পাঠ ২ খবৰৰ টোপোলা
পাঠভিত্তিক ক্রিয়া-কলাপ
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
১। কওঁ আৰু লিখোঁ আহা-
ক) ছবি আঁকাত উদগনি বঁটা কোনে পাইছিল?
উত্তৰ: ছবি আঁকা প্ৰতিযোগিতাত প্রদীপ যাদৱে উদগনি বঁটা পাইছিল।
খ) বাতৰি কাকতখন কোন তাৰিখে প্রকাশ পাইছে?
উত্তৰ: কাকতখন বৃহস্পতিবাৰ, ৩ শাওণ ১৯৪৫ শক (২০ জুলাই ২০২৩) তাৰিখে প্রকাশ পাইছে।
গ) কুইজ উৎসৱ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কুইজ উৎসৱ অনুষ্ঠিত হৈছিল।
ঘ) বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্রকাশ পাইছে?
উত্তৰ: তেজপুৰ, নলবাৰী, মৰিয়নি, লামডিং আদি ঠাইৰ বাতৰি প্রকাশ পাইছে।
ঙ) বাতৰি কাকতত প্রকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি কি?
উত্তৰ:
১. তেজপুৰত ছবি আঁকা প্ৰতিযোগিতা
২. নলবাৰীত কুইজ উৎসৱৰ আয়োজন
৩. মৰিয়নিত এনকেফেলাইটিছ ৰোগ
৪. ৰে’ল যাতায়াত ব্যাহত (ভূমিস্খলনৰ বাবে)
ভাষা অধ্যয়ন
৩ অভিধান চাওঁ আহা-
ক) শিক্ষকৰ সহায়ত অভিধানত বিচাৰি তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখোঁ আহা-
উ:
- কর্মশালা: প্রশিক্ষণ বা শিকনিৰ সভা।
- মানপত্র: সন্মানসূচক পত্ৰ।
- আয়োজন: ব্যৱস্থা বা উদ্যোগ।
- বিশিষ্ট: প্রখ্যাত, নামজ্বলা।
- প্রাংগণ: চোতাল ।
- বিজয়ী: জয়লাভ কৰোঁতা।
খ) অভিধানত বিচাৰি একে অর্থ বুজোৱা দুটাকৈ শব্দ লিখোঁ আহা-
উ:
- গ্রীষ্মকাল: গৰমকাল, উত্তাপকাল।
- অন্ত: শেষ, সমাপ্তি।
- বিদ্যালয়: স্কুল, শিক্ষালয়।
- প্রদান: দান, অর্পণ।
- মুকলি: খোলা, উন্মুক্ত।
৪। বাক্য সাজো আহা-
উ:
- প্রতিযোগিতা: স্কুলত ছবি আঁকা প্ৰতিযোগিতা হৈছিল।
- পুথিভঁৰাল: আমি পুথিভঁৰালৰপৰা কিতাপ আনি পঢ়োঁ।
- বিশিষ্ট: অমূল্য পাটগিৰি এগৰাকী বিশিষ্ট সাহিত্যিক।
৫। হোৱা অৰ্থ বুজোৱা শব্দৰপৰা নোহোৱা অৰ্থ বুজোৱা শব্দ লিখোঁ আহা-
উ:
হোৱা অৰ্থ বুজোৱা শব্দ | নোহোৱা অৰ্থ বুজোৱা শব্দ |
---|---|
হ’ব | নহ’ব |
কব | নকব |
খায় | নখায় |
দিয়ে | নিদিয়ে |
শুৱে | নুশুৱে |
থোৱা | নোথোৱা |
জ্ঞান-সম্প্ৰসাৰণ ৭। ভাবোঁ আৰু লিখোঁ আহা-
তুমি জনা কেইখনমান অসমীয়া বাতৰি-কাকত আৰু আলোচনীৰ নাম লিখা।
উ: অসমীয়া বাতৰি কাকত আৰু আলোচনী:
- দৈনিক: জনমভূমি, আসাম ট্ৰিবিউন।
- সাপ্তাহিক: —-, সাদিন।
- মাহেকীয়া: প্ৰান্তিক, গৰীয়সী।
