই মোক দুৰ্বল কৰি তুলিছিল | হঠাৎ এদিন লগ পালো তেওঁক |প্ৰহেলিকাময় জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ অন্তত তেওঁ আজি অনন্যা | বৃষ্টি, মই দিয়া নাম | তেওঁ মোক হাঁহিবলৈ শিকালে | তেওঁৰ ওপৰত হিংসা হয়, তুমি প্ৰাণখুলি কেনেকৈ হাঁহিব পাৰা? মই পৰা নাই, চেষ্টা কৰিছো | মোৰ দুখবোৰ তেনেই সৰু যেন লাগিল তেওঁৰ তুলনাত | হয় মই দুখী, কিন্ত তেওঁ…. অনন্ত দুখৰ ভাৰ গ্রহণ কৰিও হাঁহিছে তেওঁ | মইও ঠিৰাং কৰিছো, হহোঁৱাই ভাল পোৱা লৰাটোৱে আকৌ হাঁহিব | অন্ততঃ তেওঁৰ কাৰনে হাঁহিব |

-rajib ojah

তোমাৰ ওপৰত মোৰ অধিকাৰ কিমান?

তোমাক কাহানিও দোষ নিদিওঁ মই..! দোষ মোৰ নিজৰ গাতেই..! নিলাজৰ দৰে কাষ চাপি যাওঁ..! ভুল মোৰ..! ভাল নোপোৱা বুলি জানিও কাষ চাপি গৈ মই দুখবোৰ নিজৰ কৰি লৈছোঁ ..! মই দুখ পোৱাটো কেৱল মোৰ বাবেহে হৈছে..! তোমাক ভালপোৱাৰ চখত এটা আনকমফৰটেবল লাইফ কটাই আছোঁ যদিও, তোমাক কোনোদিনে দোষ দিয়া নাই..! কাৰণ সকলোৰে এটা বিন্দাচ লাইফ থাকে..! কাৰোবাৰ বিন্দাচ লাইফৰ ওপৰত মোৰ মাত মতাৰ অধিকাৰ নাই সেয়া জানো মই ..! -ঈশান্ত

মন যায়

ভালপোৱাৰ গল্প, কবিতা, ৰোমান্তিক ফিল্ম চাই যিমান ভাল লাগে তাতোকৈয়ো ভাল লাগে যেতিয়া জীৱনটোৱেই মধুৰ হৈ পৰিব খোজে তোমাৰ উপস্হিতিত …তোমাৰ দুৱাহুৰ মাজৰ সময়খিনি, কহুৱা কোমল হাঁহিটি, তোমাৰ মুখত ভালপাও নামৰ শব্দটো, কিচু মৰম, কিচু অভিমান,আশা আকাংক্ষা, ৰঙীন সপোনবোৰ …এই সকলোবোৰে মোক পলকতে সুখী কৰি তোলে জানানে কেতিয়াবা চিঞৰি দিবলৈ মন যায় সকলোৱেই শুনাকৈ…জপিয়াই থাকিবলৈ মন যায় তোমাৰ কথাবোৰৰ দৰে, কবলৈ মন যায় হাজাৰ বাৰ বহুত বহুত বহুত ভালপাও তোমাক…

-স্বপ্ননীল আকাশ

মোৱাইলৰ সিটো মুৰৰপৰা ভাহি আহে কিচু অভিমান , মৰম, খং, যত্ন…আতৰাই দিব খোজে শুন্যতাক, পিন্ধাই সুখৰ পোচাক ৷ কিচুমান প্ৰতিশ্ৰুতি, অন্তহীন আশা, বকুৰ সমস্ত ভালপোৱা বিয়পি পৰে বুকুৰ কোঠালি য়ে কোঠালিয়ে ৷ যেন বুকুৰ পৰা বুকুলৈ নিবিৰ সংযোগ ৷ এনেদৰেই সংগোপনে বাঢি আহে মৰমবোৰ ৷ এনেদৰেই আগুৱাই গৈ থাকে সপোন,ভালপোৱাবোৰ ৷ যেন এক অন্তহীন যাৎৰা,সুখ দুখ আধা আধা কৰি লোৱাৰ,মই
তোমাৰ, তুমি মোৰ হোৱাৰ ..…প্ৰতিটো ৰাতিপুৱাই এনেদৰেই সাৰ পাও এনেদৰেই এনেদৰেই আৰম্ভ হয় এটা দিন, মৰমসনা মাতটোৰে… দিনটোৰ ব্যস্ততাত মাজতো মুহুৰতবোৰ সময় উলিয়াই ভাবো ৷ ক্ৰমান্নয়ে ভালপোৱা বোৰো বাঢিবলৈ ধৰে ৷ সচাকৈয়ে এনে লাগে যেন মোৰ জীৱনটোও আগকৈয়ো ধুনীয়া হৈ গৈছে , মোৰ চহৰত এচাতি মলয়াৰ আগমনত .

-স্বপ্ননীল আকাশ

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

0 Comments

  1. গুৰুত্ব নিদিয়া প্ৰেমৰ কবিতা পস্ত কৰিবচোন

Leave a Reply

Your email address will not be published. Required fields are marked *