ক্রিয়া-কলাপ পাঠভিত্তিক ১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) চুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল?
উত্তৰ: চুনু আৰু মুনুৱে ককাকৰ পৰা উৎসৱৰ বিষয়ে জানিবলৈ তেওঁৰ ওচৰত বহিছিল।
(খ) ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ‘ওনাম’ পালন কৰে?
উত্তৰ: কেৰালা ৰাজ্যত।
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
(গ) ‘লহৰি’ কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ?
উত্তৰ: পঞ্জাৱ ৰাজ্যৰ।
(ঘ) ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল?
উত্তৰ: জুইকুৰাৰ পৰা অগ্নিকাণ্ডৰ আশংকা থকা বাবে ককাকে জুই সামৰি থৈ ভাত খাবলৈ গৈছিল।
২। অসমৰ কোন জনগোষ্ঠীয়ে কি কি উৎসৱ পালন কৰে লিখা।
উ:
জনগোষ্ঠী | পালন কৰা উৎসৱ |
---|---|
কাৰ্বি | ৰংকেৰ |
ৰাভা | হামজাৰ |
হাজং | পুষণা |
তিৱা | জোনবিল মেলা |
টাই | মাই ক’ চুম্ ফাই |
বড়ো | মাগৌ/দমাচি |
৩। ক) তলত দিয়া অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠৰপৰা বিচাৰি উলিয়াই লিখা।
উ:
- কোঁচ-মোচ খাই —
- নজনা কথা জানিবৰ ইচ্ছা —
- মানুহ বাস কৰা ঠাই —
- আয়োজন কৰে —
খ) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰপৰা বিচাৰি উলিয়াই লিখা-
উ:
- অনাদৰ ↔ আদৰ
- পানী ↔ জুই
- আজৰি ↔ ব্যস্ত
- আনৰ ↔ নিজৰ
গ) ‘উপভোগ’ শব্দটোত ‘উপ’ৰ লগত ‘ভোগ’ শব্দটো লগ লাগিছে। এতিয়া ‘উপ’ ৰূপৰ পিছত বেলেগ বেলেগ শব্দ লগ লগাই খালী ঠাইত লিখা আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোবা-
উ: উপনদী, উপভোগ, উপকাৰ উপযোগী, উপলক্ষ্য
ঘ) তোমালোকে পাঠটোত কেইটামান যুৰীয়া শব্দ পাইছা। যেনে-সাজ-পাৰ, গীত-মাত। সেইদৰে তলৰ বাকচ দুটাত দিয়া যুৰীয়া শব্দবোৰ পূৰোৱা-
উ: কাগজ-কলম, কাম-কাজ, চোৱা-শুনা, মাত-বোল, বয়-বস্তু, দেখি-শুনি, আহল-বহল
৪। শব্দৰ খেল খেলোঁ আহা-
পাঠত বিচাৰি এনে এটা চাৰি আখৰীয়া শব্দ লিখা, যাৰ
- ১ ম আৰু ২ য় আখৰ মিলি চেঁচা বুজায়।
- ১ ম আৰু ৪ র্থ আখৰ মিলি স্বভাৱ বুজায়।
- ২য় আৰু ৪ র্থ আখৰ মিলি ওপৰৰ বিপৰীত অর্থ বুজায়।
- ৩য় আৰু ১ ম আখৰ মিলি ভাৰতৰ এখন ঠাইৰ নাম।
- ১ ম, ২ য় আৰু ৪র্থ আখৰ মিলি ঠাণ্ডা বুজায়।
উত্তৰ:
৫। ভাবোঁ আৰু লিখোঁ আহা-
(ক) তুমি কি কি উৎসব পালন কৰা?
উত্তৰ: মই বিহু, দুর্গাপূজা, ঈদ, বৰদিন আদি পালন কৰো।
(খ) উৎসৱৰ সময়ত তুমি কি কি কৰা?
উত্তৰ: মই উৎসৱৰ সময়ত নতুন কাপোৰ পিন্ধো, পিঠা-পনা খাওঁ, নাচ-গান কৰোঁ।
(গ) উৎসব-পার্বণত তোমাৰ ঘৰত পৰিয়ালৰ লোকে জুইৰ সহায়ত কি কি খাদ্য ভাজে, পোৰে বা বান্ধে? তাৰ ভিতৰত কোনবোৰ খাদ্য তুমি ভালপোৱা?
