3 Assamese Love Letter Which Melt Your Heart – Love Letter Writing Format
মৰমৰ প্ৰিয়তম
মৰম লবা।
সু শীতল জোনাকৰ পোহৰত ধুনীয়া ধৰিত্ৰীৰ বুকুৰ মাজত জীৱনৰ মিঠা মিঠা পলবোৰক মনত পেলাই তোমালৈ বুলি একলম লিখিবলৈ লৈছোঁ।আশা কৰোঁ মোৰ এই মৰমৰ অনুভৱবোৰক অনাদৰ নকৰি সাদৰেৰে তোমাৰ হৃদয়ত সাঁচি ৰাখা।
আশা কৰোঁ তুমি আৰু তোমাৰ ঘৰৰ সকলো মানুহ কুশলে আছা।তোমাৰ মনত আছে নে প্ৰিয়তম আজিযে প্ৰেমৰ দিৱস।আজিৰ দিনটোত মই ভগৱানৰ ওচৰত প্রার্থনা কৰিছোঁ আমাৰ এই সম্পৰ্কটো সদায় চিৰ যুগমীয়া হৈ ৰওক। আজিৰ দিনটো উদযাপনৰ নামত মই তোমাৰ পৰা দামী দামী উপহাৰ নিবিচাৰোঁ মাথোঁ বিচাৰোঁ তোমাৰ পৰা অলপ মৰম আৰু সময়।
ঐ, শুনা তোমাৰ মোক লগ পাবলৈ মন নাযায় নেকি বাৰু?মোৰ যে বহুত মন আছে তোমাক লগ পাবলৈ।তোমাৰ লগত অলপ সময় কটাবলৈ।কিমান যে ভাল লাগিব ন’।মই অলপো নোৰোৱাকৈ কথা কৈ যাম আৰু তুমি শুনি যাবা।কথাৰ মাজতে কান্ধত মূৰটো থৈ অলপ সময় জিৰাম,আকৌ আৰম্ভ কৰি দিম মোৰ এই বেবেৰিবাং কথাবোৰ।চিন্তা নকৰিবা তুমি, তোমাক মই দামী দামী ৰেষ্টুৰেণ্ট লৈ যাবলৈ লগ নধৰোঁ অথবা বাকী প্ৰেমিকাৰ দৰে লং ড্ৰাইভেট যাবলৈও নিবিচাৰোঁ।আমি দুয়ো খোজ কাঢ়ি ঘূৰি ফুৰিম ৰাস্তাৰ কাষেৰে নহলে নৈৰ পাৰে পাৰে আৰু তুমি মোক দামী বস্তু কিনি দিব নালাগে।ৰাস্তাৰ কিনাৰত যে থাকে ফুচকাৰ দোকানবোৰ তাত আমি দুয়োটাই লগ লাগি ফুচকা খাম দেই।
অহ! মইও যে কি ন’। অথনিৰে পৰা নিজৰ কথা বোৰকে কৈ আছোঁ।তুমি চিঠি খন পঢ়ি মোক পাগল বুলিয়েই ভাবিবা চাগে । হব আৰু নিলিখোঁ । বাকী বোৰ কথা লগ পালে কম দেই।
শেষত,
বহুত বেছি মৰম আৰু ভালপোৱা দিলোঁ। মা দেউতাকো চিঠিৰ যোগেদিয়ে মোৰ সেৱা জনালোঁ।সকলোবোৰ ঠিকে থাকিলে অতি সোনকালে লগ পোৱাৰ আশা কৰিলোঁ।মোৰ বিশৃংখল শব্দবোৰ পঢ়ি তুমি নাহাঁহিবা কিন্তু।।
ইতি
কুকী
(তোমাৰ চুনু)
কুকী মহন্ত
নীলা খামৰ চিঠি Assamese Love Letter 2
প্ৰীতিৰ,
‘অশ্ৰুস্মৃতি’
তোমালৈ মোৰ এনেয়ো বহু মৰম….। তথাপি বুকুৰ আঁচুতীয়া কোঠালি ভৰি আজিও জ্বলি আছে তোমালৈ বুলি এক সুকীয়া মৰম…।
কেনে আছা তুমি…?? তোমাৰ কুশলতাই মোৰ একমাত্র আৰাধনা । মোৰ কথা নুসুধিবা তুমি উশাহ ঘন হৃদয় মোৰ…! তেজত তুমৰলি হৈ থকা কলিজাৰ ধপধপনিবোৰ এতিয়া ক্ৰমাৎ বাঢ়িছে…। এৰাহ.. চন পৰি আছে মোৰ বুকুৰ পথাৰ…। বাৰিষাটোও ন’হা হ’ল ! খৰাং মোৰ বুকুৰ পথাৰত এজাক বৰষুণৰ চিপ-চিপনি তুলিবলে…। বেলিটোৱেও যে অহৰ্নিষে মোৰ বুকুত এতিয়া দুখৰ জুই জ্বলাই থাকে…!
তুমি জানানে ?? জোনাক ভালপোৱা মই এতিয়া অকণমান এন্ধাৰ বিচাৰি ফুৰোঁ…। হ’ল বুলিয়েই কিমান আৰু জোনক চাই চাই টুকুৰা সপোনৰ যোৰা লগাই বহি থাকিম…?? এতিয়া যে জোনেও মোলৈ চাই বিদ্ৰুপৰ হাঁহিহে মাৰে । জোনৰ বুকুৰ কজলা দাগবোৰে মোৰ বুকুত হুলে বিন্ধাদি বিন্ধে…!
