Happy New Year 2024 Wishes In Assamese, Happy New year 2024 Assamese Quotes, Happy New year Assamese SMS
নতুন বছৰৰ নতুন কিৰণ। এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক আপোনাৰ জীৱন। তাৰেই কামনাৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলো
গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ। তাৰেই কামনাৰে শুভ নৱবৰ্ষ
এটি এটি বছৰে আমাক অভিজ্ঞ কৰি গৈ আছে আৰু এইবোৰে আমাৰ স্মৃতিত বিলীণ হৈছে। 2024 এ শিকোৱা মানুহৰ পৰা দূৰত্বৰ ধাৰণাটো 2024 ত সলনি হৈ সুখ,শান্তি,সবৃদ্ধি,মিলাপ্ৰিতিৰে আৰম্ভ হওঁক
Happy New year 2024: New year WhatsApp status Assamese
নতুন বছৰৰ প্ৰতিদিনে সুখ , আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰেই কামনাৰে নতুন বছৰৰ শুভেচ্ছা যাচিলো
মোৰ ফালৰ পৰা সকলোকে নতুন বছৰ ও আহি থকা ভোগালী বিহুৰ অভিনন্দন জনাই তোমাৰ লগতে সপৰিয়ালকে মোৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালো
2024 Assamese Whatsapp status Assamese new year Whatsapp Status Video
মোৰ জীৱনৰ এটা শেষ ষ্টেটাছ। মোৰ শৰীৰ দিনে দিনে বেয়া হৈ আহিছে। ডাক্টৰে কৈছে মই আৰু মাত্ৰ কেইদিনমানৰ বাবেহে থাকিম। তাৰ পিছত মই অতীত হৈ যাম। তোমালোকে চিন্তা নকৰিবা। মোৰ উত্তৰপুৰুষ তোমালোকৰ লগত থাকিব আৰু তোমালোকক সুখ দিব। ইতি তোমালোকৰ 2023
কষ্ট দুখ ভয় এইবোৰ পাহৰি যোৱা। নতুন বছৰটোত প্ৰাণখুলি হাঁহা আনন্দৰে থাকা। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা 2024
কিছু দুখ কিছু সুখ 2023 ত আছিল। আজি সেয়া অতীত। তাৰ ঠাই পূৰাব আহিছে 2024। যিটো তোমাৰ পচন্দ তাক মন দি কৰা। খেয়াল ৰাখিবা যাতে তাত কাৰো ক্ষতি নহয়। মন দি কাম কৰি যোৱা তেতিয়া তোমাৰ সপোন তোমাৰ কাষলৈ নিজেই আহিব। হেপ্পী নিউ ইয়েৰ 2024
জীৱনটো বাস্তৱতে খুৱেই সহজ। কিন্তু আমি নিজে ইচ্ছা কৰি আমাৰ কাম কাজবোৰৰ মাধ্যমেৰে তাক জটিল কৰি তোলো। আশা কৰো নতুন বছৰত তোমাৰ জীৱনটোও যেন শৈশৱকালৰ নিচিনা সহজ সৰল হৈ উঠে।
বিগত বছৰটোত কৰা ভূলবোৰ শুধৰণি কৰাৰ সময় আহিছে। আহিছে এটা নতুন বছৰ। গুচি যোৱা সময়ক কাহানিওঁ উভতাই আনিব নোৱাৰি। কিন্তু আহিবলগীয়া সময়খিনিত আমাৰ নতুন কৰ্মসূচী ঠিক কৰিব পাৰি।
নতুন বৰ্ষৰ শুভেচ্ছা জনালো। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক।
নতুন বছৰ নতুন চিন্তাৰে নতুন উদ্যমেৰে সকলো বাধা নিউচি আগুৱাই যাওক সকলো। তাৰেই কামনা কৰি সকলোলৈ নৱ বৰ্ষৰ শুভেচ্ছা জনালোঁ।
সকলোলৈকে নতুন বছৰৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা থাকিল ,সকলোৰে আহিব লগীয়া দিনবোৰ যেন মধুময় হয় |
বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ স্মৃতিৰ মণিকুঠত ৰাখি নৱবৰ্ষত নতুন আশাৰে নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা শুভ কামনা জনালোঁ।
নতুন বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনালো। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক আৰু সুখেৰে উপচি পৰক।।
আশা কৰোঁ আপোনাৰ পৰিয়ালৰ সকলোৰে হাঁহিৰে নতুন বৰ্ষটো আৰম্ভ হৈ আৰু হাঁহিৰে শেষ হওঁক। নৱবৰ্ষৰ শুভকামনা জনালোঁ।
নতুন বৰ্ষৰ নতুন সংকল্প মই লৈছোঁ। নতুন সংকল্প বোৰ পূৰণ কৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম অত্যন্ত প্ৰয়োজন। Happy New Year 2024
2023 চনৰ কষ্টময় দিনবোৰ পুনৰায যাতে় ঘূৰি নাহক, তাৰে আশাৰে 2024 চনৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
নৱবৰ্ষৰ নৱ আলোকেৰে ন ৰূপত মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হওঁক। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
পেষ্টটো ফেচবুকতো শ্বেয়াৰ কৰক আৰু সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাওক
Happy New year to all of you .2k24
সুন্দৰ লিখনি ভাল লাগিল