উত্তৰ: —-
(ঘ) ঘ) জাৰৰ দিনত জুইৰ উপৰি আন কি কি উপায়েৰে আমি ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰোঁ?
উত্তৰ: জুইৰ উপৰি আমি ঠাণ্ডাৰ পৰা হাত সাৰিবৰ বাবে গৰম কাপোৰ পিন্ধো, হিটাৰ ব্যৱহাৰ কৰোঁ, গৰম পানী খাওঁ।
৬। ক) ছবিদুখনত দেখা পোৱা উৎসৱকেইটালৈ চোৱা আৰু কোনটো জনগোষ্ঠীয়ে পালন কৰে কোৱা। ইয়াত দেখা সাজ-পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ দেখুৱা-
উ:
- বৈশাণ্ড —-
- চিকপুই কই —
- মাই ক’ চুম্ ফাই —
- ৰংকেৰ —
খ) তলৰ ছবি দুখনত দেখা পোৱা উৎসৱ দুটাৰ বিষয়ে লিখা-
উ:
৭ খ) একেদৰে ন-খোৱা উৎসৱলৈ নিমন্ত্রণ জনাই তুমি তোমাৰ বান্ধবীলৈ এখন চিঠি লিখা।
উ:
৮। দফাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা-
(ক) কেইটামান উৎসৱ আৰু দিৱসৰ নাম লিখোঁ আহা।
উত্তৰ: বিহু, দুর্গাপূজা, ঈদ, বৰদিন।
(খ) উৎসৱ পালন কৰাৰ আগে আগে আমি কেনেদৰে সাজু হওঁ?
উত্তৰ: ঘৰ চাফা কৰোঁ, নতুন কাপোৰ কিনোঁ, খাদ্য তৈয়াৰ কৰোঁ।
(গ) পাৰ হৈ যোৱা উৎসৱটোৰ বাবে তুমি কেনেদৰে প্রস্তুতি চলাইছিলা?
উত্তৰ: পাৰ হৈ যোৱা বিহু উৎসৱৰ বাবে মই এনেদৰে প্ৰস্তুতি চলাইছিলো—
- গাঁৱৰ মেজি সজোতে সহায় কৰিছিলোঁ আৰু ভেলাঘৰত অংশ লৈছিলোঁ।
- ঘৰৰ চোতাল আৰু বাৰী চাফা কৰিছিলোঁ।
- মাৰ সৈতে পিঠা-পনা (তিল পিঠা, লাৰু) তৈয়াৰ কৰিছিলোঁ।
- নতুন কাপোৰ কিনিছিলোঁ।
(ঘ) উৎসৱসমূহে সমাজত কিদৰে মিলা-প্রীতি বঢ়ায়?
উত্তৰ: উৎসৱসমূহে সমাজত মিলা-প্ৰীতি বঢ়োৱাৰ কাৰণ
- আশীৰ্বাদৰ বিনিময়: ডাঙৰ-সৰুৱে মিলি সেৱা-আশীৰ্বাদ আদান-প্ৰদান কৰে।
- সকলোকে একেলগে আনন্দ কৰাৰ সুযোগ দিয়ে: ধর্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে একেখন প্ৰাঙ্গণত উৎসৱ পালন কৰে।
- ৰীতি-নীতিৰ বিনিময়: বেলেগ জনগোষ্ঠীৰ উৎসৱত অংশগ্ৰহণ কৰি পৰস্পৰে সংস্কৃতিৰ বিষয়ে শিকে।
- সহযোগিতা: উৎসৱৰ আয়োজনে মানুহক একেলগে কাম কৰিবলৈ শিকায় (যেনে— মেজি সজা, ভোজ ভাত খোৱা)।
৯। তোমালোকে ঘৰত উদযাপন কৰা কেইটামান উৎসৱৰ ছবি সংগ্ৰহ কৰি তলৰ বাকচটোত আঁঠা লগোৱা-
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