কিয় জানানে তুমি ?? মোৰ মৰহা বুকুত বেদনাই ক’লা কৰা দাগবোৰ চুই চাব খোজে জোনজনীয়ে…। হয়তো অনুমান কৰিব খোজে- মোৰ দুখ বেছি নে তাইৰ…?? কিয় এচপৰা বিষাদৰ ডাৱৰ বুকুত বান্ধি প্ৰতিপল কৰি যাওঁ মই সুখৰ হাঁহিভৰা নাটক…??
স্মৃতিবোৰে বৰকৈ আমনি কৰাত কেতিয়ানো বুকুৰে দুখৰ হুমুনিয়াহ বোৰ সৰি পৰিল একোৱেই উমান নাপালোঁ । আমনি কৰিলো তোমাৰ ব্যস্ত জীৱনত । বেয়া নাপাবা । চেহ্…!! ময়ো কি বুৰ্বক !! বেয়া পাবলৈ তোমাৰ বুকুৰ কোনখিনিত আছেনো মোৰ বাবে ভালপোৱাৰ চকুলো…? বিৰহে বলিয়া কৰিছে শুকান হিয়া…। অতদিনৰ অভিমানবোৰ আজি আকৌ আখৈ ফুটাদি ফুটিছে । ভুল নুবুজিবা । আকৌ মোৰেই ভুল হৈ গ’ল…। কোনদিনা নো তুমি মোক বুজিব খুজিছিলা ? বতাহ এজাক হৈ হুৰমুৰকৈ সোমালাহি মোৰ বুকুত…. আৰু মোৰ তেজত এজাক দুখৰ ধূলি ধুমুহা এৰি গ’লা সকলো সপোন চুৰমাৰ কৰি…! কোন বাটে গুচি গ’লা সেয়াও নেদেখিলোঁ । ধুঁৱলি কুঁৱলী সন্মুখৰ বাট । দুখ উন্দুলি থকা দুচকুৰে একোকে নমনি…!
দুগাল সেমেকাই আকৌ বৈছে আজি স্মৃতিক জীপাল কৰি ৰখা মোৰ বুকুৰ দুখৰ লুণীয়া…।
এহ্…! মইনো এইবোৰ কিয় কৈ আছো তোমাক… পাহৰিছিলোৱেই মই… দুখবোৰ উজাই থাকোতে অতপৰ তোমাক আচল কথাটো কোৱাই নহ’ল…! পাহৰি নাথাকিবা তুমি…. “অহা মাহৰ আঁউসীৰ ৰাতি মোৰ সপোনৰ শ্ৰাদ্ধৰ তাৰিখ পৰিছে…
এপাহি মৰহা গোলাপ গুজি দিবাহি…
কিজানিবা মোৰ মৃত সপোনৰ
নিঠৰ কলিজা ভেদি
বৈ আহে কৃষ্ণচূড়া ৰঙৰ
তেজৰ স্ৰোতস্বিনী…!!! “
প্ৰান্তত
‘ ৰাজকমল ‘
১৪/০২/২০২১
শিৱসাগৰ
Assamese Love Letter 3
মৰমৰ প্রিয় ,
আৰম্ভণিতেই আপোনালৈ ঢেৰ মৰম আৰু শুভাশা ৷ আশা কৰো কুশলে আছে । মালৈ মোৰ মৰম আৰু শ্ৰদ্ধা জনাব দেই ।
আপোনাৰ চিঠিখন পালো । নতুন কাম এটা আৰম্ভ কৰিছে বুলি জানি বহুত সুখ পালো । বকোৰ বতৰ এতিয়া ডাৱৰীয়া ;আপোনাৰ লখিমপুৰলৈ ফাগুন আহিলে নাই ?
ফাগুনৰ লগতে মোৰ এতিয়া পৰীক্ষাৰ বতৰ । খুৱ পঢ়িব লাগে জানেনে ! মোৰ পৰীক্ষাটো শেষ হলেই লগ হম দেই । মোৰ যে ইমান মনত পৰে । আপোনাৰ দুচকীয়াখন লৈ আহিব এইবাৰ , অকণমান অৰঙে – দৰঙে ঘূৰিম । যোৱাবাৰৰ নিচিনাকৈ চকলেটকেইটা পেলাই থৈ নাহিব আকৌ ৰাস্তাতে । আৰু মোৰ আইচক্ৰীম পাৰ্টিটো দিব আছেয়েই ।
মোৰ আখৰবোৰ কাউৰীৰ ঠেঙৰ দৰে নহলেও মেকুৰীৰ ঠেং খন হ’লগৈ । বুজি নাপালে সুধি পঠাব দেই । মই যে একেবাৰেই সজাই লিখিব নাজানোঁ । শেহত কওঁ
“মন যায় মোৰো মন যায়…
মৰমেৰে সামৰিছোঁ অহা পাহৰিছোঁৱেই লগতে আৰনাই এখন পঠাইছোঁ ।
ইতি,
আপোনাৰ নৈ” খন