পাঠভিত্তিক ক্রিয়া-কলাপ ১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-

ক) কিহৰ বাবে অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল?

উ: বন্ধৰ দিন আছিল বাবে অম্লানহঁত সপৰিয়ালে বনভোজলৈ যোৱাৰ সিদ্ধান্ত লৈছিল বাবে ওলাই গৈছিল।

Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy

খ) “আহি গ’ল, আহি গ’ল!…”-এই কথাষাৰ কোনে কৈছিল?

উ: “আহি গ’ল, আহি গ’ল!…”—এই কথাষাৰ অম্লানে কৈছিল। যেতিয়া শান্তাহঁতৰ গাড়ী ঘৰৰ পদূলিত পোৱাৰ শব্দ হ’ল, তেতিয়া সি আনন্দতে চিঞৰি মাক-দেউতা, খুৰা-খুৰীক সতৰ্ক কৰিছিল।

গ) গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে কিয় বিমোৰত পৰিছিল?

উ: গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে চাবিপাট বিচাৰি নাপাই বিমোৰত পৰিছিল। তেওঁ চাবি হেৰুৱালে বুলি ভাবিছিল, কিন্তু পাছত গম পাইছিল যে চাবিপাট তেওঁৰ পেটীতেই ওলমি আছিল।

ঘ) অম্লানৰ মাকে জোঁৱায়েকক কি কৈছিল?

উ: অম্লানৰ মাকে জোঁৱায়েকক (পেহাক) কৈছিল— “জোঁৱাই, চাবিপাট দেখোন তোমাৰ পেটীতেই ওলমি আছে!” এই কথাষাৰ শুনি সকলো হাঁহিছিল।

৬) গাড়ীৰপৰা বয়-বস্তুবোৰ নমোৱাৰ পাছত শান্তাই কিয় কান্দিছিল?

উ: গাড়ীৰ পৰা বয়-বস্তুবোৰ নমোৱাৰ পাছত শান্তাৰ পুতলাটো নেদেখি তাই কান্দিছিল। পাছত অম্লানে গাড়ীৰ ভিতৰত চেপেটা হৈ থকা পুতলাটো উলিয়াই দিয়াত তাই সুখী হৈছিল।

চ) বনভোজথলীত দেখা বেনাৰখনত কি লিখা আছিল?

উ:

২। ক) পাঠত পোৱা উদ্ভিদ আৰু জন্তু শব্দ দুটাত থকা যুক্তাক্ষৰ দুটাৰে বেলেগ বেলেগ শব্দ লিখোঁ আৰু পঢ়ো আহা

উ: উদ্ভিদ আৰু জন্তু শব্দৰ যুক্তাক্ষৰৰ শব্দ:

  • উদ্ভিদ → উদ্ভৱ
  • জন্তু→ কিন্তু →

খ) তলত দাগ দিয়া পদবোৰ ভাঙি দেখুওৱা

বনভোজলৈ এদিন: এদিন – এক + দিন

এখন হাবিৰ কথা: এখন – এক+খন

চাবিপাট দেখোন : চাবিপাট –

বস্তুবোৰ মিলালে : বস্তুবোৰ –

দুটা পৰিয়াল : দুটা –

ছজন মানুহ : ছজন –

গ) পাঠত থকা সম্বন্ধবাচক পুংলিংগ আৰু স্ত্রীলিংগ বুজোৱা পদৰোৰ তালিকাভুক্ত কৰা।

উ:

পুংলিংগস্ত্ৰীলিংগ
দেউতামা
খুৰাখুৰী
পেহাপেহী
মামামামী
ককাআইতা

ঘ) আঁচ টানি অৰ্থৰ লগত মিলোৱা-

উ:

শব্দঅৰ্থ
চলাথপাত পাত কৈ বিচৰা
কৌতূহলজনাৰ আগ্রহ
সোনকালেশীঘ্ৰে, বেগতে
উলাহতেআনন্দতে

ঙ) পাঠটোত থকা একবচন আৰু বহুবচন বুজোৱা পদবোৰ বিচাৰি উলিয়াই ভাগে-ভাগে লিখা আৰু বচন বুজোৱা শব্দাংশৰ তলত আঁচ টানা-

উ:

একবচনবহুবচন
অম্লানঅম্লানহঁত
শান্তাশান্তাহঁত
গাড়ীগাড়ীবোৰ
পুতলাপুতলাবোৰ

চ) তলৰ তালিকাখন পূৰ কৰা-

উ:

একবচনবহুবচন
মইআমি
তুমিতোমালোক
আপুনি আপোনালোক
তেওঁতেওঁলোক
তইতহঁত
সিসিহঁত
তাই

ছ) বাক্য ৰচনা কৰা-

নাচি-বাগি,খোৱা-বোৱা,ঢেক্ ঢেককৈ, গুণগুণাই

উ:

