Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Assamese Facts About girls And Boy In Assamese Language

Some Facts About Assamese boys After Break Up | Unknown Facts About Assamese boys , Some Assamese Facts About girls | Unknown Facts About Assamese Girl
Assamese Facts About girls And Boy In Assamese Language

Assamese Facts About girls And Boy In Assamese Language

সম্পর্ক এটা যেতিয়া ভাঙি যায়, ছোৱালীজনী উচুপি উচুপি কান্দিবলৈ ধৰে। তাই নাজানে এই উচুপনিয়ে ছোৱালীজনীক জীৱলৈ শিকাইছে, ল'ৰা জনক পাহৰিবলৈ শিকাইছে।  তাই পাহৰিবলৈ আৰম্ভ কৰে । ছোৱালীৰ ভালপোৱা 'All or none Law' ধৰণৰ । কাৰোবাক ভালপালে সমগ্র মন প্রান দি ভালপাব , কোনো কাৰণত  ঘৃনা কৰিলে সৰ্বোচ্চ পৰিমাণে  ঘৃনা কৰিব। এই আপোন  পৰৰ  কথাবোৰত চৰম নিষ্ঠুৰতা থাকে

Some Facts About Assamese boys After Break Up | Unknown Facts About  Assamese boys

ল'ৰাবোৰৰ বাবে এইবোৰ সহজ নহয় । ব্রেক আপৰ পিছত সি সিদিনা ৰাতি খুব শান্তিত শুব । যেন বেছি একো হোৱাই নাই। পিছদিনা আপোন বন্ধুজনক কব  মোৰ ব্ৰেক আপ হল। পিছত নিজেই নিজক  শান্তনা দিব  "একো নহয় ,আৰু কিমান ছোৱালী আছে " তাৰপিচত অলপ অলপকৈ তাৰো বেয়া লাগিবলৈ ধৰে। প্ৰতিদিনৰ অভ্যাসবোৰে তাক  কষ্ট দিবলৈ ধৰে। ৰাতি ৰাতি ফোনৰ পুৰণি মেছেজবোৰে তাৰ হৃদয় পুৰি পেলায়।। খুব লাহে লাহে সি বুজে জীৱনৰ এটি সি হেৰুৱাই পেলাইছে। যাক এৰি সি অচল। হেৰুৱাই পেলোৱা মানুহজনীক পোৱাৰ বাবে সি তেতিয়া যুদ্ধ কৰিবলৈ ধৰে, তেতিয়ালৈ বহুত দেৰি হৈ যায়। তেতিয়ালৈকে সেই ছোৱালীজনীৰ বাবে হৈ পৰিছে সি অচিনাকি কোনোবা। হতাশাই বেঢ়ি ধৰে তাক। কিছুদিন আগয়ে set wet সানি ঠিয় কৰাই ৰখা চুলিবোৰে মলিয়ন হয়, ওলোটা পাক লয়। নিজৰ প্ৰতি খেয়ালী মানুহজন কোনদিন বনমানুহ হৈ পৰে কোনোৱে বুজিব নোৱাৰে। সকলো শেষ হলেই চিঞৰি চিঞৰি কন্দাটো মানুহৰ শেষ আশ্ৰয়। বিধাতাই সেয়াও তাক দিয়া নাই.

কিছুদিন আগেয়ে এজন ভাইটিৰ সৈতে মোৰ পৰিচয় হল । সি নিচাখোৰ । হাতত কতো ইনজেক্সচন দিবলৈ সিৰা বাকী নাই। সকলো সিৰাত সি নিজে ইনজেকশ্বন দিছে। ইউনিভাৰচিটিত পঢ়াৰ সময়ত মোবাইলত এজনী  ছোৱালীৰ সৈতে পৰিচয়। তাৰপিছত প্রেম, শেষত  ব্রেক আপ। ঘটনাটো ২০১১ ৰ । প্রবাসী এজন  ল'ৰাৰ সৈতে বিয়া  হৈ ভালদৰেই আছে এতিয়াও সেই ছোৱালীজনী। মাত্ৰ এই পাগলটোৰহে ৰাতিটো পাৰ নহয় । মাজে মাজে পাণবজাৰৰ ঘনশ্যামৰ চা দোকানত তাক দেখো। চিগাৰেটে পুৰি ওঠ দুটি ক'লা হৈ গৈছে , কিন্তু ভিতৰৰ ক্ষত দেখা পোৱা নাযায় । হয়তো সেয়া সম্ভবো নহয় ।নিকোটিনৰ ধোৱা এৰি এৰি সি এদিন নিজেই মোক কৈ উঠিল  "যন্ত্ৰনা দি যোৱা মানুহজন ভালেই থাকে আজীৱন ".

ফ্রেন্ডৰ কাজিন এজনী ছোৱালীক চিনি পাওঁ,যিজনী কিছুদিন আগতে এটি  মাল্টিনেশ্বনেল কোম্পানিত চাকৰি পাইছে ৷ তাই এজন লৰাৰ ৭ বছৰৰ ৰিলেশ্ব্যনত আছিল। ছোৱালীজনী দেখিবলৈ মাগুৰ বৰণীয়া  বাবে  লৰাজনৰ ফেমিলিয়ে তাইক এচেপ্ত নকৰিলে। লৰাজনে ২ বছৰ আগেয়ে অন্য এজনী ছোৱালীক বিয়া কৰি ঘৰ সংসাৰ কৰি চেটেল্ড। ছোৱালীজনীয়ে আজিকালি খং কৰে আৰু কয় ২য় বাৰলৈ তাই হেনো কাকো ভাল নাপায়।বিয়ায়েই নহয় কাৰো সৈতে।  মা দেউতাক ভায়েক আৰু চাকৰিটোক লৈ ব্যস্ত জীৱনটোত এনেদৰেই পাৰ কৰিব বাকী জীৱনটো।.মানুহে  এনেকুৱাও কৰে !! ভালপোৱাতো কিমান পাপ সেয়া  নাজানো, সেয়েই প্ৰায়শ্চিত্ত বহুত ডাঙৰ। । ভালপোৱাই কাৰোবাক ঋনী কৰি  তোলে  ,আৰু কোনোবাই গেটেই জীৱনটো পৰিশোধ কৰি থাকে।আজিকালি jio ৰ  যুগত মানুহে ভালপায় এজনক, আৰু প্ৰেমত পৰে দহজনৰ সৈতে। সেইবোৰক নাম দিছে crush । ভালপোৱাজন হেৰুৱালে এইবোৰৰ তালৈ হাত আগবঢ়ায় ।এই crush যুগতো  কঠিন কিছু মানুহ  আছে। সিহতৰ  চিষ্টেমটো অদ্ভুত। মাত্ৰ ভালপাবলৈ হে জানে, পহৰিবলৈ নিশিকে । সিহঁতে হয়তো এসময়ত দার্শনিক হৈ যায়, নহলে মাজ ৰাতি  কিবা কিবি কৰি  হস্পিটেলত ইমার্জেন্চিত ভিৰ কৰে।

-ভাবানুবাদ

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog