দেউতাক বা ভায়েকৰ চাৰ্ট পিন্ধি ভাল পোৱা ছোৱালীজনীৰ গল্প
কিছুমান ছোৱালী আছে। আচৰিত ইচ্ছা ৰাখে। সিহতে নিজতকৈও প্ৰিয় মানুহজনৰ চাৰ্ট বা তেনে বস্তবোৰ ব্যবহাৰ কৰিব ভাল পায়। ঘৰত দেউতাক বা ভায়েকৰ চাৰ্ট বা পিছত প্ৰিয় পুৰুষ জনৰ চাৰ্ট পৰিধান কৰি বা চুই মানসিক সন্তুষ্টি পায়।
তেওলোকে তোমাক আব্দাৰৰ সুৰত কব ‘ শুনাচোন তোমাৰ ইউচ কৰা কোনো চার্ট বা টিচার্ট মোক দিবা নে প্লিজ? তেনেকুৱা চাৰ্ট যত তোমাৰ ইউচ কৰা পাৰফিউমৰ সুঘ্ৰাণ থাকে ! দিবানে?
আৰে কত কিমান নতুন চাৰ্ট আছে। তাক লৈ যোৱা। কিন্তু ইউচ কৰাহে কিয়? তাত আকৌ মোৰ ?
শেষত গিফ্ট পোৱাৰ পিছত ছোৱালী জনীয়ে সেয়া পিন্ধি অলপ সময় আইনাৰ আগত থিয় হব, নিজক চাব, নাকৰ কাষলৈ পাৰফিউমৰ ঘ্রাণ লব!মনত অনুভৱ কৰিব এক চিৰ পৰিচিত তুমি তুমি গোন্ধ।
পিছত ফটো তুলি প্ৰিয় মানুহজনক দেখুৱাব। আৰু মেছজত লিখিব ‘দেখিছা ? তোমাৰ চাৰ্ট। তোমাতকৈ মোকহে বেছি ধুনীয়া লাগিছে!’
এই বিচৰা আৰু লোৱাবোৰ বেছিভাগে অপূর্ণ হৈ থাকি যায়। তাৰ পিছতো এই কাম বোৰ নাজানো কিয় মাৰাত্মক ভাল লাগে মোৰ।