৮) ১৪ নবেম্বৰ তাৰিখটো আমাৰ দেশত ‘শিশু দিবস’ হিচাপে পালন কৰা হয়।
তোমালোকৰ বিদ্যালয়ত এই দিবসটো কেনেদৰে পালন কৰিবা, সেই বিষয়ে এটা বাতৰি প্ৰস্তুত কৰা।
- বাতৰিটোৰ লগত খাপ খোৱাকৈ এটি শিৰোনাম লিখা।
- বাতৰিটো পৰিৱেশন কৰা।
উ: শিৰোনাম: “বিদ্যালয়ত উলহ-মালহেৰে শিশু দিবস পালন”
বাতৰি:
নলবাৰী, ১৪ নৱেম্বৰ: আমাৰ বিদ্যালয়ত শিশু দিবস উলহ-মালহেৰে পালন কৰা হ’ল। এইদিনা ছাত্ৰ-ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ ফটোত ফুল দি তেওঁক স্মৰণ কৰিলে। সভাত নেহৰুৰ জীৱনী আৰু শিশু অধিকাৰৰ ওপৰত আলোচনা হ’ল। শেষত মিঠাই বিতৰণ কৰি উৎসৱৰ সামৰণি মৰা হ’ল।
৯। দফাটো পঢ়ি সিপিঠিৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
ক) টেলিফোনত কাৰ কাৰ মাজত কথোপকথন হৈছিল?
উ: টেলিফোনত মন্টু আৰু দুলুৰ মাজত কথোপকথন হৈছিল
খ) দুলুবে মন্টুলৈ কিয় ফোন কৰিছিল?
উ: দুলুৱে বল কিনিবলৈ ৫ টকা ধাৰ বিচাৰিছিল সেয়ে দুলুবে মন্টুলৈ কিয় ফোন কৰিছিল ৷
গ) বলটো কিনিবলৈ কেইটকা কম হৈছিল?
উ: ৫ টকা কম হৈছিল ৷
ঘ) মন্টুবে কিয় শুনিয়ো নুশুনাৰ ভাও জুৰিছিল?
উ: ধাৰ নিদিবলৈ মন্টুৱে ভাও জুৰিছিল।
(ঙ) শেষত মন্টুৱে পাঁচ টকা দিবলৈ কাক কৈছিল?
উ: শেষত মন্টুৱে মাকক ৫ টকা দিবলৈ কৈছিল।
চ) মন্টুৰ ঠাইত তুমি হোৱা হ’লে কি কৰিলাহেঁতেন?
উ: ধাৰ দিয়াটো নায্য হ’লে দিলোহেঁতেন ৷
১০। ১০। ঘেৰটোৰ ভিতৰত থকা শব্দটোৰ লগত জড়িত শব্দকেইটামান লিখোঁ আহা-
উ:
সংখ্যা | যোগাযোগৰ মাধ্যম |
---|---|
১. | মোবাইল ফোন |
২. | ইমেইল |
৩. | ৰেডিঅ’ |
৪. | টেলিভিছন |
৫. | বাতৰি কাকত |
৬. | ইন্টাৰনেট |
৭. | ডাক সেৱা |
৮. | ভিডিঅ’ কনফাৰেন্সিং |
১১। বাতৰি কাকতত অকণিৰ শিতানত প্রকাশিত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ছাত্র-ছাত্রীয়ে- (ক) আঁকা ছবি, (খ) লিখা পদ্য, (গ) সাঁথৰ, (ঘ) সাধাৰণ জ্ঞানৰ কথা, (ঙ) মহৎলোকৰ বাণী সংগ্ৰহ কৰি এলবাম প্রস্তুত কৰোঁ আহা-
Stay Updated Instantly on Whatsapp
We’ve just updated our class notes on Jonak Axom to help you prepare better and faster. For quick updates, important notifications, and exclusive content, join our WhatsApp Channel now!
Join The Community
Join the completely free JonakAxom Telegram/Whatsapp Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