ৰাতিবোৰত হঠাৎতেই সাৰ পাই উঠো ৷ চিল মিল টোপনিটো ভাগি যায় ৷ কি যে ভয়ানক সপোনবোৰ আহি থাকে ৷ কোনেও হয়তো নুৱুজে ৷কেতিয়াবা আমিবোৰ এই পৃথিবীৰ আটাইকৈ অকলশৰীয়া মানুহ জন হৈ পৰো ৷ যিদৰে আমিবোৰ এদিন আহিছিলো ৷ আৰু এদিন গুচি যামগৈ ৷ আপোনজনে হয়তো কেইদিনমানৰ বাবে কান্দিব লাহে লাহে তেওলোকৰ মাজৰ পৰাও ইতিহাস হৈ যাম ৷ কেতিয়াবা কেতিয়াবা জীৱনটোৱেই এনেকুৱা হৈ যায় ৷ আহিছা অকলেই… উপভোগ কৰা অকলেই… গুচিও যাবা অকলেই ৷
ভালপোৱা ৷ হা হা ৷ একেবাৰেই ফাল্টু ৷ হয়তো মোৰ দৰে প্ৰতিজনে বুজে হয়তো কি ভালপোৱা, হয়তো কি বিষাদ, যেতিয়া টোপনি যাব খুজিলেও টোপনি নাহে ৷ যদি প্ৰচেষ্টা ৰ মুৰত সপোন আহিলেওঁ ভযংকৰ হৈ আহে
Jonakaxom is reader-supported. If you purchase through a link on my site, I may earn a commission. Disclosure Policy
দৰাচলতে এনেকুৱা হোৱা নাছিল ৷ যেতিয়া মেঘালীজনী আছিল ৷ যাৰ দুচকুৰ সিপাৰেই মোৰ সিমাহীন সপোন আৰম্ভ হৈছিল ৷ অইন দহজনৰ দৰে দেখা পোৱাৰ লগে লগে ভালপোৱা হোৱা নাছিল ৷ ভালপোৱাৰ সিহৰণ জাগিছিল ৷ এই যে তাই ৰ কাষৰে দুবাৰমান যাম বন্ধুবোৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিব ৷ কাষ পালেই জোকাব ৷কেতিয়াবা কেতিয়াবা তাই ক্লাছত থাকিব মইও আকৌ বাৰান্দাৰে এপাক মাৰি চাই যাম ৷ তাই হাহিব লগৰজনীক কিবা কৱ ৷ মই সপোন দেখিম পোৱা নোপোৱাৰ ৷ মই অনুভৱ কৰিবলৈ লম ভালপোৱাবোৰ সচাই ধুনীয়া …
শুনিলেই ভালেই লাগে, অভিজ্ঞতাও ধুনীয়া … যেতিয়া সপোনবোৰ গছকি যায় তাৰ মজাটোও ধুনীয়া
ভঙি যোৱা বস্তবোৰ ঘুৰাই পোৱাটো টান, সহজে জোৰা নালাগে আৰু সেইবোৰ ভাঙিবলৈও টান যত আপোনাৰ স্মৃতি বিতাড়িত হৈ থাকে ৷ হয়তো ভাঙি দিয়াৰ আগতে তাইয়ো ভবা নাছিল ৷ আৰু ভাঙিব বুলি জানিও মই আগবঢ়াই দিছিলো “এষাৰ লোৱা হৃদয়খন ৷ আজিৰ পৰা তোমাৰেই ইয়াৰ ওপৰত সৰ্বঅধিকাৰ ৷ “
ছেন্টি৷ You can’t avoid pain. No matter what you do in life .. Pain makes you stronger. Tears make you braver.. .ওকে ওকে ৷ .. আৰু ভালপোৱা ৷ লগৰ কোনোৱাই কৈ দিব ৷ “আৰে ইয়্যাৰ নতুন লৈ ল ৷ তই এনেও ধুনীয়া ৷ ” যদি মই সোধো ভালপোৱা ? কৈ দিব ৷ ভালপোৱাবোৰ তো ভালপোৱাই হৈ ৰয় ৷ মাঠো মানুজন সলনি হয় ৷ নাই মই মানি নলও ৷ যিজন মোৰ নহয় ৷ যাৰবাবে মই আজিও দুখীও হৈ ৰয় ৷ যিজনৰ মোক বুজিবলৈ সমৰথই নাথাকিল সেইজনতো মোৰ নহয় ৷ আৰু ভালপোৱা আৰু বিষাদ লোৱা ৷ কোনোৱা আহিব বুলি অপেক্ষাত ৰোৱা ৷ কিবা যেন আধৰুৱা এইবোৰ কথা
Join The Community
Join the completely free JonakAxom Facebook Group and connect with an awesome community of rockstar individuals who are passionate about building fast, profitable WordPress sites to grow their businesses. Come say hi! 👋