  • নাচি-বাগি: সিহঁতে নাচি-বাগি উৎসৱ পালন কৰিলে।
  • খোৱা-বোৱা: বনভোজত খোৱা-বোৱা কৰি সকলোৱে মজা ল’লে।
  • ঢেক্ ঢেককৈ:
  • গুণগুণাই: পেহীয়েকে গুণগুণাই গীত গালে।

জ্ঞান-সম্প্ৰসাৰণ ৩। ভাবোঁ আৰু লিখোঁ আহা-

(ক) গছৰ গুৰিত জাবৰ-জোঁথৰ দিলে কি হয়?

উত্তৰ: গছৰ গুৰিত জাবৰ-জোঁথৰ দিলে সেয়া পচি সাৰ হৈ গছজোপাক পুষ্টি দিয়ে। কিন্তু প্লাষ্টিক আদি দিলে পৰিৱেশ দূষিত হয়।

(খ) চাবিপাট নাপালে তেওঁলোকে কি কৰিলেহেঁতেন?

উত্তৰ: চাবিপাট নাপালে তেওঁলোকে মেকানিকৰ সহায় ল’লেহেঁতেন ।

(গ) চাবিপাট হেৰুৱাৰ সময়ত তুমি কি কৰিলাহেঁতেন?

উত্তৰ: মই গাড়ীৰ চিট, বেগ, আৰু পকেটত চাবিপাট বিচাৰিলোহেঁতেন।

৪। ক) অম্লানৰ লগত কাৰ কি সম্পৰ্ক ছবিৰ নম্বৰ মতে লিখা-

উ:

খ) কাক কি বুলি সম্বোধন কৰে আঁচ টানি মিলোৱা

উ:

  • মাকৰ বায়েক → জেঠী, জেঠাই
  • মাকৰ ভনীয়েক → মাহী
  • দেউতাকৰ ভনীয়েক → পেহী
  • পেহীয়েকৰ গিৰিয়েক → পেহা
  • মাকৰ দেউতাক → ককা

৭। সাধুটো সম্প্ৰসাৰণ কৰোঁ আহা-

উ: “সাৱধান মাতৃ”

প্লাবিতাহঁতৰ এজনী  কুকুৰা আছিল। তাইৰ তিনিটা ফুটফুটীয়া পোৱালি আছিল। এদিন তাই পোৱালিকেইটাক লৈ চোতালত খেলি আছিল। পোৱালিহঁতে মাকে দিয়া পৰুৱাবোৰ খাই আনন্দ কৰিছিল।

হঠাতে আকাশৰ পৰা এজনী ডাঙৰ চিলনীয়ে চো মাৰি নামি আহিল! চিলনীজনীয়ে সৰু পোৱালিটোৰ ফালে চকু ৰাখিছিল। কুকুৰাজনীয়ে বিপদ বুজি “কক্‌ কক্‌ কক্‌” বুলি চিঞৰি উঠিল। তাই পাখি মেলি পোৱালিকেইতাক নিজৰ তলত লুকুৱাই ল’লে আৰু চিলনীজনীক ঠোঁটেৰে জোকাৰি খেদিলে।

চিলনীয়ে ভয় খাই উৰি গ’ল। প্লাবিতাই বাৰাণ্ডাৰ পৰা এই দৃশ্য দেখি কুকুৰাজনীক এমুঠি ধান দিলে। পোৱালিকেইটাই মাকৰ সাহসত “চিক্‌ চিক্‌” কৰি আনন্দ কৰিলে।

মৰালমাতৃৰ মমতা আৰু সাৱধানতাৰ বাবে সন্তান সুৰক্ষিত থাকে।

৮। সাঁথৰ ভাঙো আহা-

ভোঁ ভোঁ কৰে ভোমোৰা নহয়। লগুণ আছে কিন্তু বামুণ নহয়। উ: যতঁৰ

৯। তোমাৰ চৌপাশ চাফ্-চিকুণ কৰি ৰখাৰ বাবে এখন পোষ্টাৰ তৈয়াৰ কৰা।

উ: “চৌপাশ চাফ-চিকুণ ৰখা”

  • চিত্ৰ: হাতত এটা ডাষ্টবিন এটা লৈ মানুহে আৱৰ্জনা সংগ্রহ কৰি থাকিব।
  • বাক্য:
    • “পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখোঁ আমাৰ পৰিৱেশ!”
    • “আৱৰ্জনা ডাষ্টবিনত পেলাওঁ, সুস্থ সমাজ গঢ়োঁ।”

(পোষ্টাৰখন ৰঙীন কাগজত ডিজাইন কৰিব পাৰি!)

Join The Community

Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *